ETV Bharat / entertainment

ধৰ্মক লৈ ট্ৰ’ল কৰাসকলক ছাৰা আলী খানে দিলে উপযুক্ত প্ৰত্যুত্তৰ - Sara Ali Khan on trolls

author img

By ETV Bharat Assamese Team

Published : Mar 21, 2024, 1:43 PM IST

Sara Ali Khan on trolls: ছাৰা আলী খানক প্ৰায়ে ছ’চিয়েল মিডিয়াত ট্ৰ’ল কৰা হয় তেওঁৰ ধৰ্মক লৈ ৷ যিহেতু ছাৰাই নিজৰ উপাধি আলী খান লিখে সেইবাবে তেওঁ মন্দিৰ যোৱাৰ বাবে প্ৰায়ে তেওঁক ট্ৰ’ল কৰা হয় ৷ এতিয়া ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাৰাই ৷ কি ক’লে ছাৰাই এই সন্দৰ্ভত জানো আহক এই প্ৰতিবেদনত ৷

Sara Ali Khan talks about trolling over her surname and temple visit
ধৰ্মক লৈ ট্ৰ’ল কৰা সকলক ছাৰা আলী খানে দিলে উপযুক্ত প্ৰত্যুত্তৰ

চিটাৰা ডেস্ক, ২১ মাৰ্চ: আজি মুক্তি পালে ছাৰা আলী খানৰ অভিনীত ছবি ‘এ ৱতন মেৰে ৱতন’। এই ছবিখন অ’টিটি প্লেটফৰ্ম আমাজন প্ৰাইমত মুক্তি দিয়া হৈছে ।ছবিখনক লৈ বহুদিনৰ পৰা চৰ্চাত আছিল ছাৰা আলী খান ৷ অৱশ্যে ছাৰা প্ৰায়ে নিজৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবেও শিৰোনামত থাকে । ছাৰাৰ ধৰ্মক লৈ নেটিজেনে প্ৰায়ে প্ৰশ্ন উত্থাপন কৰে । ছাৰাই তেওঁৰ উপাধিত লিখে আলী খান, কিন্তু তেওঁ দৰগাহৰ লগতে মন্দিৰলৈও যায়, যাৰ বাবে প্ৰায়ে ট্ৰ’লৰ সন্মুখীন হয় ৷ এতিয়া অভিনেত্ৰীগৰাকীয়ে তেওঁক ট্ৰ’ল কৰাসকলক উভতি ধৰিছে ।

ছাৰা আলী খানৰ মাতৃ অমৃতা সিং হিন্দু আৰু পিতৃ ছৈফ আলী খান মুছলমান । ইয়াৰ বাবেই ছাৰাৰ উপাধি আৰু ধৰ্ম সন্দৰ্ভত প্ৰায়ে প্ৰশ্ন উত্থাপন হয় ৷ ছাৰাই শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত এই বিষয়ে কৈছে ।

ছাৰাই ট্ৰ’লাৰক দিলে উপযুক্ত উত্তৰ

ছাৰা আলী খানে সাক্ষাৎকাৰত কয়, ‘‘মই এটা ধৰ্মনিৰপেক্ষ পৰিয়ালত জন্ম লৈছো । ভুলৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস মোৰ আছে । গতিকে, যদি মই কেৱল মোৰ বাবেই নহয়, মোৰ চৌপাশৰ যিকোনো ব্যক্তিৰ ক্ষেত্ৰতো এনেকুৱা হোৱা দেখিছোঁ, তেন্তে মই তেওঁলোকৰ পক্ষত থিয় দিম ।’’ ছাৰাই আৰু কয়, ‘‘মোৰ ধৰ্মীয় বিশ্বাস, মোৰ খাদ্যৰ পছন্দ, মই কেনেকৈ বিমানবন্দৰলৈ যোৱাৰ সিদ্ধান্ত লওঁ, এইটো মোৰ সিদ্ধান্ত আৰু মই ইয়াৰ বাবে কেতিয়াও ক্ষমা খুজিব নোৱাৰো ।’’

নিজৰ ধৰ্মক লৈ প্ৰশ্ন উত্থাপন কৰা সকলক ছাৰাই প্ৰত্যক্ষ উত্তৰ দি কয়, ‘‘মন্দিৰ হওক বা মছজিদ হওক সকলোতে মোৰ বিশ্বাস আছে । মই ক’লৈ যাব বিচাৰো আৰু ক’লৈ যাব নিবিচাৰো সেয়া মোৰ কথা ।’’

ইফালে ছাৰাৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে অ’টিটি প্লেটফৰ্মত মুক্তি পাইছে ছাৰা আলী খানৰ বেক টু বেক দুখন ছবি । ১৫ মাৰ্চত মুক্তি পাইছিল ছাৰাৰ ‘মাৰ্ডাৰ মুবাৰক’ । ছবিখনত তেওঁৰ সৈতে কৰিশ্মা কাপুৰ, বিজয় বাৰ্মা, পংকজ ত্ৰিপাঠী, ডিম্পল খান্নাকে ধৰি বহু ডাঙৰ অভিনেতাক দেখা গৈছে । ইফালে ‘এ ৱতন মেৰে ৱতন’ ছবিখনত স্বাধীনতা সংগ্ৰামীৰ চৰিত্ৰত দেখা গৈছে ছাৰা আলী খানক ৷

লগতে পঢ়ক: সিদ্ধাৰ্থ মালহোত্ৰাৰ যোদ্ধাই পঞ্চম দিনত কিমান উপাৰ্জন কৰিলে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.