ETV Bharat / entertainment

এক্সক্লুছিভ ভিডিঅ' ETV Bharat ৰ হাতত : চাওক কেনেকৈ 'ৰুদ্ৰ'ৰ শ্বুটিঙত আঘাতপ্ৰাপ্ত হৈছিল ৰবি শৰ্মা - RAVI SARMA INJURED DURING SHOOT

author img

By ETV Bharat Entertainment Team

Published : Jul 30, 2024, 3:42 PM IST

Updated : Jul 30, 2024, 3:48 PM IST

Ravi Sarma Film Rudra shooting: য’ত তাৰকাই বডি-ডাবল ব্যৱহাৰ কৰি একশ্যন চিকুৱেন্সৰ দৃশ্যগ্ৰহণ কৰে, সেই সময়ত এইজন অসমীয়া অভিনেতাই কয়- আমি পৰীক্ষা নকৰিলে কেনেকৈ হ’ব ! ৰুদ্ৰ ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত ঘটা অঘটনৰ এক্সক্লুছিভ ভিজুৱেল চাওক-

RAVI SARMA EXCLUSIVE
কেনেকৈ 'ৰুদ্ৰ'ৰ শ্বুটিঙত আঘাতপ্ৰাপ্ত হৈছিল ৰবি শৰ্মা (Team Rudra)

চিটাৰা ডেস্ক, 30 জুলাই : এইজন কেৱল অভিনেতাই নহয়, এটা ব্ৰেণ্ড ৷ অসমীয়া বোলছবি জগতখনক তেওঁ নিজৰ অৱদানেৰে এক সু-উচ্চ পৰ্যায়লৈ লৈ গৈছে ৷ অভিনয়ৰ লগতে তেওঁৰ চিন্তা-চৰ্চাই অসমীয়া ছবিজগতখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে ৷

এক্সক্লুছিভ ভিডিঅ' ETV Bharat ৰ হাতত (Team Rudra)

নিজৰ অপৰিসীম অৱদানৰ পিচতো থমকি ৰোৱা নাই এইজন অভিনেতা ৷ অসমীয়া চলচ্চিত্ৰক বিশ্বব্যাপী জনাজাত কৰোৱাৰ কথা প্ৰায়ে কয় তেওঁ ৷ চেলেব্ৰিটী হিচাপে তেওঁ নিজৰ কৰ্মদক্ষতাৰ লগতে স্পষ্টবাদীতাৰ বাবেও অতিকে জনপ্ৰিয় ৷ কথা ক’বলৈ ভয় নকৰা এইজন অভিনেতাই কিন্তু দুঃসাহসিক দৃশ্যৰ শ্বুটলৈয়ো ভয় নকৰে ৷ সাংঘাতিক দৃঢ় মনোবল তেওঁৰ ৷

ৰবি শৰ্মা, নামেই যাৰ পৰিচয় ৷ সেই ৰবি শৰ্মা সোমবাৰে আঘাতপ্ৰাপ্ত হ’ল ৰুদ্ৰ ছবিখনৰ একশ্যনধৰ্মী এক দৃশ্যগ্ৰহণৰ সময়ত ৷ তাৰ সম্পূৰ্ণ ভিজুৱেল আমি আপোনালোকক দেখুৱাম ৷ আপোনালোকে জানেই যে তেওঁ বৰ্তমান আগন্তুক একশ্যনধৰ্মী ছবি ৰুদ্ৰৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ আছে ৷ ইতিমধ্যে বিভিন্ন ঠাইত ছবিখনৰ শ্বুটিং হৈ গৈছে ৷ কালি গুৱাহাটীত চলি আছিল শ্বুটিং ৷ ছবিখনৰ পৰিচালক ৰূপক গগৈয়ে মঙলবাৰে ই টিভি ভাৰতক কয়- "ৰুদ্ৰৰ ৰবি শৰ্মা নথকা দৃশ্যসমূহৰ শ্বুটিং প্ৰায় সম্পূৰ্ণ হৈছেই ৷ এতিয়া যিখিনি কাম বাকী আছেগৈ সেইখিনি ৰবি শৰ্মাৰেই দৃশ্য ৷ কালি সেই দৃশ্যগ্ৰহণৰ সময়তে ঘটে অঘটন ৷ আজি আৰু কাইলৈ দৃশ্যগ্ৰহণ বন্ধ ৰখা হৈছে ৷ আশা কৰিছো বৃহস্পতিবাৰৰ পৰা আমি পুনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিব পাৰিম ৷"

লগতে পঢ়ক : শীঘ্ৰেই ৰামোজী ফিল্ম চিটিত দৃশ্যগ্ৰহণ হ’ব অসমীয়া ছবি ৰুদ্ৰৰ

একুৰিয়াম বিস্ফোৰণৰ এটা দৃশ্য শ্বুট কৰোতেই একুৰিয়াম ভাঙি গ্লাচৰ টুকুৰা উফৰি আহি সোমাই পৰে ৰবিৰ গালত আৰু কাণৰ কাষত ৷ কাণৰ কাষত ঘাঁ ডোখৰ কিছু দ কৈ হৈছে বুলি গম পোৱা গৈছে ৷ ততাতৈয়াকৈ শ্বুটিং তাতে এৰি তেওঁক হাস্পতাললৈ লৈ যোৱা হয় ৷ চিকিৎসা চলে ৷ চিকিৎসকে তেওঁ বিপদমুক্ত বুলি কৈ যাবলৈ দিয়ে ৷

কিন্তু এয়া কি ! ঘৰলৈ নগৈ তেওঁ পুনৰ দৃশ্যগ্ৰহণস্থলী পায়গৈ ৷ গ্লাচৰ টুকুৰাৰে কাট খোৱা চেহেৰা লৈ তেওঁ পুনৰ শ্বুটিং আৰম্ভ কৰিব বিচাৰে ৷ মানে তেওঁ কেৱল নিজৰ পাৰিশ্ৰমিকৰ কথাই নাভাবে, ভাৱে আনসকলৰ কথাও যি ছবি এখনৰ নিৰ্মাণৰ কামত জড়িত হৈ থাকে ৷ শ্বুটিঙৰ মাজতে আকস্মিকভাৱে শ্বুটিং ৰখাই দিলে নিশ্চয়কৈ প্ৰযোজক-পৰিচালক বহু লোকচানৰ সন্মুখীন হয় ৷ ৰবিয়ে নিবিচাৰে তেনে হোৱাটো, সেয়ে সময় থাকোতেই দিনৰ পোহৰতে তেওঁ পাৰ্যমানে শেষ কৰাৰ ওপৰত গুৰুত্ব দিয়ে ৷

পিছে সকলোৱে একেমুখে মানা কৰে তেওঁক ৷ সকলোৱে জিৰণি ল’বলৈ পৰামৰ্শ দিয়ে ৰবি শৰ্মাক ৷ ৰবি শৰ্মাৰ দৰে অভিনেতা আমাৰ বাবে সম্পদ ৷ তেওঁ সুস্থ হৈ থাকিলেহে আমাক মনোৰঞ্জন দি থাকিব পাৰিব ৷ ই টিভি ভাৰত অসমৰ পৰিয়ালৰ তৰফৰ পৰা ৰবি শৰ্মাৰ সুস্বাস্থ্য কামনা কৰিলো ৷

লগতে পঢ়ক : 'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণত অঘটন: বিস্ফোৰণৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত ৰবি শৰ্মা - Ravi Sarma injured during shoot

Last Updated : Jul 30, 2024, 3:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.