ETV Bharat / entertainment

হায়দৰাবাদত এদিনৰ বাবে বন্ধ 'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণ - New assamese film rudra - NEW ASSAMESE FILM RUDRA

Assamese film Rudra: এদিনৰ বাবে দৃশ্যগ্ৰহণ বাতিল কৰা হৈছে আহিবলগীয়া নতুন অসমীয়া চলচ্চিত্ৰ 'ৰুদ্ৰ'ৰ ৷ শীঘ্ৰেই ছবিগৃহলৈ আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত নতুন ছবি ‘ৰুদ্ৰ’ ৷

ASSAMESE FILM RUDRA
এদিনৰ বাবে দৃশ্যগ্ৰহণ বাতিল (ETV BHARAT)
author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 6:55 PM IST

চিটাৰা ডেস্ক, 8 জুন : আইকনিক ৰামোজী ফিল্ম চিটীৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এদিনৰ বাবে দৃশ্যগ্ৰহণ বাতিল কৰা হৈছে আহিবলগীয়া নতুন অসমীয়া চলচ্চিত্ৰ 'ৰুদ্ৰ'ৰ ৷ ভাৰতীয় চলচ্চিত্ৰ আৰু সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তি ৰামোজী ৰাওক সন্মান জনোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে 'ৰুদ্ৰ'ৰ পৰিচালক ৰূপক গগৈয়ে ৷

উল্লেখ্য যে, শীঘ্ৰেই ছবিগৃহলৈ আহি আছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনীত নতুন ছবি ‘ৰুদ্ৰ’ ৷ শ্যাম প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা তথা কাহিনী ৰূপক গগৈৰ ৷ দৃশ্যগ্ৰহণৰ বাবে বিগত কেবাটাও দিন 'ৰুদ্ৰ'ৰ পৰিচালকসহ এটা দল হায়দৰাবাদত বাহৰ পাতি আছে ৷ কিন্তু ভাৰতীয় চলচ্চিত্ৰ জগতৰ বিশিষ্ট ব্যক্তি ৰামোজী ৰাওৱে আজি হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰাৰ পিচত কিংবদন্তী ব্যক্তিগৰাকীৰ প্ৰতি সন্মান জনোৱাৰ বাবে কাইলৈ (দেওবাৰ) 'ৰুদ্ৰ'ৰ দৃশ্যগ্ৰহণ স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিছে পৰিচালকে ৷

আনহাতে ৰামোজী ৰাওক সন্মান জনাই আৰু শোক প্ৰকাশ কৰি তেলুগু চলচ্চিত্ৰ উদ্যোগে দেওবাৰৰ বাবে পৰিকল্পনা কৰা সকলো চলচ্চিত্ৰৰে দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰিছে ৷ তেলুগু ফিল্ম চেম্বাৰ অফ কমাৰ্চে চলচ্চিত্ৰ সম্পৰ্কীয় সকলো কাম এদিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৷ বিশিষ্ট ব্যক্তিজনলৈ শ্ৰদ্ধাঞ্জলি জনাই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক : ৰবি শৰ্মাৰ নতুন অৱতাৰ - new assamese film rudra

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ শনিবাৰে পুৱা দেহাৱসান ঘটে ৷ হয়দৰাবাদৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ পুৱা প্ৰায় 4:50 বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰামোজী ৰাও-এ ৷ ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী, ঈনাডু বাতৰি কাকত, ই টিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাসমূহৰ কৰ্ণধাৰ গৰাকীলৈ দেশজুৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ দেওবাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব ৰামোজী ৰাওৰ ৷

লগতে পঢ়ক : তেলুগু চলচ্চিত্ৰ উদ্যোগৰ শ্বুটিং স্থগিত - CHAIRMAN OF RAMOJI GROUP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.