ETV Bharat / entertainment

দ্য ক্ৰুৰ পৰা মুকলি কৰীণা, টাবু, কৃতিৰ ফাৰ্ষ্ট লুক

author img

By ANI

Published : Feb 23, 2024, 4:58 PM IST

The Crew: ‘দ্য ক্ৰু’ৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি, য’ত এয়াৰ হোষ্টেছৰ লুকত দেখা গৈছে কৰীণা কাপুৰ, টাবু আৰু কৃতি ছেননক ।

Kareena, Tabu, Kriti Sanon look stylish in air hostess avatars in 'Crew' first look posters
দ্য ক্ৰুৰ পৰা মুকলি ফাৰ্ষ্ট লুক

চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী: কৰীণা কাপুৰ খান, কৃতি ছেনন আৰু টাবুৰ বহু প্ৰত্যাশিত ছবি ‘দ্য ক্ৰু’ক লৈ দৰ্শকৰ মাজত প্ৰতিক্ৰিয়া দেখা গৈছে । ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰাৰ পিচৰে পৰা অনুৰাগীয়ে এই ছবিখনক লৈ যথেষ্ট আগ্ৰহী হোৱা দেখা গৈছিল । এতিয়া অনুৰাগীৰ আগ্ৰহ দুগুণ কৰিবলৈ নিৰ্মাতাই মুকলি কৰিছে ছবিখনৰ পৰা তিনিগৰাকী অভিনেত্ৰীৰ লুক ।

‘দ্য ক্ৰু’ৰ পৰা কৰীণা, টাবু আৰু কৃতিৰ ফাৰ্ষ্ট লুক মুকলি

ছবিখনৰ পৰা পোষ্টাৰ মুকলি কৰা হৈছে, য’ত টাবু, কৰীণা কাপুৰ খান আৰু কৃতি ছেননক দেখা গৈছে এয়াৰ হোষ্টেছৰ লুকত । কৰীণা, টাবু আৰু কৃতিক এয়াৰ হোষ্টেছ লুকত অতি ব’ল্ড দেখা গৈছে । ৰাজেশ এ কৃষ্ণনৰ পৰিচালনাত নিৰ্মিত এই ছবিখন অহা ২৯ মাৰ্চত চিনেমাহলত মুক্তি পাব । উল্লেখ্য যে, ছবিখন প্ৰযোজনা কৰিছে অনিল কাপুৰৰ কন্যা ৰিয়া কাপুৰ আৰু জনপ্ৰিয় চলচ্চিত্ৰ প্ৰযোজক একতা কাপুৰে ।

ছবিখনৰ কাহিনী কি ?

ছবিখনত দৰ্শকে তিনিগৰাকী এয়াৰ হোষ্টেছৰ কাহিনী চাবলৈ পাব, যি নিজৰ জীৱনটোক লৈ সুখী নহয় । তিনিওগৰাকীয়ে নিজৰ জীৱনত নতুন আৰু বেলেগ কিবা এটা কৰিব বিচাৰে, কিন্তু বাৰে বাৰে সেই একেটা পৰিস্থিতিলৈ ঘূৰি আহে যাৰ পৰা তেওঁলোকে পলাবলৈ চেষ্টা কৰে । উল্লেখ্য যে, দিলজিৎ দোসাঞ্জকো ছবিখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । ছবিখনত তেওঁ এই তিনিগৰাকী অভিনেত্ৰীৰ সৈতে মজা কৰা দেখা যাব ।

কিছুদিন পূৰ্বে ছবিখনৰ এটা সৰু টিজাৰ মুক্তি পাইছিল, বেকগ্ৰাউণ্ডত বাজিছিল ছুপাৰহিট গীত ‘চোলি কে পিচে ক্যা হে’ । ছবিখনৰ টিজাৰ শ্বেয়াৰ কৰি কৰীণাই লিখিছিল,‘‘ আপোনাৰ ছিটবেল্ট বান্ধি লওক, পপকৰ্ণ তৈয়াৰ কৰি লওক, পৰিৱেশন কৰিবলৈ সাজু হৈছো । এই মাৰ্চ মাহত মুক্তি পাব দ্য ক্ৰু ।’’

লগতে পঢ়ক: কোন আলিয়া ভাটৰ জিগ্ৰা ? অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে সামৰণি ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.