ETV Bharat / entertainment

সঁচা কথাত মাত মাতিলেও বিপদ: প্ৰসংগ মিমি চক্ৰৱৰ্তীক ভাবুকি - Mimi Chakraborty Rape Threat

author img

By ETV Bharat Entertainment Team

Published : Aug 21, 2024, 3:21 PM IST

Mimi Chakraborty rape threat : কলকাতা ধৰ্ষণ গোচৰৰ পোষ্ট শ্বেয়াৰ কৰাৰ বাবে অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়ে লাভ কৰিছে ধৰ্ষণৰ ভাবুকি ৷ অভিনেত্ৰীগৰাকীৰ এই পোষ্টক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে ।

Mimi Chakraborty gets rape threat after sharing post on Kolkata case Users react
মিমি চক্ৰৱৰ্তীক ভাবুকি (ANI/ETV Bharat)

চিটাৰা ডেস্ক, 21 আগষ্ট : কলকাতাৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক ধৰ্ষণৰ ঘটনাই জোকাৰি গৈছে দেশ । চি বি আয়ে এই গোচৰটোৰ মূল তদন্ত কৰি আছে । ঘটনাৰ পিছত চৰকাৰ আৰু বিৰোধীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰি আছে দুই পক্ষক । সমান্তৰালকৈ প্ৰশিক্ষাৰ্থী চিকিৎসকগৰাকীৰ পৰিয়াল আৰু অন্য লোকসকল ন্যায়ৰ বাবে পৰিৱেশ উত্তাল কৰি ৰাখিছে । ঘটনাৰ পিছত চলচ্চিত্ৰ উদ্যোগৰ প্ৰতিগৰাকী তাৰকাই এই ঘটনা সন্দৰ্ভত পোষ্ট কৰি নিজৰ খং প্ৰকাশ কৰিছে । বাঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী তথা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ-অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়েও এই সন্দৰ্ভত পোষ্ট কৰি নিজৰ ক্ষোভ প্ৰকাশ কৰিছে । কিন্তু অভিনেত্ৰী মিমি চক্ৰৱৰ্তীয়ে কলকাতা ধৰ্ষণৰ গোচৰত পোষ্ট কৰাৰ বাবে লাভ কৰিছে ভাবুকি ।

এই সন্দৰ্ভত অভিনেত্ৰী মিমিয়ে ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে । মিমিয়ে তেওঁৰ পোষ্টত কৈছে যে কলকাতা ধৰ্ষণৰ গোচৰত পোষ্ট কৰাৰ পিছত তেওঁ ধৰ্ষণৰ ভাবুকি আৰু অশ্লীল বাৰ্তা লাভ কৰি আহিছে । কিন্তু মন কৰিবলগীয়া কথাটো হ’ল যে অভিনেত্ৰীগৰাকীয়ে এই ভাবুকিবোৰ উপেক্ষা কৰি ছ'চিয়েল মিডিয়াত নিজৰ স্পষ্ট মত দি আহিছে ।

মিমিয়ে তেওঁৰ এক্স পোষ্টত কলকাতা আৰক্ষীৰ চাইবাৰ চেলক টেগ কৰি লিখিছে, 'আমি মহিলাসকলৰ বাবে দাবী কৰি আছো, তাৰ মাজত এয়া কিছুমানৰ বাবে একো নহয়, য'ত ধৰ্ষণৰ ভাবুকি অতি স্বাভাৱিক বুলি গণ্য কৰা হয়, তেওঁলোক সকলোৰে ভিৰৰ মাজত মুখাৰ আঁৰত লুকাই আছে আৰু তাৰ পিছত কয় যে তেওঁলোক মহিলাসকলৰ সৈতে আছে, কি পৰিৱেশ আৰু শিক্ষাই ইয়াৰ অনুমতি দিয়ে ?

মিমিয়ে কৰিছে জোৰদাৰ প্ৰতিবাদ

মিমিয়ে আৰম্ভণিৰে পৰা কলকাতা ধৰ্ষণৰ গোচৰত নিজৰ মত দি আহিছে । ব্যৱহাৰকাৰীসকলে অভিনেত্ৰীগৰাকীৰ পোষ্টটোৰ প্ৰতি তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । এগৰাকীয়ে লিখিছে, "এগৰাকী মহিলা যি এগৰাকী সাংসদ আছিল তেঁৱো ধৰ্ষণৰ ভাবুকি লাভ কৰিছে, এয়া উদ্বেগজনক ।" এজনে লিখিছে, "এতিয়া আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকল দেশত সুৰক্ষিত নহয় ।" আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "পুৰুষৰ মানসিকতা ধ্বংস হৈছে ।"

মিমি চক্ৰৱৰ্তী 2014 চনৰ পৰা 2019 চনলৈকে টি এম চি দলৰ এগৰাকী সাংসদ আছিল । তেওঁ পশ্চিম বংগৰ যাদৱপুৰ সমষ্টিৰ পৰা লোকসভাৰ সাংসদ আছিল । মিমি সামাজিক মাধ্যমত বহুত সক্ৰিয় আৰু প্ৰায়ে নিজৰ পোষ্টৰ সৈতে তেওঁ লাইমলাইটত থাকে । 14 আগষ্টত মিমিয়ে কলকাতা ধৰ্ষণ গোচৰৰ বিৰুদ্ধে প্ৰতিবাদত যোগদান কৰিছিল, যাৰ পিছত তেওঁ ভাবুকি লাভ কৰি আহিছে ।

লগতে পঢ়ক : চিকিৎসক ধৰ্ষণ- হত্যাকাণ্ড: মহিলাৰ বাবে সুৰক্ষিত স্থান নিশ্চিত কৰাৰ দাবী বলীউড তাৰকাৰ - Celebs Reaction on Kolkata Rape

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.