ETV Bharat / entertainment

97 সংখ্যক অস্কাৰৰ তাৰিখ ঘোষণা - Oscars 2025

author img

By ETV Bharat Assamese Team

Published : Apr 11, 2024, 10:55 AM IST

Oscars 2025: একাডেমী অৱ মোশ্যন পিকশ্যাৰ আৰ্টছ এণ্ড চাইন্সে 97 সংখ্যক অস্কাৰ বঁটা অনুষ্ঠানৰ সময়সূচী ঘোষণা কৰে । ABC য়ে একাডেমী বঁটা প্ৰদানৰ অনুষ্ঠান সম্প্ৰচাৰ কৰিব ।

Oscars 2025
97 সংখ্যক অস্কাৰৰ তাৰিখ ঘোষণা

চিটাৰা ডেস্ক, 11 এপ্ৰিল : একাডেমী অৱ মোশ্যন পিকশ্যাৰ আৰ্টছ এণ্ড চাইন্সে বুধবাৰে অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে 97 সংখ্যক অস্কাৰৰ সময়সূচী ঘোষণা কৰে ৷ তথ্য অনুসৰি, 2 মাৰ্চ, 2025 দেওবাৰে অস্কাৰ 2025 (ভাৰতীয় সময় অনুসৰি সোমবাৰ 3 মাৰ্চ, 2025) অনুষ্ঠিত হ'ব । এই অনুষ্ঠানটো পুনৰবাৰ হলীউডৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হ'ব । প্ৰতিবৰ্ষৰ দৰে এইবাৰো এই অনুষ্ঠান ABC য়ে সম্প্ৰচাৰিত কৰিব ৷ 1976 চনৰ পৰা প্ৰতি বছৰে ABCয়ে এই অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে ৷ এইটো অনুষ্ঠানত বিশ্বব্যাপী 200 তকৈও অধিক ৰাষ্ট্ৰই উপভোগ কৰিব পাৰিব ৷

চলিত বৰ্ষত ১০ মাৰ্চত অস্কাৰ অনুষ্ঠিত হৈছিল । আনুমানিক 19.5 নিযুত লোকে এই অনুষ্ঠানটো উপভোগ কৰিছিল ৷ এইবাৰ অস্কাৰত ক্ৰিষ্টোফাৰ নোলানৰ অপেনহাইমাৰে শ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰিছিল ৷ এইবৰ্ষৰ দৰ্শকৰ সংখ্যা পূৰ্বতকৈ 4 শতাংশ বৃদ্ধি হৈছে ৷

আগন্তুক বৰ্ষত অস্কাৰ অনুষ্ঠান সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব । ঠিক এই বৰ্ষৰ অনুষ্ঠানৰ দৰে আগন্তুক বছৰতো অস্কাৰৰ সময় নিৰ্ধাৰিত সময়তকৈ আগুৱাই দিয়া হৈছে ৷

2024-2025 বৰ্ষৰ অস্কাৰৰ সংস্কৰণৰ মনোনয়নৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ শিতানৰ তাৰিখ তলত উল্লেখ কৰা হ’ল-

সাধাৰণ প্ৰৱেশ, শ্ৰেষ্ঠ ছবি, প্ৰতিনিধিত্ব আৰু অন্তৰ্ভুক্তিৰ মানদণ্ড (RAISE) দাখিলৰ সময়সীমা:

দেওবাৰ, নৱেম্বৰ 17, 2024

ৰাজ্যপাল (গৱৰ্ণৰ) বঁটা

সোমবাৰ, ডিচেম্বৰ 9, 2024

প্ৰাৰম্ভিক ভোটদান পুৱা 9 বজাত আৰম্ভ হ’ব

শুকুৰবাৰ, ডিচেম্বৰ 13, 2024

প্ৰাথমিক ভোটদান সন্ধিয়া 5 বজাত সমাপ্ত হ’ব

মঙলবাৰ, ডিচেম্বৰ 17, 2024

অস্কাৰৰ বাবে নিৰ্বাচিত তালিকা ঘোষণা

মঙলবাৰে, ডিচেম্বৰ 31, 2024

যোগ্যতাৰ ম্যাদ সমাপ্ত হ’ব

বুধবাৰ, জানুৱাৰী 8, 2025

মনোনয়ন ভোটদান পুৱা 9 বজাত আৰম্ভ হ’ব

দেওবাৰ, জানুৱাৰী 12, 2025

মনোনয়নৰ ভোটদান সন্ধিয়া 5 বজাত সমাপ্ত হ’ব

শুকুৰবাৰ, জানুৱাৰী 17, 2025

অস্কাৰৰ মনোনয়নৰ ঘোষণা

সোমবাৰ, ফেব্ৰুৱাৰী 10, 2025

অস্কাৰৰ মনোনীত ব্যক্তিৰ মধ্যাহ্নভোজন

মঙলবাৰ, ফেব্ৰুৱাৰী 11, 2025

চূড়ান্ত ভোটদান পুৱা 9 বজাত আৰম্ভ হ’ব

মঙলবাৰ, ফেব্ৰুৱাৰী 18, 2025

চূড়ান্ত ভোটিং 2 মাৰ্চ, 2025 তাৰিখে সন্ধিয়া 5 বজাত সমাপ্ত হ’ব

লগতে পঢ়ক: অচিৰেই আহি আছে APSC scam 2013-The Pal Story শীৰ্ষক ৱেবছিৰিজ - APSC scam 2013

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.