ETV Bharat / entertainment

কেবিচি 16 ৰ হট চিটত অলিম্পিক পদক বিজয়ী মনু ভাকৰ-অমন ছেহৰাৱত - Olympic medalists on KBC 16

author img

By ETV Bharat Entertainment Team

Published : Aug 30, 2024, 12:38 PM IST

Updated : Aug 30, 2024, 12:45 PM IST

KBC 16 Manu Bhaker Aman Sehrawat : 2024 চনৰ পেৰিছ অলিম্পিকত দুটা পদক লাভ কৰা শ্বুটাৰ মনু ভাকৰ আৰু মল্লযুঁজাৰু অমন ছেহৰাৱত আহি আছে কৌন বানেগা কড়োৰপতি ছিজন 16 লৈ । তেওঁলোক দুয়োৰে আভাস কেবিচি 16 ৰ ছেটৰ পৰা দেখিবলৈ পোৱা গৈছে ।

Olympic medalists Manu Bhaker and Aman Sehrawat to be seen on KBC 16 with Amitabh Bachchan
কেবিচি 16 (Show Poster)

চিটাৰা ডেস্ক, 30 আগষ্ট : কৌন বনেগা কড়োৰপতি ছিজন 16 ত পেৰিছ অলিম্পিক 2024 ত ভাৰতৰ হৈ দুটা পদক জিকি অহা মহিলা শ্বুটাৰ মনু ভাকৰ এতিয়া অমিতাভ বচ্চনৰ সন্মুখত হট চিটত বহিবলৈ গৈ আছে । পেৰিছ অলিম্পিকত মনু ভাকৰে 2 টা ব্ৰঞ্জৰ পদক লাভ কৰে । মনুৰ লগতে মল্লযোদ্ধা অমন ছেহৰাৱতেও পদক জয় কৰি দেশৰ নাম জিলিকাই তোলে । এতিয়া এই দুয়োজন তাৰকা খেলুৱৈক কেবিচি 16 ত দেখিবলৈ পোৱা যাব ।

খেলুৱৈসকলে কেবিচি 16 ৰ সৌষ্ঠৱ বৃদ্ধি কৰিব

কেবিচি 16 ৰ ছেটত দেখা গৈছে মনু ভাকৰ আৰু অমন ছেহৰাৱতক । ক’লা চুট পিন্ধা অমনক ডেপাৰ লুকত দেখা গৈছে । আনহাতে মনু ভাকৰে শাৰী পিন্ধি দেশী লুকত কেবিচি 16 ৰ ছেটত উপস্থিত হয় । ক্ৰীম ৰঙৰ ফুলৰ শাৰী পিন্ধি দেখা গৈছে মনু ভাকৰক । ব্ৰঞ্জৰ পদক লৈ কেবিচি 16 ৰ মঞ্চলৈ আহে মনু ভাকৰ । উল্লেখ্য যে, মনু ভাকৰ আৰু অমন ছেহৰাৱতৰ খণ্ডটো অহা 5 ছেপ্টেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ নিশা প্ৰচাৰ হ'বলৈ গৈ আছে ।

মনু ভাকৰে সৃষ্টি কৰিলে ইতিহাসৰ

মনু ভাকৰে 2024 বৰ্ষৰ অলিম্পিকত দুটাকৈ পদক লাভ কৰি ভাৰতৰ বাবে ইতিহাস ৰচনা কৰে । মনু আৰু তেওঁৰ সংগী সৰবজোৎ সিঙে 10 মিটাৰ এয়াৰ পিষ্টল মিক্সডত ব্ৰঞ্জৰ পদক লাভ কৰে ।

সংগ্ৰামৰ দিনৰ কথা মনত পেলালে অমিতাভ বচ্চনে

অমিতাভ বচ্চনৰ কথা ক’বলৈ গ’লে তেওঁ কল্কি 2898 এডিৰ ছবিখনৰ সফলতাৰ সোৱাদ লৈ থকাৰ পিচত কৌন বনেগা কড়োৰপতিক লৈ ব্যস্ত হৈ পৰিছে । অমিতাভ বচ্চনে কেবিচিত জনাইছে যে সংগ্ৰামৰ দিনত তেওঁ কলকাতাত কাম কৰিবলৈ গৈছিল আৰু এটা কোঠাতে 10 জন লোক 2 খন বিচনাত একেলগে শুইছিল ।

লগতে পঢ়ক : কৌন বনেগা কড়োৰপতিৰ 16 সংখ্যক ছিজন - KAUN BANEGA CROREPATI 16

Last Updated : Aug 30, 2024, 12:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.