ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ বিবাহত ৰেপাৰ বাদশ্বাহ-কৰণ আউজলাৰ ডাবল ধামাকা - Anant Radhika Wedding

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 11:18 AM IST

Anant Radhika Wedding: অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিবাহক লৈ উৎফুল্লিত সকলো । ইতিমধ্যে গণ বিবাহৰ অনুষ্ঠানেৰে তেওঁলোকৰ বিবাহৰ শুভাৰম্ভ হৈছে । ইফালে খবৰ আহিছে যে তেওঁলোকৰ বিবাহৰ সংগীত অনুষ্ঠানক আৰু অধিক আকৰ্ষণীয় কৰিবলৈ উপস্থিত থাকিব গায়ক-ৰেপাৰ বাদশ্বাহ আৰু কৰণ আউজলা । উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় পপ আইকন জাষ্টিন বিবাৰ ৷

Badshah and Karan Aujla to perform in Anant Radhika sangeet ceremony
অনন্ত-ৰাধিকাৰ বিবাহত ৰেপাৰ বাদশ্বাহ-কৰণ আউজলাৰ ডাবল ধামাকা (ETV Bharat)

চিটাৰা ডেস্ক, 5 জুলাই: অনন্ত আৰু ৰাধিকাৰ বিবাহৰ অনুষ্ঠান অতি আকৰ্ষণীয় হ’বলৈ গৈ আছে ৷ ৰাষ্ট্ৰীয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ বিপুল সমাগম ঘটিব অনন্ত-ৰাধিকাৰ বিবাহৰ অনুষ্ঠানত ৷ এই বিবাহ অনুষ্ঠানত পপ আইকন জাষ্টিন বিবাৰে কণ্ঠদান কৰাৰ বিপৰীতে গায়ক-ৰেপাৰ বাদশ্বাহ আৰু কৰণ আউজলায়ো পঞ্জাবী ধামাকা যোগ কৰিব । খবৰ অনুসৰি শিল্পীসকলে বিবাহনুষ্ঠানত নিজৰ সংগীতেৰে বিবাহৰ সন্ধিয়া আৰু অধিক ৰঙীণ কৰি তুলিব । ইফালে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত এডেল, ড্ৰেক আৰু লানা ডেল ৰে’ই অনুষ্ঠান পৰিৱেশন কৰাৰ সম্ভাৱনা আছে ।

জাষ্টিন বিবাৰে অনুষ্ঠান পৰিৱেশন কৰিব

১২ জুলাইত মুম্বাইত অনুষ্ঠিত হ’ব অনন্ত আৰু ৰাধিকাৰ বিবাহৰ অনুষ্ঠান ৷ বিবাহৰ পূৰ্বৰ অনুষ্ঠানে ইতিমধ্যে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে । ৫ জুলাইত (শুকুৰবাৰে) জাষ্টিনৰ সংগীতানুষ্ঠানৰ বাবে ইতিমধ্যে অনুৰাগীৰ মাজত উৎসুকতা বৃদ্ধি কৰিছে । বাদশ্বাহ আৰু কৰণ আউজলায়ো সংগীত অনুষ্ঠানত নিজৰ যাদু বিয়পাবলৈ সাজু হৈছে ।

অনন্ত-ৰাধিকাৰ বিবাহত দেশী তাড়কা

সংগীত অনুষ্ঠানত কৰণ আউজলাৰ সৈতে মঞ্চত দেশী তাড়কা যোগ কৰিবলৈ সাজু হৈছে বাদশ্বাহ । বাদশ্বাহে কৰণ আউজলাৰ সৈতে প্লেয়াৰ্ছ, গড ডেমন আৰু ডাকু আদি গীতত কাম কৰিছে । তেওঁলোকৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে, যি সাধাৰণতে মঞ্চত দেখা যায় । ইয়াৰ উপৰিও এডেল, ড্ৰেক আৰু লানা ডেল ৰেইও মুম্বাইত অনন্ত আৰু ৰাধিকাৰ বিবাহ উদযাপনত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আম্বানী পৰিয়ালৰ সৈতে আলোচনাত মিলিত হৈছে বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত ৰাধিকা আৰু অনন্তৰ সংগীতানুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰ পোহৰলৈ আহিছিল । ইয়াৰ নাম দিয়া হৈছিল ‘ৰাধিকা ঔৰ অনন্ত কা দিলোকে জশ্ন’ ৷ শুকুৰবাৰে সন্ধিয়া নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ গ্ৰেণ্ড থিয়েটাৰত আয়োজন কৰা হৈছে সংগীতৰ অনুষ্ঠান । সেই সন্ধিয়াৰ ড্ৰেছ কোড হৈছে ইণ্ডিয়ান ৰিগেল গ্লেম ।

লগতে পঢ়ক: অনন্ত-ৰাধিকাৰ বিবাহৰ সন্ধিয়া হৈ উঠিব আকৰ্ষণীয়: উপস্থিত থাকিব আন্তঃৰাষ্ট্ৰীয় কণ্ঠশিল্পী জাষ্টিন বিবাৰ - Justin Bieber

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.