ETV Bharat / entertainment

একাধিকবাৰ বিয়াত বহিও চিৰস্থায়ী নহ’ল নাতাশা-হাৰ্দিকৰ সম্পৰ্ক - Hardik Natasa Divorce

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 12:31 PM IST

Hardik Natasa Divorce :বৃহস্পতিবাৰ, 18 জুলাই, 2024 তাৰিখে হাৰ্দিকে আনুষ্ঠানিকভাৱে নাতাশাৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিলে ৷ নাতাশা-হাৰ্দিকৰ চাৰি বছৰীয়া সম্পৰ্কলৈ উভতি চাওঁ আহক-

Look Back at Hardik Pandya's 4-Year Relationship with Natasa Stankovic as Couple Announces Divorce
চিৰস্থায়ী নহ’ল নাতাশা-হাৰ্দিকৰ সম্পৰ্ক (IANS)

চিটাৰা ডেস্ক, 19 জুলাই: ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ ছাৰ্বিয়ান পত্নী নাতাশা ষ্টেন’কভিচে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই 4 বছৰ একেলগে থকাৰ পিচত আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে বৃহস্পতিবাৰে । তেওঁলোকৰ সম্পৰ্কৰ এটা টাইমলাইন আগবঢ়ালোঁ...

বিগত কেইমাহমানৰ পৰা হাৰ্দিক আৰু নাতাশাৰ সম্পৰ্ক শেষ হৈছে বুলি খবৰ ওলাই আছিল ৷ কিন্তু ক্ৰিকেটাৰগৰাকী বা তেওঁৰ পত্নীয়ে এই কথা নিশ্চিত কৰা নাছিল । 2020 চনত হাৰ্দিক আৰু নাতাশাৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন হয় । তেওঁলোকৰ অগস্ত্য নামৰ এটি 3 বছৰীয়া সন্তান আছে ।

বৃহস্পতিবাৰে দুয়োৱে এই কথা ঘোষণা কৰে যদিও বিগত কেইমাহমানৰ পৰা সংবাদ মাধ্যমত তেওঁলোকৰ সম্পৰ্কক লৈ চৰ্চা চলি আছিল । নাতাশাই নিজৰ ইনষ্টাগ্ৰাম পেজৰ পৰা হাৰ্দিকৰ ফটো আঁতৰাই দিয়া, আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপত শেহতীয়াকৈ লাভ কৰা সফলতাৰ বাবে হাৰ্দিকক অভিনন্দন নজনোৱা আদিয়ে নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰি আছিল ।

প্ৰেম-বিবাহ আৰু এতিয়া বিচ্ছেদ, হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ ছাৰ্বিয়ান পত্নী নাতাশা ষ্টেনকভিচৰ সম্পৰ্কৰ সময়ৰেখা তলত উল্লেখ কৰা হ’ল-

1. প্ৰতিবেদন অনুসৰি, ছাৰ্বিয়ান মডেল আৰু ক্ৰিকেটাৰগৰাকী 2018 চনত এজন পাৰস্পৰিক বন্ধুৰ জৰিয়তে সংস্পৰ্শলৈ আহিছিল আৰু তাৰ পিচত তেওঁলোকে ডেট কৰিবলৈ আৰম্ভ কৰে ।

2. 2020 চনৰ 1 জানুৱাৰীত ক্ৰুজত গৈ থকা অৱস্থাত হাৰ্দিকে নাতাশাক প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু দুয়োৰে বাগ্দান হয় । ক'ভিড লকডাউনৰ সময়ত বিবাহপাশত আবদ্ধ হয় তেওঁলোক । সেই বছৰৰেই শেষৰ ফালে এটি ল’ৰা সন্তান জন্ম দিয়ে নাতাশাই, যাৰ নাম তেওঁলোকে অগস্ত্য ৰাখে ।

