ETV Bharat / entertainment

মিচিং বোলছবি 'ময়াদ'ৰ শুভ মুক্তি - Mising movie Moyad

author img

By ETV Bharat Entertainment Team

Published : Aug 16, 2024, 8:13 PM IST

Mising movie Moyad: মিচিং বোলছবি 'ময়াদ'ৰ শুভ মুক্তি দিয়া হয় । মিচিং জনগোষ্ঠীৰ চহা জীৱনৰ পটভূমিক লৈ নিৰ্মাণ কৰা হৈছে 'ময়াদ' শীৰ্ষক ছবিখন ৷

Mising movie Moyad
মিচিং বোলছবি ময়াদৰ দৃশ্যাংশ (ETV Bharat Assam)

জোনাই, ১৬ আগষ্ট : এখন নতুন মিচিং ছবি ৷ ছবিখনে দৰ্শকৰ মনত দকৈ সাঁচ বহুৱাব বুলি আশা কৰিছে নিৰ্মাতাই ৷ মিচিং জনগোষ্ঠীৰ চহা জীৱনৰ পটভূমিক লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন ৷ মিচিং বোলছবি 'ময়াদ'এ জোনাইত মুক্তি লাভ কৰিছে । মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব তথা মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপক কুমাৰ দলেৰ বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে ছবিখন শুভ মুক্তি দিয়া হয় ।

কলা-কুশলীৰ ভাষ্য (ETV Bharat Assam)

ইফালে ছবিখনৰ মুক্তি লাভৰ পিছতে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড় জিলা পুথিভঁৰালত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ অনুষ্ঠিত কৰা হয় । বিশিষ্ট সমাজকৰ্মী অৰ্চনা দলে পেগুৰ প্ৰযোজনা আৰু আজা তাৰাকৰ পৰিচালনাৰে নিৰ্মাণ কৰা ছবিখনত আধুনিক সমাজ ব্যৱস্থাৰ সৈতে বৰ্তমান মিচিং জনগোষ্ঠীৰ সমাজ ব্যৱস্থা, মোবাইল ইন্টাৰনেটৰ বাহিৰেও বহিঃজগতখনৰ পৃথক সমাজ ব্যৱস্থা এইবোৰ বিষয়ক উপস্থাপন কৰা হৈছে ৷

পৰিচালক আজা তাৰাকৰ মতে ছবিখনৰ বিষয়বস্তুৰ সৈতে দৰ্শকে একাত্ম হ’ব পাৰিব ৷ ময়াদ নামৰ এই পূৰ্ণদৈৰ্ঘ্যৰ মিচিং ছবিখনত কণ্ঠদান কৰিছে ৰিষ্মা পাংগিং, নিশা অমে, জিন্তী পাংগিং, দেৱ টাইদ, চন্দ্ৰকুমাৰ পাটগিৰি, ডি শংকৰ গাম পাদি আদি জনপ্ৰিয় কন্ঠশিল্পীসকলে । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন মনোমোহা দৃশ্যত চিত্ৰগ্ৰহণ কৰা ছবিখনত অভিনয় কৰিছে মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় অভিনেতা বাবা পেগু, মোহময়ী অভিনেত্ৰী ডিম্পল দলে, গাম পেগু, অৱনী টায়োং, নৱ কিশোৰ টাৱ আদিৰ লগতে মিচিং বোলছবি জগতৰ বহু কলা-কুশলীয়ে । ইতিমধ্যে মুক্তি লাভ কৰা এই বোলছবিখন ডিব্ৰুগড়ৰ পিছতে অহা 18 আগষ্টত পোন প্ৰথমবাৰৰ বাবে জোনাইৰ মুৰ্কংচেলেক মহাবিদ্যালয় আৰু মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিছে পৰিচালক আজা তাৰাকে ।

লগতে পঢ়ক : শ্ৰী ৰঘুপতিকো চেৰ পেলাব নেকি বিদুৰভায়ে ! - Bidurbhai

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.