ETV Bharat / entertainment

এটা নিৰ্জন দুপৰীয়াৰ সম্পৰ্কে কি ক’লে পৰিচালক খঞ্জন কিশোৰ নাথে ?

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 8:43 PM IST

Ata Nirjon Duporiya: ১ মাৰ্চত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘এটা নিৰ্জন দুপৰীয়া’ । মুক্তিৰ পূৰ্বে ছবিখনৰ কেইটামান দৃশ্যক লৈ সৃষ্টি হৈছে কিছু বিতৰ্কৰ । কিয় মুক্তিৰ পূৰ্বে বিতৰ্কৰ মাজত সোমাই পৰিছে ছবিখন ? এই সন্দৰ্ভত কি ক’লে ছবিখনৰ পৰিচালক খঞ্জন কিশোৰ নাথে জানো আহক ।

ETV  Bharat Assam Interview with Assamese director Khanjan Kishore Nath
পৰিচালক খঞ্জন কিশোৰ নাথৰ সাক্ষাৎকাৰ
পৰিচালক খঞ্জন কিশোৰ নাথৰ সাক্ষাৎকাৰ

গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী: বৰ্তমান সময়ত ঘটি থকা সমাজৰ কিছু ৰুঢ় বাস্তৱৰ প্ৰতিফলন ঘটাই অহা ১ মাৰ্চত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘এটা নিৰ্জন দুপৰীয়া’ । সৰস্বতী পূজাৰ দিনটোত সংঘটিত হোৱা এটা ঘটনাক কেন্দ্ৰ কৰি আৰু এটি প্ৰেমিক যুগলৰ মাজত কিছু নিবিড় মুহূৰ্তক বিষয়বস্তু হিচাপে লৈ এগৰাকী নাৰীৰ প্ৰতি সমাজৰ দৃষ্টিভংগীক উপস্থাপন কৰা হৈছে ছবিখনত । চিনেমালয় আৰু মিডিল ফিংগাৰ ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনৰ কাহিনী আৰু পৰিচালনা কৰিছে খঞ্জন কিশোৰ নাথে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কৌশিক নাথ আৰু বাৰ্বী বৰুৱাই । লগতে ছবিখনত অভিনয় কৰিছে ধনঞ্জয় দেৱনাথ, জিতুমণি মহন্ত আৰু বিজয় শংকৰ শইকীয়াই । উল্লেখ্য যে, প্ৰয়াত অভিনেতা বিজয় শংকৰ শইকীয়াৰ এই ছবিখন হৈছে অসমীয়া দৰ্শকলৈ আগবঢ়োৱা শেষ উপহাৰ ।

শেহতীয়াকৈ ই টিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ছবিখনৰ সন্দৰ্ভত পৰিচালক খঞ্জন কিশোৰ নাথে কয়, ‘‘ছবিখন সকলো দৰ্শকৰ বাবে নিৰ্মাণ কৰিছো । খুব ধুনীয়া এটা কাহিনী আছে ছবিখনত । প্ৰায় ১ ঘন্টা ৫০ মিনিটৰ এখন ছবি । আশা কৰোঁ ছবিখন চাই দৰ্শকে ভাল পাব । ’’

লগতে ছবিখনৰ বিতৰ্কৰ সন্দৰ্ভত মন্তব্য কৰি নাথে কয়,‘‘ আমাৰ সমাজত কিছু ব্যৱস্থাপনা পূৰ্বৰে পৰা চলি আছে সেয়ে কিছুলোকে ছবিখন থকা কিছু দৃশ্যক লৈ বিৰোধ কৰিছে । বিৰোধ কৰাটোকো মই সন্মান জনাইছো, তেওঁলোকো তেওঁলোকৰ স্থিতিত শুদ্ধ আৰু আমিও আমাৰ স্থিতিত শুদ্ধ । তাৰ মাজতে কিছু চালি জাৰি চাই আগবাঢ়ি যাব লাগিব ।’’

উল্লেখযোগ্য যে অহা ১ মাৰ্চত ৰাজ্যৰ প্ৰায় ১৮ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখনে । ছবিখনক লৈ এতিয়া আশাবাদী ছবিখনৰ পৰিচালক তথা কলা-কুশলীসকল ।

লগতে পঢ়ক: অসমৰ কেইবাগৰাকী শিল্পীলৈ সংগীত নাটক অকাদেমিৰ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.