ETV Bharat / health

আমিষ খাদ্য আপোনাৰ প্ৰিয় নেকি ? তেন্তে আপুনি ভুগিব পাৰে এই ৰোগত - Type 2 Diabetes

author img

By ETV Bharat Health Team

Published : Aug 21, 2024, 4:01 PM IST

Is Non Veg Cause Diabetes: কেৱল মিঠা খাদ্য খালেই চুগাৰ নহয় । প্ৰতিবেদন অনুসৰি যদি আপুনি আমিষ খাদ্য খায় তেন্তে আপোনাৰ টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়ি যায় ।

The Lancet Diabetes and Endocrinology
আমিষ খাদ্য আপোনাৰ প্ৰিয় নেকি ? তেন্তে আপুনি ভুগিব পাৰে এই ৰোগত (FREEPIK)

ডায়েবেটিছ কেৱল এটি দুৰাৰোগ্যই নহয়, ই এক মাৰাত্মক ৰোগো ৷ সমগ্ৰ বিশ্বতে ইয়াৰ ৰোগীৰ সংখ্য দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ এনে পৰিস্থিতিত যদি আপুনি আমিষ খাদ্য খাবলৈ ভাল পায় তেন্তে আপুনি নিজেই এই ৰোগক নিমন্ত্ৰণ জনাইছে ৷

হয়, দক্ষিণ-পূব এছিয়াকে ধৰি বিশ্বৰ ২০খন দেশৰ ১৯ লাখতকৈও অধিক প্ৰাপ্তবয়স্ক লোকৰ ওপৰত কৰা এক অধ্যয়ন অনুসৰি ৰঙা মাংস খোৱাৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায় ৷ জানো আহক এই প্ৰতিবেদনত আৰু কি কি গুৰুত্বপূৰ্ণ তথ্য আছে-

ৰঙা মাংস খালে মধুমেহ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়

‘দ্য লেন্সেট ডায়েবেটিছ এণ্ড এণ্ড’ক্ৰিন’লজি’ (The Lancet Diabetes and Endocrinology) নামৰ আলোচনীখনত প্ৰকাশিত এক বিশ্লেষণত দেখা গৈছে যে দৈনিক ৫০ গ্ৰাম প্ৰচেছড মাংস, ১০০ গ্ৰাম অপ্ৰচেছড ৰঙা মাংস আৰু ১০০ গ্ৰাম হাঁহ-কুকুৰাৰ মাংস খালে টাইপ-২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা ১৫ শতাংশ, ১০ শতাংশ আৰু 8 শতাংশলৈ বৃদ্ধি পায় ৷

মানুহে ৰঙা মাংস বেছিকৈ খাইছে

আমেৰিকা, ব্ৰিটেইন, ব্ৰাজিল, মেক্সিকোকে ধৰি অন্যান্য দেশৰ গৱেষকৰ এটা আন্তঃৰাষ্ট্ৰীয় দলে কয় যে বিশ্বৰ বহু অঞ্চলত মানুহে জোখতকৈ অধিক মাংস খায় ৷ যাৰ বাবে টাইপ-২ ডায়েবেটিছকে ধৰি অসংক্ৰামক ৰোগৰ সম্ভাৱনা দ্ৰুতগতিত বৃদ্ধি পাইছে ৷

ৰঙা মাংস খোৱা বেছিভাগ মানুহে ডায়েবেটিছ ৰোগত আক্ৰান্ত

এই অধ্যয়নৰ বাবে গৱেষকসকলে ৩১টা গোট অন্তৰ্ভুক্ত কৰিছিল, যাৰ বাবে বৈজ্ঞানিক অধ্যয়ন আৰু অনলাইন পঞ্জীয়নৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছিল ৷ এই অধ্যয়নত অংশগ্ৰহণ কৰা ১৯,৬৬,৪৪৪ জন লোকৰ ভিতৰত এক লাখতকৈ অধিক লোকৰ টাইপ-২ ডায়েবেটিছ আছিল, যিটো সাধাৰণতে ১০ বছৰলৈকে থাকে ৷

লগতে পঢ়ক: আন্তৰ্জাতিক প্ৰিডায়েবেটিছ দিৱস: ইতিহাস, লক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা - Prediabetes Day

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.