ETV Bharat / entertainment

কৰণ জোহৰৰ ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ৩ ৰ প্ৰস্তাৱ প্রত্যাখ্যান অংকিতা লোখণ্ডেৰ - Ankita Lokhande

Ankita Lokhande: বিগ বছৰ প্ৰতিযোগী অংকিতা লোখেণ্ডলৈ কৰণ জোহৰৰ ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ৩ ৰ প্ৰস্তাৱ ৷ কিন্তু এই প্ৰস্তাৱ একেমুখেই নস্যাৎ কৰিলে অংকিতাই, কিয় জানেনে ?

author img

By ETV Bharat Assamese Team

Published : May 2, 2024, 5:45 PM IST

Ankita Lokhande
কৰণ জোহৰৰ ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ৩ ৰ প্ৰস্তাৱ প্ৰত্যাখান অংকিতা লোখণ্ডেৰ (ETV BHARAT)

চিটাৰা ডেস্ক, 2 মে’ : পবিত্ৰ ৰিস্তা আৰু বিগ বছ 17 ৰ তাৰকা অংকিতা লোখণ্ডেই সততে তেওঁৰ ফেশ্বন তথা ব্যক্তিগত জীৱনৰ বাবে সংবাম মাধ্যমৰ শিৰোনাম দখল কৰে ৷ এইবাৰ অভিনেত্ৰীগৰাকীয়ে জনপ্ৰিয় ছবি পৰিচালক কৰণ জোহৰৰ ষ্টুডেণ্ট অফ দ্যা ইয়েৰৰ চীকুৱেল ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 3 ত অভিনয় কৰিবলৈ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাতৰি পোহৰলৈ অহাৰ পিচতে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ ছানায়া কাপুৰে ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 3 ত মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷

শেহতীয়াকৈ অংকিতাক ৰণদীপ হুড্ডাৰ অভিনীত স্বতন্ত্ৰ বীৰ সাৱাৰকাৰ নামৰ ছবিখনত দেখা গৈছিল ৷ এক নতুন প্ৰতিবেদন অনুসৰি, অংকিতাক কৰণ জোহৰৰ ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 3 ছবিখনত অভিনয় কৰিবলৈ অফাৰ দিয়া হৈছিল ৷ কিন্তু আশ্চৰ্যজনকভাৱে অংকিতাই এই অফাৰ প্ৰত্যাখান কৰে ৷

এক গোপন সূত্ৰৰ তথ্য অনুসৰি, অংকিতাক ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 3 ৰ বাবে যোগাযোগ কৰা হৈছিল । কিন্তু তেওঁক কি ভূমিকাৰ অফাৰ দিয়া হৈছিল সেয়া পোহৰলৈ অহা নাই ৷ তাৰ পিচতে অংকিতাই এই প্ৰস্তাৱটো অস্বীকাৰ কৰিছিল ৷ এতিয়ালৈ এই প্ৰস্তাৱ প্ৰত্যাখানৰ কাৰণ পোহৰলৈ অহা নাই ৷

কৰণ জোহৰে এইবাৰ সঞ্জয় কাপুৰ আৰু মহীপ কাপুৰৰ জীয়ৰী শ্বানায়া কাপুৰক ষ্টুডেণ্ট অফ দ্যা ইয়েৰ 3 ছবিখনেৰে আত্মপ্ৰকাশ ঘটাব ৷ এই ছবিখন অ'টিটি প্লেটফৰ্ম ডিজনী+ হ’টষ্টাৰত সম্প্ৰচাৰিত হ'ব বুলি জনা গৈছে ৷ কৰণ জোহৰে চণ্ডীগড়ৰ চিনেভেছুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (চিআইএফএফ) ষ্টুডেণ্ট অফ দ্যা ইয়েৰ ৩ ৰ বিষয়ে আলোচনা কৰিছিল ৷ য'ত তেওঁ অনলাইন প্লেটফৰ্মৰ সন্দৰ্ভত মত প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক: অনুপমা খ্যাত জনপ্ৰিয় তাৰকা ৰূপালী গাংগুলীৰ বিজেপিত যোগদান - Rupali Ganguly Joins BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.