ETV Bharat / entertainment

নাতাশা ষ্টেন’কভিচৰ ৰহস্যময় ইনষ্টাগ্ৰাম পোষ্টে ভবাই তুলিছে নেটিজেনক - HARDIK NATASA DIVORCE REASON

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 1:09 PM IST

Natasa Stankovic Cryptic Post: হাৰ্দিক পাণ্ডিয়াৰ সৈতে বিবাহ বিচ্ছেদ ঘটাৰ পিছত প্ৰেমৰ বিষয়ে ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰি পুনৰ চৰ্চালৈ আহিছে নাতাশা ৷ এই পোষ্টটোত কেৱল উল্লেখ আছে প্ৰেমৰ কথা ।

Natasa Stankovic shared a cryptic post about love After Hardik Pandya Divorce
নাতাশা ষ্টেন’কভিচ (IANS)

চিটাৰা ডেস্ক, 27 আগষ্ট : অভিনেত্ৰী-মডেল নাতাশা ষ্টেনক’ভিচে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীজত প্ৰেমৰ বিষয়ে এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছে । মডেলগৰাকীৰ পোষ্টত প্ৰেম ‘ধৈৰ্যশীল আৰু দয়ালু’ বুলি গুৰুত্ব আৰোপ কৰা হৈছে আৰু ই সদায় নিৰাপত্তা প্ৰদান কৰাৰ লগতে ‘ভুলৰ কোনো ৰেকৰ্ড নাৰাখে’ বুলি উল্লেখ কৰা হৈছে ।

হাৰ্দিক পাণ্ডিয়াক বিবাহ বিচ্ছেদ দিয়াৰ পিচত নাতাশা ষ্টেনক’ভিচে প্ৰায়ে ইনষ্টাগ্ৰামত পোষ্ট শ্বেয়াৰ কৰি থাকে । সোমবাৰে (26 আগষ্ট) অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা ৰহস্যময়ী পোষ্ট শ্বেয়াৰ কৰে । পোষ্টটোত প্ৰেমৰ বিষয়ে কোৱা হৈছে । পোষ্টটোৱে বৰ্ণনা কৰিছে প্ৰকৃততে প্ৰেমৰ সংজ্ঞা কি আৰু ই কেনেকুৱা ?

Natasa Stankovic shared a cryptic post about love After Hardik Pandya Divorce
নাতাশা ষ্টেনকভিচৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Natasa Stankovic Instagram Story)

ক্ৰিপ্টিক পোষ্টটোত এইদৰে লিখা আছিল …

প্ৰেম হৈছে ধৈৰ্য

প্ৰেম দয়ালু

ই ঈৰ্ষা নকৰে

ই গৌৰৱ নকৰে

ই অহংকাৰী নহয়

ই আনক অপমান নকৰে

এইটো স্বাৰ্থপৰ নহয়

ই সহজে খং নকৰে

ই ভুলৰ কোনো হিচাপ নাৰাখে

প্ৰেম বেয়াত সুখী নহয়, কিন্তু

সত্যৰ সৈতে সুখী

ই সদায় সুৰক্ষা দিয়ে

সদায় বিশ্বাস কৰে

সদায় আশা কৰে

সদায় দৃঢ়তাৰে থিয় হয়

প্ৰেম কেতিয়াও বিফল নহয়

বিচ্ছেদৰ আগত আৰু বিচ্ছেদৰ পিচত এতিয়াও চৰ্চাত আছে হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টেনক’ভিচ ৷ বহু সময় ধৰি তেওঁলোকৰ সম্পৰ্কক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই দুয়োৱে 2024 চনৰ 18 জুলাইত বিচ্ছেদৰ বাতৰিৰ সত্যতা প্ৰমাণ কৰে । হাৰ্দিক পাণ্ডিয়া আৰু নাতাশা ষ্টেনক’ভিচে ইনষ্টাগ্ৰামত এটা টোকাৰ জৰিয়তে তেওঁলোকৰ বিচ্ছেদ নিশ্চিত কৰে । বিচ্ছেদ হোৱাৰ পিচত নাতাশা নিজৰ গৃহ চহৰ ছাইবেৰিয়ালৈ গুচি যায় । তেতিয়াৰে পৰাই অভিনেত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ বাৰ্তা থকা ফটো শ্বেয়াৰ কৰি আহিছে । বিচ্ছেদৰ পাচত আনকি নাতাশাই নেটিজেনৰ ট্ৰ’লৰো সন্মুখীন হ’বলগীয়া হৈছিল ।

পিছে বিচ্ছেদৰ পাচতেই হাৰ্দিক পাণ্ডিয়াৰ ডেটিঙৰ বাতৰি প্ৰচাৰ হ’বলৈ ধৰে । ব্ৰিটিছ কণ্ঠশিল্পী জেচমিন ৱালিয়াৰ সৈতে হাৰ্দিক পাণ্ডিয়াই ডেটিং কৰি থকা বুলি চৰ্চা চলিছে । ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দুয়োকে একেটা স্থানতে ছবি ক্লিক কৰা দেখিছিল । এতিয়ালৈকে এই উৰাবাতৰি সন্দৰ্ভত কোনো পক্ষৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি অহা নাই । হাৰ্দিকৰ এই বাতৰি বিয়পি পৰাৰ পিচতে কিন্তু নেটিজেনে নাতাশাক ক্ষমা খোজাও পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : একাধিকবাৰ বিয়াত বহিও চিৰস্থায়ী নহ’ল নাতাশা-হাৰ্দিকৰ সম্পৰ্ক - Hardik Natasa Divorce

নেটিজেনৰ প্ৰতি নাতাশা ষ্টেনকভিচৰ কৃতজ্ঞতা প্ৰকাশ - Netizens in support of Natasa

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.