ETV Bharat / entertainment

৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট শিল্পী নীতিন দেশাইক স্মৰণ - 96th Academy Awards

96th Academy Awards: আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত দেওবাৰে ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত বলীউডৰ বিশিষ্ট পৰিচালক তথা প্ৰডাকচন ডিজাইনাৰ প্ৰয়াত নীতিন দেশাইক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । বলীউডৰ কেইবাখনো হিট ছবিত ছেট নিৰ্মাণ কৰিছিল দেশাইয়ে ।

96th Academy Awards
৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট শিল্পী নীতিন দেশাইক স্মৰণ
author img

By ETV Bharat Assamese Team

Published : Mar 11, 2024, 9:55 AM IST

চিটাৰা ডেস্ক, ১১ মাৰ্চ : বলীউডৰ বিশিষ্ট পৰিচালক তথা প্ৰডাকচন ডিজাইনাৰ নীতিন দেশাইক ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন । দেওবাৰে আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত অনুষ্ঠিত ৯৬ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত 'ইন মেমৰিয়াম' শাখাত চলচ্চিত্ৰ উদ্যোগৰ প্ৰয়াত শিল্পীসকলক স্মৰণ কৰা হয় ।

তাৰ ভিতৰত আছিল নীতিন দেশাই অন্যতম । নীতিন দেশাইয়ে অস্কাৰ মনোনীত 'লগান' আৰু 'হাম দিল দে চুকে চানম'ৰ দৰে ব্লকবাষ্টাৰ ছবিৰ বাবে ছেট নিৰ্মাণ কৰিছিল । বিগত বছৰ আগষ্টত মুম্বাইৰ সমীপৰ কাৰজাত থকা তেওঁৰ ষ্টুডিঅ'ত নীতিন দেশাইৰ মৃতদেহ উদ্ধাৰ হৈছিল । যোৱা এবছৰত মৃত্যুবৰণ কৰা চলচ্চিত্ৰ জগতৰ বিশিষ্ট শিল্পীসকলক একাডেমী বঁটাই 'ইন মেমৰিয়াম' মণ্টেজত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আহিছে ।

'যোধা আকবৰ' আৰু 'প্ৰেম ৰতন ধন পায়ো'ৰ দৰে চলচ্চিত্ৰৰ উপৰিও জনপ্ৰিয় টিভি কুইজ অনুষ্ঠান 'কৌন বনেগা কৰোড়পতি'ৰ দৰে অনুষ্ঠানত কলা কৰ্মৰ বাবে জনাজাত আছিল নীতিন দেশাই । দুটা দশকৰ ভিতৰত নীতিন দেশাইয়ে আশুতোষ গোৱাৰিকাৰ, বিধু বিনোদ চোপ্ৰা, ৰাজকুমাৰ হিৰাণী আৰু সঞ্জয় লীলা ৱাঞ্চালীৰ দৰে বিশিষ্ট পৰিচালকৰ সৈতে কাম কৰিছিল ।

চলচ্চিত্ৰ উদ্যোগত বিশেষ অৱদানৰ বাবে তেওঁক ৪ বাৰকৈ শ্ৰেষ্ঠ কলা পৰিচালনাৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয় । নীতিন দেশাইয়ে ৩ বাৰ শ্ৰেষ্ঠ কলা পৰিচালনাৰ ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল । ২০০৫ চনত নীতিন দেশাই মুম্বাইৰ সমীপৰ কাৰজাত ৫২ একৰৰ এক বিস্তৃত ভূমিত এনডি ষ্টুডিঅ' স্থাপন কৰিছিল ।

এই ষ্টুডিঅ'টোতে যোধা আকবৰ আৰু ট্ৰেফিক চিগনেলৰ দৰে উল্লেখযোগ্য চলচ্চিত্ৰৰ লগতে কালাৰ্ছৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' বিগ বছৰ আয়োজন কৰি আহিছে । নীতিনৰ কৰুণ মৃত্যুৰ লগে লগে চলচ্চিত্ৰ উদ্যোগে এগৰাকী প্ৰতিভাশালী শিল্পীক হেৰুৱাইছে ।

লগতে পঢ়ক : অস্কাৰ ২০২৪ : ঝাৰখণ্ডৰ কৃষকৰ কাহিনীৰে 'টু কিল এ টাইগাৰ' ৯৬ সংখ্যক একাডেমী বঁটাৰ বাবে মনোনীত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.