ETV Bharat / entertainment

বিয়াৰ পিচত প্ৰথমবাৰলৈ যুটীয়া নৃত্যৰে অতিথিৰ আগত নৱ-দম্পতী - Sonakshi Zaheer Wedding

author img

By ETV Bharat Entertainment Team

Published : Jun 24, 2024, 12:11 PM IST

Sonakshi Sinha and Zaheer Iqbal : বিয়াৰ অভ্যৰ্থনাৰ অনুষ্ঠানত উপস্থিত সংবাদ মাধ্যমৰ কৰ্মীসকলৰ বাবে ফটোৰ বাবে প’জ দিয়ে সোনাক্ষী সিন্হা আৰু জাহীৰ ইকবালে ৷ অভ্যৰ্থনা অনুষ্ঠানৰ পৰা ভাইৰেল হোৱা নৱ-দম্পতীৰ ফটো আৰু ভিডিঅ’ চাওক-

Inside Sonakshi Sinha-Zaheer Iqbal's Star Studded Reception, Couples First Dance and Public Appearance - Watch
সোনাক্ষী সিন্হা আৰু জাহীৰ ইকবাল ((ANI image))

চিটাৰা ডেস্ক, 24 জুন : দেওবাৰে মুম্বাইত এক অন্তৰংগ অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হা আৰু জাহীৰ ইকবাল বিবাহপাশত আৱদ্ধ হয় । ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ উপস্থিতিত সাত বছৰতকৈ অধিক সময় ধৰি থকা প্ৰেমৰ সম্পৰ্কক তেওঁলোকে নাম দিয়ে বিয়াৰ ৷ এতিয়া তেওঁলোকৰ বিয়াৰ অভ্যৰ্থনাৰ ভিডিঅ’ আৰু ফটো ইণ্টাৰনেটত ভাইৰেল হৈছে ৷

ৰাজহুৱাভাৱে তেওঁলোকৰ প্ৰথম নৃত্যৰ পৰা আৰম্ভ কৰি বলীউডৰ চেলেব্ৰিটীসকলে অনুষ্ঠানটোৰ শোভা বঢ়োৱালৈকে সকলো আপোনালোকে ইয়াতে চাব পাৰিব । বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা দিয়া দাবাং অভিনেত্ৰীগৰাকীয়ে ৰঙা ৰঙৰ ৰেচমৰ শাৰী পিন্ধে, আনহাতে দৰা জাহীৰে পিন্ধে ক্ৰীম ৰঙৰ শ্বেৰৱানী ।

বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত নৱ-দম্পতীয়ে উৎসাহেৰে স্বামী-স্ত্ৰী হিচাপে ফটোৰ বাবে প’জ দিয়ে । শাৰীখনৰ লগত চ’কাৰ ষ্টাইলৰ সেউজীয়া আৰু সোণালী ৰঙৰ নেকলেচ, একেই ওলমি থকা কাণফুলি আৰু ৰঙা খাৰু পিন্ধি নিজকে কইনা ৰূপত সজাই সোনাক্ষীয়ে ।

লগতে পঢ়ক : সোনাক্ষী-জাহীৰৰ মেহেন্দী অনুষ্ঠান; সুন্দৰ সাজ-পোচাকত দেখা গ’ল দম্পতীক, ফটো চাওক - Sonakshi Zaheer Mehndi Ceremony

সিন্হাই অভ্যৰ্থনাৰ সময়ত খোপা বান্ধিছিল আৰু খোপাটো জেচমিন ফুলৰ মালাৰে সজাইছিল ৷ অধিক আকৰ্ষণীয় লুকৰ বাবে ন-কইনাই গধুৰ মেকআপৰ সৈতে উইংগড্ আইলাইনাৰ লগাইছিল ৷ ৰঙা ৰঙৰ শাৰীত টিকটিকীয়া সেন্দুৰেৰে সোনাক্ষীৰ কইনা লুকটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷

আনহাতে, বগা শ্বেৰৱানী পিন্ধা জাহীৰক এক সতেজ ৰূপত দেখা গৈছিল ৷ পত্নী সোনাক্ষীয়ে তেওঁক ওচৰলৈ টানি নিয়াৰ লগে লগে অভ্যৰ্থনাৰ সময়ত জাহীৰৰ মুখত হাঁহি বিয়পি পৰিছিল ৷ আনুষ্ঠানিক ফটো শ্বুটৰ পিচত নৱবিবাহিত দম্পতীয়ে পাপাৰাজ্জীৰ সৈতে দলীয় ফটো তোলে ৷ গোটেই দিনটোৰ তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰা শ্বাটাৰবাগক আনন্দিত কৰি তোলে ।

অভ্যৰ্থনা অনুষ্ঠানলৈ বলীউডৰ তাৰকাৰ সোঁত বয় ৷ ছায়েৰা বানো, ৰেখাৰ পৰা আৰম্ভ কৰি সোনাক্ষীৰ হীৰামাণ্ডীৰ সহ-অভিনেত্ৰীসকলে তেওঁৰ বিশেষ দিনটোত তেওঁক সংগ দিয়ে ৷ ডিজে গণেশে নিশাটো বলীউড সংগীতেৰে উৎসৱমুখৰ কৰি তোলে ৷ অদিতি ৰাও হাইদৰী, সিদ্ধাৰ্থ, হুমা কুৰেশ্বী, ৰিছা চাড্ডা, সঞ্জীদা শ্বেইখ সকলোৱে নিজৰ উপস্থিতিৰে অনুষ্ঠান শোভা বঢ়ায় ৷

অৱশ্যে শ্বাটাৰবাগসকলক আটাইতকৈ উৎসাহিত কৰা চেলেব্ৰিটী প্ৰৱেশটো আছিল বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ । অভিনেতাজনে সোনাক্ষী আৰু জাহীৰৰ প্ৰেম কাহিনীত কিউপিডৰ ভূমিকা ৰূপায়ণ কৰিছিল বুলি কোৱা হয় । খানক নীলা চাৰ্ট আৰু ক'লা কোট পেণ্টত ক্যুল লুকত দেখা গৈছিল ।

লগতে পঢ়ক : জল্পনা-কল্পনা কৰা বিয়াখন অৱশেষত হ’লগৈ - চাওক ফটো - Sonakshi Zaheer Wedding

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.