ETV Bharat / entertainment

বলীউডৰ প্ৰবীণ অভিনেতা-ৰাজনীতিক শত্ৰুঘ্ন সিনহাক হাস্পতালত ভৰ্তি - Shatrughan Sinha Hospitalised

author img

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 8:10 PM IST

SHATRUGHAN SINHA UNWELL : ভাইৰেল জ্বৰ আৰু দুৰ্বলতাৰ বাবে শত্ৰুঘ্ন সিনহাক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি কৰোৱা হৈছে । পুত্ৰ লৱ সিনহাই নিশ্চিত কৰে এই কথা ৷

Etv Bharat
Etv Bharat (Etv Bharat)

চিটাৰা ডেস্ক, 30 জুন: বলীউডৰ প্ৰবীণ অভিনেতা শত্ৰুঘ্ন সিনহাক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত ভৰ্তি ৷ 77 বছৰীয়া অভিনেতা তথা ৰাজনীতিকজনৰ পুত্ৰই সদৰী কৰে এই কথা ৷ বিগত কিছুদিন পূৰ্বে জীয়ৰী সোণাক্ষীৰ বিবাহৰ পিছৰে পৰা প্ৰবীণ অভিনেতাগৰাকীয়ে ভাইৰেল জ্বৰত ভূগি থকাৰ কথা প্ৰকাশ কৰি পুত্ৰ লৱ সিনহাই পিতৃক হাস্পতালত ভৰ্তি কৰোৱা বুলি নিশ্চিত কৰে ৷

প্ৰেমিক জাহিৰ ইকবালৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা সোণাক্ষী সিনহাৰ পিতৃয়ে বিবাহৰ পূৰ্বে লোকসভা নিৰ্বাচনৰ প্ৰচাৰকাৰ্যত জড়িত হৈ আছিল ৷ তৃণমূল কংগ্ৰেছৰ সাংসদগৰাকীয়ে পশ্চিমবংগৰ আছানচোল সমষ্টিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা আগবঢ়াই ৫৯,৫৬৪ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে ৷

লগতে পঢ়ক: বিবাহৰ পিচত একেলগে দেখা গ’ল সোণাক্ষী-জাহীৰক : ভিডিঅ’ ভাইৰেল - Newlyweds Sonakshi Zaheer

উল্লেখ্য যে, বিগত 28 জুনত সোণাক্ষী আৰু জাহিৰক চিকিৎসালয় চৌহদৰ পৰা ওলাই যোৱা প্ৰত্যক্ষ কৰে বহুতে ৷ যাক লৈ অনুৰাগীসকলৰ মাজত যথেষ্ট কৌতুহল সৃষ্টি হোৱাও দেখা গৈছিল ৷ নেটিজেনে আকৌ বিবাহৰ পিছতে হাস্পতাললৈ যোৱাটোক লৈ আমোদজনক উৰাবাতৰিও বিয়পাইছিল ৷ কিন্তু নৱবিবাহিত দম্পতীটোৱে পিতৃক সাক্ষাৎ কৰিবলৈ হাস্পতাল যোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে ৷

লৱে সোণাক্ষীৰ বিবাহত উপস্থিত নথকাক লৈও নেটিজানৰ মাজত চলিছিল চৰ্চা ৷ কিন্তু সকলো অভিযোগ অস্বীকাৰ কৰি লৱে কয় যে, তেওঁৰ বাবে পৰিয়াল সদায়ে প্ৰথম ৷ বিবাহত নথকাৰ সিদ্ধান্ত একান্ত ব্যক্তিগত ৷ সেয়া ৰাজহুৱা কৰিব নোৱাৰি ৷

বিগত 23 জুনত সাত বছৰীয়া প্ৰেমক সামাজিক স্বীকৃতি দিয়ে সোণাক্ষী-জাহিৰে ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ উপস্থিতিত বিবাহ পঞ্জীয়ন কৰে তেওঁলোকে ৷ নৱ বিবাহিত দম্পতীটোৱে যুগ্মজীৱনৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অনুৰাগীসকলক অৱগত কৰে । তাৰপিচত তেওঁলোকে আড়ম্বৰপূৰ্ণ অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে ৷ সেই অনুষ্ঠানৰ পৰা বিভিন্ন ফটো-ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

লগতে পঢ়ক: বিয়াৰ ৪ দিনৰ পিচতে হাস্পতাল পালেগৈ সোণাক্ষী-জাহীৰ : উৎসুক অনুৰাগীৰ জাউৰিয়ে জাউৰিয়ে প্ৰশ্ন - Sonakshi Sinha Zaheer Iqbal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.