3. তেওঁলোকে 2023 চনত ছাৰ্বিয়ান আৰু ভাৰতীয় পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত এক আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানত পুনৰ বিবাহপাশত আবদ্ধ হয় । তেওঁলোকৰ বিবাহৰ কেইবাখনো ফটো তেওঁলোকৰ অফিচিয়েল ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছিল দুয়োৱে ।

৪. এই বছৰৰ মে’ মাহৰ পৰা দুয়োৰে মাজত বিভেদ চলি আছে বুলি বাতৰি প্ৰকাশ হ’বলৈ ধৰে । নাতাশাই তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা পাণ্ডিয়া উপাধিটো আঁতৰ কৰাৰ পিচত এই চৰ্চাই গতি লাভ কৰে । আই পি এল 2024 ৰ খেলত নাতাশাৰ অনুপস্থিতি লক্ষ্য কৰাৰ পিচত বহুতে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিষয়ে অনুমান কৰিবলৈ আৰম্ভ কৰে ৷ নেটিজেনে আনকি এইটোও আঙুলিয়াই দিয়ে যে নাতাশাই শেহতীয়াকৈ হাৰ্দিকৰ সৈতে নিজৰ এখনো ফটো শ্বেয়াৰ কৰা নাছিল ।

5. এটা ইনষ্টাগ্ৰাম পোষ্টত, দুই তাৰকাই বৃহস্পতিবাৰে "পাৰস্পৰিকভাৱে পৃথক" হোৱাৰ সিদ্ধান্ত ঘোষণা কৰে । এই কঠিন পথটো বাছনি কৰাৰ আগতে তেওঁলোকে যথাসাধ্য চেষ্টা কৰি সকলো দিছিল বুলিও উল্লেখ কৰে । হাৰ্দিক আৰু নাতাশাই জনাই যে তেওঁলোকে তেওঁলোকৰ পুত্ৰ অগস্ত্যৰ বাবে পিতৃ-মাতৃৰ দায়িত্ব শ্বেয়াৰ কৰিব ।

বৰ বেছি দিন হোৱা নাই যেতিয়া হাৰ্দিকে বিতৰ্ক আৰু আঘাতৰ সৈতে একেলগে মোকাবিলা কৰিব লগা হৈছিল ৷ শাৰীৰিক মানসিকভাৱে যুঁজ দি আইচিচি টি-20 বিশ্বকাপত নিজৰ দলটোক জয়ৰ দিশত আগুৱাই লৈ যায় হাৰ্দিকে । ডেভিদ মিলাৰক আউট কৰা শেষৰ অভাৰটোত হাৰ্দিকে বলিং কৰি মেচখনৰ জোৱাৰ সম্পূৰ্ণৰূপে ভাৰতৰ দিশে ঘূৰাই আনে । ফাইনেলত 177 ৰান লগাৰ সময়ত তেওঁ হেইনৰিচ ক্লাচেনৰ মূল উইকেটটোও দখল কৰে ।

মুম্বাই ইণ্ডিয়ানছৰ (এমআই) অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিচত পাণ্ডিয়াক ট্ৰ’ল কৰা হৈছিল । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) 2024 ৰ সময়ত ক্ৰিকেটাৰজনক প্ৰায় প্ৰতিখন খেলতে ট্ৰ'ল কৰা হৈছিল । অৱশ্যে, টি-২০ বিশ্বকাপত তেওঁৰ প্ৰত্যাৱৰ্তনে সকলোৰে মুখ বন্ধ কৰি দিয়ে ৷

লগতে পঢ়ক : বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে হাৰ্দিক পাণ্ডিয়াৰ সৈতে থকা ফটো শ্বেয়াৰ নাতাশাৰ - Natasa Hardik Pandya Divorce

জীৱনৰ বাটত ঈশ্বৰৰ মহত্ব বুজালে নাতাশাই: বিচ্ছেদৰ বাতৰিত ইন্ধন - Natasa Hardik Pandya Divorce

চলি আছে নাতাশাৰে বিচ্ছেদৰ বাতৰি, তেনেকুৱাতে হাৰ্দিকৰ কাষত কোন এই সুন্দৰী ? - hardik pandya fan girl

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.