ETV Bharat / health

পাকঘৰত ৰন্ধাৰ সময়ত কৰে নেকি এইসমূহ ভুল ? স্বাস্থ্যৰ পক্ষে হ’ব পাৰে লোকচানদায়ক - Cooking Mistakes

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 6:48 PM IST

Common Cooking Mistakes: আমি প্ৰতিদিনে পাকঘৰত নজনাকৈ কিছুমান এনে ভুল কৰো যি একেবাৰেই উচিত নহয় ৷ লগতে এই ভুলে বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে । আজি এই বিষয়ে জানো আহক-

Cooking Mistakes
পাকঘৰত ৰন্ধাৰ সময়ত কৰে নেকি এইসমূহ ভুল ? স্বাস্থ্যৰ পক্ষে হ’ব পাৰে লোকচানদায়ক (ETV Bharat)

ৰন্ধা-বঢ়াৰ সময়ত হোৱা কিছুমান সাধাৰণ ভুলে খাদ্যৰ সোৱাদ আৰু গুণগত মান দুয়োটাতে নেতিবাচক প্ৰভাৱ পেলায় । আপোনাৰ কিছুমান ভুলে স্বাস্থ্যসন্মত খাদ্যত থকা পুষ্টিকৰ উপাদানৰ মানদণ্ডত নেতিবাচক প্ৰভাৱ পেলায়, যাৰ বাবে শৰীৰে উপযুক্ত পুষ্টি লাভ নকৰে । ইচ্ছা কৰিলে পাকঘৰৰ এই সৰু সৰু ভুলবোৰ সহজেই পৰিহাৰ কৰি খাদ্য সামগ্ৰীৰ মূল সোৱাদ আৰু পুষ্টি বজাই ৰাখিব পাৰি । সুস্বাস্থ্যৰ বাবে আপোনাৰ পাকঘৰত এই ভুলবোৰ পুনৰাবৃত্তি নকৰাটো ভাল ।

মাংস বা মাছ

বাহিৰৰ পৰা মাংস অনাৰ পিছত আমি ফ্ৰীজত ৰাখো । পিচত ৰান্ধিবৰ সময়ত ইয়াক উলিয়াই পোনে পোনে ৰান্ধিবলৈ লও । বিশেষজ্ঞসকলে কয় যে এনে কৰাটো আমাৰ স্বাস্থ্যৰ পক্ষে অতি ক্ষতিকাৰক । কোৱা হয় যে ফ্ৰীজৰ পৰা পোনপটীয়াকৈ মাংস কেৰাহীত ঢালি ৰান্ধিবলৈ আৰম্ভ কৰিলে স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয় । ৰন্ধা কমেও এঘণ্টা বা আধা ঘণ্টা আগতে মাংসখিনি মুকলিকৈ ৰখাৰ অভ্যাস কৰক ।

আলু আৰু পিঁয়াজ

বছৰ বছৰ ধৰি বহুতে কৰা এটা ভুল হ’ল আলু আৰু পিঁয়াজ একে ঠাইতে ৰখা । এই দুয়োটা গেছ উৎপাদনকাৰী পদাৰ্থ । এইবোৰে ইটোৱে সিটোক নষ্ট কৰে । সেইবাবেই দুয়োটাকে পৃথকে পৃথকে শুকান ঠাইত ৰাখিলে ভাল।

আদাৰ বাকলি আঁতৰোৱা

বহুতৰে আদাৰ বাকলি আঁতৰোৱা অভ্যাস আছে । এনে কৰিলে আপুনি বাকলিৰ লগতে আদাও যথেষ্টখিনি নষ্ট কৰে । ইয়াৰ পৰিৱৰ্তে যদি আপুনি এখন চামুচেৰে আদাৰ বাকলি আঁতৰায়, তেন্তে ই অতি সহজে আঁতৰ হোৱাই হোৱাই নহয়, আদা বেছিকৈ অপচয় হোৱাৰ পৰাও ৰক্ষা কৰিব পাৰিব ।

মৌ উলিয়াওতে

প্ৰতিবাৰেই আমি কেনৰ পৰা মৌ উলিয়াওতে মাত্ৰ আধা মৌহে আমাৰ গিলাচ বা বাটিত পৰে । বাকীখিনি চামুচত লাগি থাকে। এইবাৰৰ পৰা মৌ উলিওৱা পূৰ্বে পাত্ৰৰ পৰা মৌখিনি উলিয়াই থাকোঁতে চামুচখন গৰম পানীত ডুবাই মৌ উলিয়াবলৈ চেষ্টা কৰি চাওক চাব চামুচত খুব কমকৈহে মৌ লাগিছে ।

ফ্ৰীজত বিলাহী

আমি সপ্তাহটোৰ বাবে যথেষ্ট শাক-পাচলি আনি ফ্ৰীজত ভৰাই থও । কিন্তু বিশেষজ্ঞসকলে কয় যে বিলাহী ফ্ৰীজত ৰখাটো ভাল অভ্যাস নহয় । কোৱা হয় যে এনে কৰিলে বিলাহীয়ে নিজৰ সোৱাদ আৰু পুষ্টিকৰ উপাদানবোৰ হেৰুৱাই পেলায় ।

ছপিং পেডৰ ক্ষেত্ৰত

সাধাৰণতে আমি শাক-পাচলি কাটি লোৱাৰ লগে লগে কাঠৰ ছপিং বৰ্ডখন বহুসময় পানীত থৈ দিয়ে ৷ কিন্তু বিশেষজ্ঞসকলে কয় এনে কৰিলে সোনকালে কাঠৰ ছপিং বৰ্ডখন পচিবলৈ আৰম্ভ কৰে ৷

আলু ৰন্ধাৰ সময়ত

আলু ৰান্ধি থাকোঁতে বহুতে আলুখিনি উতলা পানীত ঢালি দিয়ে । এয়া সঠিক পদ্ধতি নহয় । এনে কৰিলে আলুবোৰ বাহিৰৰ পৰাহে সিজিব ভিতৰৰ পৰা ই কেঁচা ৷ ইয়াৰ বাহিৰেও বিশেষজ্ঞসকলে কৈছে যে ঠাণ্ডা পানীত অলপ নিমখ দি তাত সিজালে আলু সোনকালে আৰু সম্পূৰ্ণকৈ সিজিব ।

লগতে পঢ়ক: সৰিয়হৰ তেল বনাম ৰিফাইণ্ড অইল : স্বাস্থ্যৰ বাবে কোনবিধ উত্তম ? - Best Cooking Oil For Health

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.