ETV Bharat / entertainment

কলাক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে নটসূর্য নাট সমাৰোহ - NATASURYA NAAT SAMAROH

পাচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অষ্টবিংশতিতম নটসূর্য নাট সমাৰোহ । ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অনুষ্ঠিত হ'ব সমাৰোহখনি ।

Natasurya Natak Samaroh with a five-day programme at Kalakshetra
কলাক্ষেত্ৰত পাঁচদিনীয়া কাৰ্যসূচীৰে নটসূর্য নাট সমাৰোহ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 23, 2024, 8:19 PM IST

গুৱাহাটী: 'নটসূর্য সোঁৱৰণী উদযাপন সমিতি'ৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত পাচদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অষ্টবিংশতিতম 'নটসূর্য' নাট সমাৰোহৰ । নাট সমাৰোহখনি অহা ২ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব । এই কথা শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত সদৰী কৰে 'নটসূর্য'ৰ কার্যকৰী সভাপতি পুলক বেনাৰ্জী আৰু সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মাই ।

সংবাদমেলত তেওঁলোকে কয়,"২ ডিচেম্বৰৰ সন্ধিয়া ৫-১৫ বজাত পুলক বেনাজীৰ পৰিচালনাৰে 'নটসূর্য'ৰ সদস্যসকলে পৰিৱেশন কৰা দুটা সমবেত গীতেৰে সমাৰোহখনিৰ শুভাৰম্ভ কৰা হ'ব । নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব নৃত্যাচার্য পদ্মশ্রী যতীন গোস্বামী । বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ব সঞ্চালক ৰাহুল কুমাৰ দাসে ।

লগতে তেওঁ কয়,"উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি ঢকুৱাখানা এক্টিং একাডেমীৰ পৰা নিবেদন কৰা হ'ব ভাস্কৰ বৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে নাটক 'মলখু' । এই নাট্য সন্ধিয়াটো বিশিষ্ট শিক্ষাবিদ, অধ্যাপক উপেন্দ্র নাথ শৰ্মাৰ নামত উৎসৰ্গা কৰা হ'ব । সেইদিনাৰ অনুষ্ঠানত 'নটসূর্য'ৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক গিয়াছুদ্দিন আহমেদৰ স্মৃতিত ষষ্ঠ স্মাৰক বঁটা প্ৰদান কৰা হ'ব বিশিষ্ট নাট্যকাৰ, পৰিচালক আৰু অভিনেতা লিয়াকৎ আলীক । এই বঁটাৰ লগত আছে নগদ ২৫ হাজাৰ টকা, প্রশস্তিপত্র আৰু অংগবস্ত্ৰ ।"

তেওঁলোকে জনোৱা অনুসৰি এই অনুষ্ঠানতে 'নটসূর্য নাট সমাৰোহ'ৰ স্মৰণিকাখনো উন্মোচন কৰা হ'ব । ৩ ডিচেম্বৰৰ সন্ধিয়া ৫:৪৫ বজাত মঞ্চস্থ হ'ব হবিসমি ক্রিয়েচন, যোৰহাটৰ প্রযোজনাত ৰূপ কুমাৰ বৰাৰ ৰচনা আৰু গুণাকৰ দেৱ গোস্বামীৰ পৰিচালনাৰে 'অহম শকুনি' । অভিনেতা তথা নটসূর্যৰ সদস্য চিন্ময় ভট্টাচার্যৰ সোঁৱৰণত উৎসর্গিত এই নাট্য সন্ধিয়াটো উদ্বোধন কৰিব বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱাই ।

৪ ডিচেম্বৰৰ সন্ধিয়া ৫:৩০ বজাত মঞ্চস্থ হ'ব ৰংমহল, নগাঁৱৰ প্রযোজনাত নাট্যকাৰ গৌতম শইকীয়া ৰচিত আৰু বিদ্যুৎ কুমাৰ নাথ পৰিচালিত নাটক 'আধা অঁকা ছবি' । বিখ্যাত সংগীতজ্ঞ ভূপেন উজীৰৰ সোঁৱৰণত উৎসর্গিত হ'বলগীয়া এই নাট্য সন্ধিয়াটো উদ্বোধন কৰিব যশস্বী ভাস্কর্য শিল্পী বীৰেন সিংহই । একেদিনাই বিশিষ্ট সাংবাদিক আৰু বুদ্ধিজীৱী হাইদৰ হুছেইনক 'নটসূর্য'ৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰা হ'ব ।

৫ ডিচেম্বৰৰ সন্ধিয়া ৫:৪৫ বজাত মঞ্চস্থ হ'ব 'নটসূর্য'ৰ প্রযোজনাত নাট্যকাৰ অভিজিৎ ৰঞ্জন ভট্টাচার্য ৰচিত আৰু মন্মথ বৰুৱা পৰিচালিত নাটক 'হালধীয়া মানুহ' । একে দিনাই সন্ধিয়া ৭-১৫ বজাত মঞ্চস্থ হ'ব অসম জাতীয় বিদ্যালয়, নুনমাটিৰ প্রযোজনা আৰু অসীম কৃষ্ণ বৰুৱাৰ ৰচনা আৰু পৰিচালনাৰে নাটক 'গুৰুকুল' । বিশিষ্ট আলোক শিল্পী অচ্যুৎ কুমাৰ বিষয়াৰ সোঁৱৰণত উৎসর্গিত হ'বলগীয়া এই নাট্য সন্ধিয়াটো উদ্বোধন কৰিব শ্রীমন্ত শংকবদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰে ।

৬ ডিচেম্বৰৰ সন্ধিয়া ৫-১৫ বজাত প্রথম দর্শনী আৰু ৭-৪৫ বজাত দ্বিতীয় দর্শনী মঞ্চস্থ হ'ব একজুটে টেলেন্ট ফৰাম, মুম্বাইৰ প্ৰযোজনা আৰু জুহি বাব্বৰ ছ'নিৰ ৰচনা আৰু পৰিচালনাৰে 'With Love Aap ki Saiyaara'। বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা সুঅভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্যৰ সোঁৱৰণত উৎসর্গিত হ'ব এই নাট্য সন্ধিয়াটো । সামৰণি নাট্য সন্ধিয়াত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, পর্যটন বিভাগ ইত্যাদিৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা ।

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব অইল ইণ্ডিয়া লিমিটেডৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক অৰুণজ্যোতি বৰুৱাই । সমাৰোহৰ পাঁচোটি নিশাতে নাট্যপ্রেমীৰ উপস্থিতি কামনা কৰিছে 'নটসূর্য' পৰিয়ালে । নাট সমাৰোহৰ ৬ ডিচেম্বৰৰ বাহিৰে প্রতিটো সন্ধিয়াৰ প্রৱেশ বিনামূলীয়া হ'ব । ৬ ডিচেম্বৰৰ সন্ধিয়াৰ বাবে Book My Show ৰ যোগেদি অথবা আয়োজকৰ (৯৮৬৪০২১৭৪৫, ৯১৭০০২৬১৩৬, ৯৯৫৭৬২৬৫১৩, ৯৮৬৪০৮৪৩২৬, ৯৮৬৪০৪১৬৪৫) ফোন নম্বৰত যোগাযোগ কৰি প্রৱেশ পত্র সংগ্ৰহ কৰিব পাৰিব ।

লগতে পঢ়ক: পত্নীৰ মৰমে দূৰ কৰে নেকি পুত্ৰক মাতৃদায়িত্ব পালন কৰাৰ পৰা ?

৫ ডিচেম্বৰৰ পৰা নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.