ETV Bharat / health

আপুনিও আমপ্ৰেমী নেকি ? সাৱধান হওক আৰু আমৰ পৰা দূৰত্ব বজাই ৰাখক, FSSAIএ দিলে সকিয়নী - Artificially Ripened Mango

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 7:30 PM IST

Artificially Ripened Mango: আমক ফলৰ ৰজা বুলি কোৱা হয়, আমাৰ মাজৰ বেছিভাগেই ইয়াৰ সোৱাদ উপভোগ কৰি ভালপায়, কিন্তু আপুনি জানেনে যে এই ফলটোও কৃত্ৰিমভাৱে পকোৱা হয় আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ কেনেদৰে অৱনতি ঘটিব পাৰে ৷

Are you also a mango lover? So be careful now and stay away from mangoes, FSSAI warns
আপুনিও আমপ্ৰেমী নেকি ? সাৱধান হওক আৰু আমৰ পৰা দূৰত্ব বজাই ৰাখক, FSSAIএ দিলে সকিয়নী (FREEPIK)

আম খাই কোনেনো ভাল নাপায় পকা হওক বা কেঁচা দুয়োটাৰে নিজস্ব এক বিশেষ সোৱাদ আছে আৰু বৰ্তমান গছতো আম পকিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু হয়তো আপুনি এই কথা নিশ্চয় লক্ষ্য কৰিছে যে গছত আম পকাৰ আগতেই বজাৰত আম কেনেকৈ উপলব্ধ পাৰে ৷ ইতিমধ্যে বহু বজাৰত ইতিমধ্যে আম উপলব্ধও হৈছে ৷

আপোনালোকক জনাই দিও যে, এই আমক কৃত্ৰিমভাৱে প্ৰস্তু কৰা হয়, য’ত বহুতো বিপদজনক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় ৷ এই ৰাসায়নিক পদাৰ্থবোৰে আমাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে ৷ সেয়ে আমৰ বতৰ নহালৈকে আম নোখোৱাটোৱে আপোনাৰ শৰীৰৰ বাবে মংগল ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ (FSSAI)এ এই সন্দৰ্ভত জনসাধাৰণক সকীয়াই দিছে ৷

আমপ্ৰেমীক সকীয়াই দিলে FSSAIএ

FSSAIএ ইয়াৰ ওপৰত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে, নিশ্চিত কৰক যে আপোনাৰ আম #FSSAI দ্বাৰা নিৰ্ধাৰিত মানদণ্ড অনুসৰি কৃত্ৰিমভাৱে পকিছে ৷"

কেলচিয়াম কাৰ্বাইড দি পকোৱা আম বিপদজনক

বজাৰত উপলব্ধ আম ক্ৰয় কৰাৰ পূৰ্বে এটা কথা মনত ৰাখিব যে, যদি কেলচিয়াম কাৰ্বাইডৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰে পকোৱা হৈছে, তেন্তে এই ৰসাল আমবোৰে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰিব পাৰে ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষই আম পকোৱাত এনে ধৰণৰ পদ্ধতিত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে ৷ এই ৰাসায়নিক পদাৰ্থবোৰে স্বাস্থ্যৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিব পাৰে ৷

অনিয়মৰ অভিযোগ কাৰ ওচৰত কৰিব ?

আপুনি জনা উচিত যে, আপুনি খাবলৈ লোৱা আমবোৰ প্ৰাকৃতিকভাৱে পকা হ’ব লাগে নে FSSAIৰ নিৰ্দেশনা অনুসৰি পকোৱা হ’ব লাগে ৷ যদি আপুনি কোনো ব্যৱসায়ীয়ে নিৰ্ধাৰিত মানদণ্ড অনুসৰি আম পকোৱা নাই বুলি আপুনি তথ্য লাভ কৰে, তেন্তে তৎক্ষণাত আপোনাৰ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য আয়ুক্তৰ ওচৰত অভিযোগ কৰিব পাৰে ৷

লগতে পঢ়ক: আম নকটাকৈয়ে কেনেকৈ জানিব পকা নে কেঁচা ? জানি লওক এই টিপছ - MANGO PURCHASING TIPS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.