সকলো শিশুৰেই নিজা নিজা স্বভাৱ আছে নিজস্ব ইচ্ছা থাকে ৷ কিছুমান শিশুয়ে যদি সকলোৰে সৈতে সময় অতিবাহিত কৰি ভাল পায় তেন্তে আন কিছুমান শিশুৱে আকৌ খুব সৰু সৰু কথাত ভয় খায় ৷ প্ৰকৃততে, এয়া তেওঁলোকৰ বিকাশৰ এটা স্বাভাৱিক অংশ ৷ ধৈৰ্য, বুজাবুজি আৰু আশ্বাসৰ শব্দৰে আপুনি আপোনাৰ সন্তানটিৰ মনৰ পৰা ভয় দূৰ কৰিব পাৰে ৷ আজি এই বিষয়ে আৰু বিতংভাৱে জানো আহক-
ভয়ৰ কাৰণ
সৰু ল'ৰা-ছোৱালীৰ ভয়ৰ বিকাশ এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ ইয়াৰ কাৰণ বিভিন্ন কাৰক হ'ব পাৰে, যেনে:
- নতুন আৰু অজ্ঞাত পৰিস্থিতি: শিশুৱে নতুন বস্তু আৰু চাৰিওফালৰ পৰিৱেশক প্ৰতি ভয় কৰিব পাৰে, কিয়নো এইসমূহ তেওঁলোকৰ বাবে অপৰিচিত ৷
- হঠাৎ ডাঙৰকৈ শব্দ হ’লে: শিশুৱে হঠাৎ হোৱা প্ৰচণ্ড শব্দত ভয় কৰিব পাৰে ৷
- সংগৰ ভয়: শিশুৱে তেওঁলোকৰ পিতৃ-মাতৃৰ পৰা পৃথক হোৱাৰ বাবে উদ্বিগ্ন অনুভৱ কৰিব পাৰে, যিটো এটা মুখ্য কাৰণ হয় ৷
- আন্ধাৰৰ ভয়: আন্ধাৰত কিবা দেখা বা বুজিপোৱাত অসুবিধা হোৱাৰ বাবে শিশুৱে ভয় খাব পাৰে ৷
- কল্পনা আৰু কাহিনী: শিশুৱে তেওঁলোকৰ কল্পনাত ভূত বা কাল্পনিক চৰিত্ৰক ভয় কৰিবলৈ আৰম্ভ কৰে ৷
শিশুৰ ক্ষেত্ৰত ভয়ৰ লক্ষণ
শিশুৰ ক্ষেত্ৰত যদি কোনো ক্ষেত্ৰত ভয় খায় তেন্তে এই লক্ষণ দেখা দিব পাৰে-
- ৰাতি হঠাৎ সাৰ পোৱা: শিশুৱে প্ৰায়ে টোপনিত হঠাতে সাৰ পায় আৰু কিবা ভয় লগা অভিযোগ কৰে ৷
- পিতৃ-মাতৃক সাবটি লোৱা: শিশুৱে ভয়ৰ বাবে পিতৃ-মাতৃৰ ওচৰত থাকিবলৈ বিচাৰে আৰু তেওঁলোকৰ পৰা আঁতৰি যাবলৈ উদ্বিগ্ন হয় ৷
- শাৰীৰিক লক্ষণ: ভয়ৰ বাবে শিশুৰ ক্ষেত্ৰত ঘাম ওলোৱা, দ্ৰুত হৃদস্পন্দন, তোতলা বা কঁপনি দেখা যাব পাৰে ৷
- খেলিবলৈ বা বাহিৰলৈ যাবলৈ অনিচ্ছা: শিশুৱে খেলৰ সময়ত নতুন ঠাইলৈ যাবলৈ বা আনৰ সৈতে সংযোগ কৰিবলৈ ভয় কৰিব পাৰে ৷
- হঠাতে খং বা কান্দোন: এক নিৰ্দিষ্ট পৰিস্থিতিত শিশু এটাই বাৰে বাৰে কান্দিব পাৰে বা খিংখিঙীয়া হ'ব পাৰে ৷
শিশুটোৰ ভিতৰৰ ভয় কেনেদৰে দূৰ কৰিব পাৰি ?
- বুজিবলৈ চেষ্টা আৰু ধৈৰ্য্য: শিশুৰ ভয় বুজিবলৈ অভিভাৱকসকল সংবেদনশীল আৰু ধৈৰ্য্যশীল হ'ব লাগে ৷ তেওঁলোকৰ ভয় স্বাভাৱিক ৷
- শিশুক সুৰক্ষাৰ অনুভূতি প্ৰদান কৰা: শিশুক আত্মবিশ্বাস দিব যে তেওঁলোক সুৰক্ষিত ৷তেওঁলোকৰ ভয় হ্ৰাস কৰিবৰ বাবে আলিঙ্গন কৰিব, ওচৰত বহি কথা পাতিব ৷
- খেলৰ জৰিয়তে সমাধান: শিশুটোক ভয়ৰ অৱস্থাক খেলিমেলি ধৰণে বৰ্ণনা কৰা আৰু ইয়াক এক স্বাভাৱিক পৰিঘটনা হিচাপে দেখুওৱা ৷
- ভয়ৰ সন্মুখীন হোৱা: যদি সন্তানে আন্ধাৰলৈ ভয় কৰে, তেনেহ'লে কোঠাৰ পোহৰ লাহে লাহে অফ কৰক আৰু সিহঁতক বুজাই দিয়ক যে ইয়াত ভয়ৰ কোনো কাৰণ নাই আৰু ইয়াৰ সৈতে অভ্যাস কৰিবলৈ দিয়ক ৷
- সাধুকথা কোৱা: ভয় দূৰ কৰিবলৈ ইতিবাচক কাহিনী ক'ব আৰু উদাহৰণ দিব, যিয়ে শিশুৰ মনৰ পৰা নেতিবাচকতা আঁতৰ কৰিব পাৰে ৷ ভয়লগা বা কোনো ভূত আদি কাহিনী কোৱাৰ পৰা বিৰত ইয়াৰ ফলত তেওঁলোকৰ ভয় আৰু বাঢ়িব পাৰে ৷
- নিয়মীয়া ৰুটিন: শিশুৰ ৰুটিন স্থিৰ ৰাখিব যাতে সিঁহতে সুৰক্ষিত আৰু আত্মবিশ্বাসী অনুভৱ কৰে ৷
বি.দ্ৰ: যদি শিশু এটাৰ ভয় দীঘলীয়া সময়ৰ বাবে থাকে বা অতি গুৰুতৰ হয়, পলম নকৰি শিশু মনোৰোগ বিশেষজ্ঞৰ পৰা পৰামৰ্শ ল'ব ৷