ETV Bharat / health

শ্ৰীকৃষ্ণৰ ভক্তসকলৰ বাবে সুখবৰ ! শীঘ্ৰেই দৰ্শন কৰিব পাৰিব দ্বাৰকাধীশ চহৰৰ সৌন্দৰ্য

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 7:08 PM IST

Indias first submarine tourism: ভগৱান কৃষ্ণৰ পানীত ডুব গৈ থকা চহৰখন এতিয়া সকলো ভক্তই দৰ্শন কৰিব পাৰিব । ইয়াৰ বাবে বিশেষ ছাবমেৰিন প্ৰকল্প প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ সহায়ত ভক্তসকলে এতিয়া সাগৰৰ ৩০০ ফুট তললৈ গৈ শ্ৰীকৃষ্ণৰ এই চহৰখন প্ৰত্যক্ষ কৰিব পাৰিব ।

Devotees can now experience the stunning beauty of the underwater city of Dwarkadhis
শ্ৰীকৃষ্ণৰ ভক্তসকলৰ বাবে সুখবৰ! শীঘ্ৰেই দৰ্শন কৰিব পাৰিব দ্বাৰকাধীশ চহৰৰ সৌন্দৰ্য

পৰ্যটনৰ ক্ষেত্ৰখনত আমাৰ দেশে দিনক দিনে কিমান সফলতা লাভ গৈছে, সেয়া হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই । ইয়াৰ প্ৰমাণ আমি নিজ চকুৰে দেখা পাইছো । শেহতীয়াকৈ সাগৰৰ তলতো পৰ্যটনৰ এক বিশেষ স্থান নিৰ্মাণ কৰিছে ভাৰত চৰকাৰে ৷ হয়, ভগৱান কৃষ্ণৰ পানীত ডুব গৈ থকা চহৰখন এতিয়া সকলো ভক্তই দৰ্শন কৰিব পাৰিব । ইয়াৰ বাবে বিশেষ ছাবমেৰিন প্ৰকল্প প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ সহায়ত ভক্তসকলে এতিয়া সাগৰৰ ৩০০ ফুট তললৈ গৈ শ্ৰীকৃষ্ণৰ এই চহৰখন প্ৰত্যক্ষ কৰিব পাৰিব । ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ কাম পূৰ্ণগতিত চলি আছে আৰু ইয়াৰ সেৱাসমূহ এই বছৰ দেৱালীৰ সময়ত আৰম্ভ হ'ব ৷

অৱশ্যে, এতিয়ালৈকে ইয়াৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ৷ ৰাজ্য চৰকাৰে চৰকাৰী কোম্পানী 'ডক শিপইয়ৰ্ড'ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ৷ ইয়াৰ লগতে দ্বাৰকাত আৰৱ সাগৰত এখন কেবল দলং নিৰ্মাণ কৰা হৈছে ৷ প্ৰতিবেদন অনুসৰি, ছাবমেৰিনৰ পৰা ইয়াৰ ভ্ৰমণ প্ৰায় আঢ়ৈ ঘণ্টা হ'ব ৷ একে সময়তে ৩০ জন লোকে এই ছাবমেৰিনত বহি পানীৰ তললৈ যাব পাৰিব ৷ প্ৰতিখন আসনত খিৰিকী থাকিব ৷ অৰ্থাৎ, আসনবোৰ এটা শাৰীতে থাকিব, যাতে মানুহে সহজে সামুদ্ৰিক পৰিৱেশ উপভোগ কৰিব পাৰে ৷

আনহাতে, জৰুৰীকালীন অৱস্থাৰ বাবে প্ৰতিজন যাত্ৰীক অক্সিজেন মাস্ক, ফেচ মাস্ক, স্কুবা পোছাক দিয়া হ'ব ৷ একে সময়তে, ছাবমেৰিনত ভিডিঅ' কনফাৰেন্সিংৰ দৰে সুবিধাও উপলব্ধ হ'ব ৷ যাৰ দ্বাৰা আপুনি ছাবমেৰিনত বহি সকলো ধৰণৰ কাৰ্যকলাপ চাব পাৰিব, লগতে ইয়াক স্ক্ৰীণত ৰেকৰ্ডো কৰিব পাৰিব ৷

লগতে পঢ়ক: কাটাৰৰ পৰা ভাৰতীয় নৌসেনাৰ ৮ প্ৰাক্তন জোৱানক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.