ETV Bharat / entertainment

বান সাহাৰ্য পুঁজিলৈ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ 6 কোটি টকাৰ অনুদান - CM Pawan Kalyan flood donation

author img

By ETV Bharat Entertainment Team

Published : Sep 4, 2024, 5:57 PM IST

Deputy CM Pawan Kalyan: অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণে তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশত বানৰ ফলত হোৱা ক্ষতিৰ বাবে শোক প্ৰকাশ কৰে আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ মুঠ 6 কোটি টকা দান কৰে ।

Deputy CM Pawan Kalyan donated 6 crores to Telangana-Andhra Pradesh flood relief fund
পৱন কল্যাণ (ANI)

চিটাৰা ডেস্ক, 4 ছেপ্টেম্বৰ : তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ দুয়োখন ৰাজ্যতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে ৷ এই বিধ্বংসী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, পঞ্চায়তীৰাজ মন্ত্ৰী তথা জনসেনা পাৰ্টিৰ সভাপতি পৱন কল্যাণে এক বৃহৎ অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে । তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ 1 কোটি টকা আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ 1 কোটি টকা আগবঢ়াইছে । পঞ্চায়তীৰাজ মন্ত্ৰী হোৱাৰ বাবে তেওঁ অন্ধ্ৰ প্ৰদেশ ৰাজ্যৰ 400 খন পঞ্চায়তলৈ 1 লাখ টকাকৈ (4 কোটি টকা) অনুদান আগবঢ়োৱাৰো সিদ্ধান্ত লয় ।

পৱন কল্যাণে আগবঢ়াইছে 6 কোটি টকা

অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণে ব্যক্তিগতভাৱে দুয়োখন তেলুগু ৰাজ্যলৈ 6 কোটি টকাৰ বিপুল অনুদান আগবঢ়ায় ৷ লগতে নিজৰ আদৰ্শত অটল থাকি তেওঁ অন্ধ্ৰ প্ৰদেশৰ প্ৰতিখন পঞ্চায়ত আৰু প্ৰতিটো ক্ষতিগ্ৰস্ত অঞ্চলত সাহাৰ্যমূলক কামকাজৰ তদাৰক কৰি আছে ৷ ইয়াৰ সমান্তৰালকৈ তেওঁ ৰাজ্যৰ 400 খন পঞ্চায়তলৈ 1 লাখ টকা (4 কোটি টকা) অনুদান আগবঢ়োৱাৰো সিদ্ধান্ত লয় । সমান্তৰালকৈ দুয়োখন ৰাজ্যলৈ এক কোটি টকাকৈ অনুদান আগবঢ়োৱা হৈছে ।

সাহাৰ্য অভিযানৰ পৰ্যালোচনা কৰা হৈছে

পৱনে এতিয়াও বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰা নাই ৷ তেওঁ কয় যে পূৰ্বে তেওঁ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰিছিল যদিও কৰ্তৃপক্ষৰ পৰামৰ্শৰ ভিত্তিত তেওঁ ভ্ৰমণ পিছুৱাই দিয়াৰ সিদ্ধান্ত লয় । তেওঁ কয় যে তেওঁৰ এই ভ্ৰমণে সাহাৰ্যৰ কামত ব্যাঘাত জন্মোৱাটো তেওঁ নিবিচাৰে । অৱশ্যে অন্ধ্ৰ প্ৰদেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত চকু ৰাখিবলৈ পৱনে আজি বিজয়ৱাড়াত থকা দুৰ্যোগ ব্যৱস্থাপনা আয়োগৰ কাৰ্যালয়ত উপস্থিত হয় । গৃহমন্ত্ৰী অনিতা আৰু অন্যান্য বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যজুৰি চলি থকা উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ পৰ্যালোচনা কৰে তেওঁ ।

লগতে পঢ়ক : অন্ধ্ৰ-তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ জুনিয়ৰ এন টি আৰৰ কোটি টকা - Jr NTR donates to flood relief fund

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.