ETV Bharat / entertainment

কৰ'নাত আক্ৰান্ত খিলাড়ী অক্ষয় কুমাৰ...অনন্ত-ৰাধিকাৰ বিবাহত উপস্থিত নাথাকে অভিনেতাগৰাকী - Akshay Kumar Covid positive

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 3:30 PM IST

Updated : Jul 12, 2024, 3:44 PM IST

Akshay Kumar Covid positive: ক’ভিড-19ত আক্ৰান্ত বলীউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰ ৷ আজি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহত অংশগ্ৰহণ কৰাৰ কথা আছিল অভিনেতাগৰাকীয়ে ।

Akshay Kumar tests positive for Covid-19, to skip Anant Ambani-Radhika Merchant's wedding today: Reports
কৰ'নাত আক্ৰান্ত খিলাড়ী অক্ষয় কুমাৰ...অনন্ত-ৰাধিকাৰ বিবাহত উপস্থিত নাথাকে অভিনেতাগৰাকী (ETV Bharat)

চিটাৰা ডেস্ক, 12 জুলাই: বলীউডৰ তাৰকা অক্ষয় কুমাৰ আক্ৰান্ত হৈছে ক’ভিড-19ত । দুদিন ধৰি অসুস্থ আছিল অভিনেতাগৰাকী ৷ সেয়েহে অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহনুষ্ঠানত উপস্থিত নাথাকে জনপ্ৰিয় অভিনেতাগৰাকী ৷ বিগত দুদিন ধৰি অক্ষয়ে নিজকে অসুস্থ অনুভৱ কৰিছিল । সেয়ে ইয়াৰ পিচত টেষ্ট কৰাৰ পিচত অভিনেতাগৰাকীৰ দেহত ক’ভিড-19 ধৰা পৰে ৷ নতুনকৈ মুক্তি পোৱা ‘ছাৰ্ফিৰা’ ছবিৰ প্ৰচাৰৰ বাবে তেওঁ বিভিন্ন স্থান ভ্ৰমণ কৰি আছে । ইফালে, ১২ জুলাইত ছবিগৃহত মুক্তি লাভ কৰিছে অক্ষয় কুমাৰৰ নতুন ছবি ‘ছাৰ্ফিৰা’।

অক্ষয় কুমাৰ বিয়ালৈ নাযায়

জামনগৰত অনন্ত-ৰাধিকাৰ প্ৰি-ৱেডিঙত দেখা গৈছিল অক্ষয় কুমাৰক । পুৱা ৩ বজালৈকে ইয়াত অক্ষয় কুমাৰে নাচিছিল যদিও এতিয়া অনন্ত-ৰাধিকাৰ বিয়াত অক্ষয় কুমাৰৰ অনুপস্থিতিৰ বাবে বিবাহ অনুষ্ঠানৰ আনন্দ কিছু ম্লান পৰিব পাৰে । অক্ষয় কুমাৰ বলীউডৰ আটাইতকৈ ফিট জ্যেষ্ঠ অভিনেতা আৰু অক্ষয় প্ৰথমবাৰৰ বাবে কৰ’নাত আক্ৰান্ত হৈছে । অক্ষয় কুমাৰে কৰ’না কালত পৰিয়ালৰ সৈতে ঘৰতে আছিল আৰু সকলোকে কৰ’নাৰ পৰা সাৱধানে থাকিবৰ বাবে আহ্বানো জনাইছিল ।

ছাৰ্ফিৰাৰ মুক্তিলাভ

আনহাতে, আজি ১২ জুলাইত মুক্তি পোৱা অক্ষয় কুমাৰ অভিনীত ছাৰ্ফিৰা ছবিখন হৈছে তামিল ছুপাৰষ্টাৰ সূৰ্য অভিনীত ছবি ছূৰাৰাই পট্ৰুৰ অফিচিয়েল হিন্দী ৰিমেক । ছবিখনৰ পৰিচালনা কৰিছে সুধা কংগাৰে । ছবিখনত অক্ষয় কুমাৰৰ সৈতে মহিলা নায়িকা ৰাধিকা মদন আৰু ছবিখনত পৰেশ ৰাৱালক খলনায়ক হিচাপে দেখা গৈছে । একে সময়তে দৰ্শকৰ যথেষ্ট ভাল সঁহাৰি লাভ কৰিছে ছাৰ্ফিৰা ছবিখনে । এই ছবিখন হয়তো অক্ষয় কুমাৰৰ বক্স অফিচত সফলতা লাভ কৰিব নে নাই সেয়া সময়তহে জানিব পৰা যাব ৷ কিন্তু এই ছবিখন তেওঁৰ বাবে বলীউডত কামবেক হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক: খিলাড়ী অক্ষয় কুমাৰৰ এয়া প্ৰথম ভোটদান: জানেনে কোন দেশৰ নাগৰিকত্ব আছিল তেওঁৰ ? - LOK SABHA ELECTION 2024

Last Updated : Jul 12, 2024, 3:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.