ETV Bharat / entertainment

আদিংগিৰি ৰাষ্ট্রীয় নাট্য উৎসৱৰ দেওবাৰে সামৰণি

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:41 PM IST

5th Adingiri Rashtriya Natyo Utsav : ১ মাৰ্চৰ পৰা আৰম্ভ পঞ্চম আদিংগিৰি ৰাষ্ট্ৰীয় নাট্য উৎসৱ ৷ ১ আৰু ২ মাৰ্চত গুৱাহাটীৰ মালিগাঁওস্থিত শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰৰ অভিজ্ঞানম নাট্যক্ষেত্ৰত প্ৰদৰ্শন কৰা হয় জনপ্ৰিয় নাট ।

5th Adingiri Rashtriya Natyo Utsav
ৰাষ্ট্রীয় নাট্য উৎসৱ

গুৱাহাটী, ২ মার্চ : শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আদিংগিৰি ৰাষ্ট্রীয় নাট্য উৎসৱৰ দেওবাৰে সামৰণি পৰিব । ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ সহযোগত আয়োজিত পঞ্চম আদিংগিৰি ৰাষ্ট্রীয় নাট্য উৎসৱ গুৱাহাটী মহানগৰৰ দুটা স্থানত অনুষ্ঠিত হৈছে । শুকুৰবাৰ আৰু শনিবাৰে মালিগাঁওস্থিত শংকৰদেৱ নগৰৰ আদিংগিৰি পাহাৰৰ অভিজ্ঞানম নাট্যক্ষেত্র অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ অৰ্থাৎ শেষৰ দিনটোত অনুষ্ঠান মাছখোৱাৰ প্রাগজ্যোতি আইটিএ কেন্দ্রৰ প্রেক্ষাগৃহত আয়োজন কৰা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে বিগত চাৰি বছৰ ধৰি গুৱাহাটীৰ মালিগাঁওস্থিত অভিজ্ঞানম নাট্য ক্ষেত্রত আয়োজন কৰি অহা হৈছে নাট মহোৎসৱ । শনিবাৰে অনুষ্ঠানৰ আৰম্ভণিতে নাট্যকলা আৰু প্রত্যক্ষ দর্শনীৰ লগতে কলাৰ ওপৰত গণমাধ্যমৰ গুৰুত্ব সম্পর্কে দুখন কর্মশালা অনুষ্ঠিত হয় । ইয়াৰ পিচতে উইলিয়াম শ্বেক্সপীয়েৰৰ জনপ্রিয় নাট 'হেমলেট' আৰু উৰিপাডিজৰ 'মেডিয়া' নাটকৰ ওপৰত আধাৰিত 'টু কিল অৰ নট টু কিল' মঞ্চস্থ কৰা হয় । দিনটোৰ দ্বিতীয়খন নাটক আছিল অভিজ্ঞানমৰ দ্বাৰা পৰিৱেশিত, ৰণহাং চৌধুৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'গান্ধী বনাম গডছে'।

এই অনুষ্ঠানৰ মুকলি দিনটোত ৩০০ৰো অধিক উৎসাহী দর্শকে হোমেন বৰগোহাঞিৰ মৎস্যগন্ধাৰ আধাৰত নির্মিত 'মেনকা' নামৰ প্ৰথমখন নাটক উপভোগ কৰে । অয়োজক অভিজ্ঞানমৰ তৰফৰ পৰা প্ৰসিদ্ধ নাট্য সমালোচক অতুল মজুমদাৰলৈ "প্ৰয়াত দেৱব্ৰত চৌধুৰীৰ সোঁৱৰণী নাট্য ব্যক্তিত্ব সন্মান ২০২৪ " আৰু বৰবিহুৱা ৰন্টু শইকীয়ালৈ প্রয়াত বর্ণালী চৌধুৰীৰ সোঁৱৰণীত প্রদান কৰা "লোকশিল্প সাধনা সম্মান ২০২৪ " আগবঢ়োৱা হয় । দেওবাৰে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোৰ তৃতীয় দিনা অভিজ্ঞানমে সন্ধিয়া ৬ বজাৰ পৰা তৃতীয়' শীর্ষক নাটকখন পৰিৱেশন কৰিব ।

লগতে পঢ়ক:জনপ্ৰিয় ৰেডিঅ’ নাট গোবৰধন চৰিত এইবাৰ কথাছবিৰ ৰূপত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.