ETV Bharat / entertainment

অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বে আম্বানী পৰিয়ালে জামনগৰত নিৰ্মাণ কৰিছে ১৪টা মন্দিৰ নিৰ্মাণ

author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 2:13 PM IST

Anant-Radhika Wedding: অনন্ত-ৰাধিকাৰ বিবাহ ২০২৪ চনৰ আটাইতকৈ প্ৰত্যাশিত বিবাহ । বৰ্তমান এই যুটিটোৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলি আছে । বিবাহৰ পূৰ্বে আম্বানী পৰিয়ালে জামনগৰত নিৰ্মাণ কৰিছে মন্দিৰ ।

Ambani family built 14 temples in Jamnagar before Anant and Radhika Wedding
অনন্ত-ৰাধিকাৰ বিবাহ

চিটাৰা ডেস্ক, ২৮ ফেব্ৰুৱাৰী: ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে অতি সোনকালে ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব । জানিব পৰা মতে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত গুজৰাটৰ জামনগৰত এই যুটিৰ প্ৰি-ৱেডিং অনুষ্ঠানৰ দিন ধাৰ্য কৰা হৈছে । যাৰ বাবে বৰ্তমান সময়ত আম্বানী পৰিয়ালত আনন্দৰ পৰিবেশে বিৰাজ কৰিছে । এই সকলোবোৰৰ মাজতে অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বে আম্বানী পৰিয়ালে গুজৰাটৰ জামনগৰত ১৪ টা নতুন মন্দিৰ নিৰ্মাণৰ এক বৃহৎ কাম হাতত লৈছে ।

জামনগৰত আম্বানী পৰিয়ালে নিৰ্মাণ কৰিছে ১৪টা মন্দিৰ

এই মন্দিৰ নিৰ্মাণৰ প্ৰথম আভাস শ্বেয়াৰ কৰিছিল নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ ছ’চিয়েল মিডিয়া হেণ্ডেলে । এটা ভিডিঅ’ত নীতা আম্বানীক কেম্পাছত ঘূৰি ফুৰা দেখা গৈছে আৰু কৰ্মচাৰীসকলক মন্দিৰৰ কাম কৰি থকা দেখা গৈছে । এই মন্দিৰসমূহ ভাৰতৰ চহকী সংস্কৃতি, ঐতিহ্য আৰু পৌৰাণিক কাহিনীৰ প্ৰমাণ হিচাপে নিৰ্মাণ কৰা হৈছে ।

জামনগৰত আম্বানী পৰিয়ালে নিৰ্মাণ কৰা এই মন্দিৰসমূহ অত্যন্ত সুন্দৰ ৷ জটিলভাৱে খোদিত স্তম্ভ, বিভিন্ন দেৱতাৰ প্ৰতিমূৰ্তি আৰু ৰঙীন ফ্ৰেস্কো শৈলীৰ চিত্ৰৰে সজ্জিত এই মন্দিৰসমূহ । নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ অফিচিয়েল হেণ্ডেলে শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম পোষ্টটোত লিখা আছে, ‘‘মন্দিৰ কমপ্লেক্সসমূহে ভাৰতৰ চহকী সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয়ক প্ৰতিফলিত কৰে ৷’’

মাৰ্চ মাহত অনুষ্ঠিত হ’ব অনন্ত-ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠান

উল্লেখ্য যে, অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্ট শৈশৱৰ বন্ধু । অৱশ্যে এই বন্ধুত্বৰ সম্পৰ্ক এতিয়া স্বামী-স্ত্ৰী হিচাপে পৰিগণিত হ’বলৈ গৈ আছে ৷ ২০২২ চনৰ ডিচেম্বৰ মাহত ৰাজস্থানৰ নাথদ্বাৰাৰ শ্ৰীনাথজী মন্দিৰত অনুষ্ঠিত হয় দুয়োৰে বাগদান ৷ এতিয়া এই যুটিটোৰ ১২ জুলাইত মুম্বাইত ৰাজকীয় বিবাহ হ’ব । প্ৰথমতে ৰাধিকা আৰু অনন্তে ১ মাৰ্চৰ পৰা ৩ মাৰ্চলৈ গুজৰাটৰ জামনগৰত প্ৰি-ৱেডিং ফাংচন কৰিব । অমিতাভ বচ্চনৰ পৰা আৰম্ভ কৰি শ্বাহৰুখ খান আৰু ছলমান খানলৈকে বলীউডৰ আটাইকেইগৰাকী তাৰকাই এই প্ৰি-ৱেডিং উদযাপনত অংশগ্ৰহণ কৰিব । অনন্ত আৰু ৰাধিকাৰ বিবাহৰ পূৰ্বৰ অনুষ্ঠানত লগতে অংশগ্ৰহণ কৰিব আন্তঃৰাষ্ট্ৰীয় তাৰকাই ।

লগতে পঢ়ক: বিজয় দেৱেৰাকোণ্ডাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব নেকি ৰশ্মিকা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.