ETV Bharat / entertainment

ক্ৰুৰ প্ৰথমটি গীত মুকলি, গ্লেমাৰাছ লুকত টাবু-কৰীণা-কৃতি - Diljit Dosanjh

Crew first song Naina: আজি মুক্তি পালে টাবু, কৰীণা কাপুৰ খান আৰু কৃতি ছেননৰ ছবি ‘ক্ৰু’ৰ প্ৰথমটো গীত ‘নেনা’ ।

Kareena Kapoor, Kriti Sanon, Tabu Dazzle in Diljit Dosanjh's Song Naina from The Crew - Watch
ক্ৰুৰ প্ৰথমটি গীত নেনা মুকলি
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 1:49 PM IST

চিটাৰা ডেস্ক, ৫ মাৰ্চ: অৱশেষত মুক্তি পালে টাবু, কৰীণা কাপুৰ খান আৰু কৃতি ছেনন অভিনীত বহু প্ৰত্যাশিত ছবি "ক্ৰু"ৰ প্ৰথমটো গীত "নেনা"। এই গীতটি চোৱাৰ পিচত নিশ্চিত ভাৱে ক’ব লাগিব যে এইটো বছৰৰ অন্যতম ডাঙৰ ট্ৰেক হ’ব ৷ এই গীতটিত অতি ব’ল্ড ৰূপত দেখা গৈছে টাবু, কৰীণা কাপুৰ খান আৰু কৃতি ছেননক ৷

এই মিউজিক ভিডিঅ’টোত ছবিৰ তিনিগৰাকী মুখ্য অভিনেত্ৰী টাবু, কৰীণা কাপুৰ খান আৰু কৃতি ছেননক ব্যতিক্ৰমী ৰূপত দেখা গৈছে । উল্লেখ্য যে, এই গীতটিত কণ্ঠদান কৰিছে কণ্ঠশিল্পী দিলজিৎ দোসাঞ্জ আৰু ৰেপাৰ বাদশ্বাহে ৷ অৱশ্যে এই গীতটিৰ ভিডিঅ’তো দুয়োগৰাকী কণ্ঠশিল্পীক অভিনেত্ৰীসকলৰ সৈতে দেখা গৈছে ৷ নিজৰ অনন্য শৈলীৰ বাবে পৰিচিত দিলজিত আৰু বাদশাহে "নেনা" গীতটিত কিছু ব্যতিক্ৰমী প্ৰয়াস কৰাৰ চেষ্টা কৰিছে ৷

গীতটিত দিলজিতৰ কণ্ঠই দৰ্শকক অন্য এক সুৰৰ জগতলৈ লৈ যায়, আনহাতে বাদশ্বাহৰ চিগনেচাৰ ৰেপে ট্ৰেকটোত অধিক আকৰ্ষিত কৰি তোলে । এইটো স্পষ্ট যে এই গীতটিৰ জৰিয়তে দিলজিত আৰু বাদশ্বাহৰ যুটিয়ে নিশ্চিয় অনুৰাগীক আমোদ দিব ৷

এই ভিডিঅ’টোত তিনিওগৰাকী অভিনেত্ৰী অতি বল্ড সাজ-পোছাক পৰিধান কৰি নিজৰ শৈলী দেখুওৱা পৰিলক্ষিত হৈছে ৷ অৱশ্যে টাবুক সততে দেখা নোপোৱা এনে শৈলীত দেখি অনুৰাগী নিশ্চয় আচৰিত হ’ব ৷

এই গীতটিৰ জোৰদাৰ বিট, আকৰ্ষণীয় ভিজুৱেল আৰু তিনি অভিনেত্ৰীৰ নৃত্য পৰিৱেশনে ইয়াক যথেষ্ট আকৰ্ষণীয় কৰি তোলে । দিলজিৎ দোসাঞ্জ আৰু বাদশ্বাহৰ সৈতে সংগীতৰ এক মাষ্টাৰপিছ উপভোগ কৰিবলৈ চাওক এই গীতটি । উল্লেখ্য যে, ৰাজেশ এ কৃষ্ণনৰ পৰিচালনাত নিৰ্মিত বালাজী টেলিফিল্মছ আৰু অনিল কাপুৰ ফিল্ম এণ্ড কমিউনিকেশ্যন নেটৱৰ্কৰ বহু প্ৰত্যাশিত ছবিখন ২০২৪ চনৰ ২৯ মাৰ্চত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক: স্বাধীনতাৰ যুঁজত অংশগ্ৰহণ ছাৰা আলী খানৰ, এ ৱতন মেৰে ৱতনৰ ট্ৰেইলাৰ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.