চিটাৰা ডেস্ক, ৫ মাৰ্চ: ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ ছবিখন মুক্তিৰ ওচৰ চাপিছে । ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব ৰণদ্বীপ হুড্ডাক । বাস্তৱ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনত দেখা যাব অংকিতা লোখাণ্ডেকো । ছবিখনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অংকিতাই এই চৰিত্ৰটোৰ বাবে কোনো ধৰণৰ মেক-আপ ব্যৱহাৰ কৰা নাছিল । মেকআপ নকৰাৰ আঁৰত আছে ৰণদ্বীপ হুড্ডা । অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ এক সাক্ষাৎকাৰত কয় যে ৰণদ্বীপে তেওঁক মেকআপ ল’বলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল ।
ৰণদ্বীপ হুড্ডাৰ পৰিচালিত ছবি ‘স্বতন্ত্ৰ বীৰ সাৱৰকাৰ’ত ভি ডি সাৱৰকাৰৰ পত্নী যমুনাবাই সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেত্ৰী অংকিতা লোখাণ্ডেই ৷ ছবিখনৰ সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ পৰিচালক তথা সহ অভিনেতাই তেওঁৰ চৰিত্ৰৰ বাবে মেকআপ নকৰাটো বিচাৰিছিল । অংকিতাই কয় যে তেওঁ এই কামটো কৰিছিল চৰিত্ৰটোক ভালকৈ ফুটাই তুলিবলৈ । সোমবাৰে মুম্বাইত মুকলি কৰা হয় ছবিখনৰ ট্ৰেইলাৰ । স্বাধীনতা সংগ্ৰামী তথা ৰাজনীতিবিদ বিনায়ক দামোদৰ সাৱৰকাৰৰ আধাৰত নিৰ্মিত এই ছবিখন ।
অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘মই ছবিখনত যমুনাবাইৰ চৰিত্ৰত অভিনয় কৰিছো । তেওঁ বহুত শক্তিশালী নাৰী । এই চৰিত্ৰটোৰ বাবে যদি প্ৰস্তুতিৰ কথা কওঁ, তেন্তে ৰণদ্বীপে মোক শিল্পী হিচাপে স্বাধীনতা দিছিল । কিন্তু এজন পৰিচালক হিচাপে তেওঁ মোক কৈছিল যে মই কি কৰিব লাগে, কি কৰিব নালাগে ৷ এই চৰিত্ৰটো সংলাপৰ বিষয়ে নহয়, প্ৰকাশৰ বিষয়েহে ।’’
অংকিতাই লগতে কয়, ‘‘যমুনাবায়ে তেওঁৰ জীৱনত বহুত কষ্ট ভোগ কৰিছে, যিটো মই মোৰ চৰিত্ৰত দেখুৱাবলৈ চেষ্টা কৰিছো । মোৰ চৰিত্ৰৰ লগত ন্যায় কৰিছো নে নাই নাজানো, কিন্তু পৰিচালকে মোৰ পৰা যি বিচাৰে সেয়া কৰিবলৈ সদায় চেষ্টা কৰো ।’’
তেওঁ আৰু ক’লে, ‘‘ৰণদ্বীপৰ ওপৰত মোৰ অন্ধ বিশ্বাস আছিল । মোৰ লুক চৰ্চা চলি থকাৰ সময়ত ৰণদ্বীপে স্পষ্টকৈ কৈছিল যে তেওঁ মোৰ ওপৰত কোনো ধৰণৰ মেকআপ নিবিচাৰে । তেওঁ বিচাৰিছিল মোক যমুনাবাইৰ দৰে স্বাভাৱিক দেখাবলৈ ।’’
কেতিয়া মুক্তি পাব ছবিখন ?
জি ষ্টুডিঅ’, আনন্দ পণ্ডিত, সন্দীপ সিং, ৰণদ্বীপ হুড্ডা আৰু যোগেশ ৰাহৰৰ প্ৰযোজনাত নিৰ্মিত এই ছবিখন অহা ২২ মাৰ্চত হিন্দী আৰু মাৰাঠী ভাষাত মুক্তি পাব ।
লগতে পঢ়ক: কংগনাৰ নেপোটিজমক লৈ ইমৰাণ হাছমীৰ প্ৰতিক্ৰিয়া