ETV Bharat / entertainment

ইউটিউবত আৰু শুনিবলৈ নাপাই আয়ে হায়ে অয়ে হোয়ে..বদো বদী বদো বদী - chahat fateh ali khan song removed

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 4:27 PM IST

Chahat Fateh Ali khan song removed: গান এটা অকস্মাতে ভাইৰেল হৈ পৰিল ৷ ভিউজ আহিল 28 মিলিয়ন ৷ কি সাংঘাতিক শক্তি ছ’চিয়েল মিডিয়াৰ ৷ পিছে জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইউটিউবে এই গানটো সন্দৰ্ভত ল’লে এক ডাঙৰ সিদ্ধান্ত ৷

chahat fateh ali khan song removed
উৰি গ’ল বদো বদী ((IMAGE- CHAHAT FATEH ALI KHAN X Handle))

চিটাৰা ডেস্ক, 7 জুন : আয়ে হায়ে অয়ে হোয়ে, ছ’চিয়েল মিডিয়া ইউজাৰৰ মুখৰ পৰা আজি আঁতৰা নাই এই বাক্যশাৰী ৷ কেনেকৈ আঁতৰিব, ইমান বিখ্যাত গান এটাৰ মাজৰ জনপ্ৰিয় শাৰী এইটো ৷ গানটোত কণ্ঠদান কৰাজন এটা ৰাতিৰ ভিতৰতে হৈ পৰিল ছ’চিয়েল মিডিয়া ষ্টাৰ ৷

আয়ে হায়ে অয়ে হোয়ে..বদো বদী বদো বদী..গানটো চিনি পাইছেই নিশ্চয় ৷ ভাইৰেল হোৱাৰ পিচতে গানটো লৈ কিমান কি যে ৰীলছ, মিম শ্বেয়াৰ হৈছে তাৰ সঠিক বৰ্ণনা নাই ৷ আনকি ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ ট্ৰেণ্ডিং গানতো আছে আয়ে হায়ে অয়ে হোয়ে..বদো বদী বদো বদী ! মানুহৰ পছন্দৰ কথা ভাবিবই নোৱাৰি ৷ প্ৰিয় বন্ধুক ষ্ট’ৰীত টেগ কৰোতেই বদো বদী, গ্ৰুপত একেলগে ফুৰিবলৈ ওলাই গ’লেও বদো বদী, হাঁহি খোৰাক জগাবলৈয়ো বদো বদী ৷ ক’ত কেতিয়া নাবাজে এই গানটো !

পিছে ইমান জনপ্ৰিয়তাৰ পাচতো গায়কজনে কান্দিছে কিয় আজি ? চাহাট ফতেহ আলী খানৰ চকুত চকুলো কিয় আজি ? আৰু ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা গৈছে ইউজাৰসকলে তেওঁৰ কান্দি থকা ফটো চাই ৰস পাইছে ! কিন্তু কিয় ?

বিশ্বজুৰি ভাইৰেল এই গানটো-

‘আয়ে হায়ে অয়ে হোয়ে..বদো বদী বদো বদী’ গানটো ভাৰতত আটাইতকৈ বেছি উপভোগ কৰা হৈছে । বলীউডৰ তাৰকাসকলেও 'আয়ে হায়ে অয়ে হোয়ে..বদো বদী বদো বদীত বহুত ৰীলছ বনাই উপভোগ কৰি আছে । 'আয়ে হায়ে অয়ে হোয়ে..বদো বদী বদো বদী,’ পাকিস্তানী কণ্ঠশিল্পী চাহাট ফতেহ আলী খানৰ এই ভাইৰেল গীতটিয়ে সমগ্ৰ বিশ্বকে মনোৰঞ্জন দি ৰাখিছে । ইনষ্টাগ্ৰামত প্ৰতিটো ছেকেণ্ডৰ অন্তত এই গানটো ৰীলছত শুনা আৰু দেখা যায় ৷ 'আয়ে হায়ে অয়ে হোয়ে' গীতটিয়ে ইউটিউবত ২.৮ কোটিতকৈ অধিক ভিউজ লাভ কৰিছে আৰু এতিয়া এই গীতটোৰ মালিকে কপিৰাইটৰ অভিযোগ উত্থাপন কৰি ইউটিউবৰ পৰা গীতটো আঁতৰাই পেলাইছে । এই কথা গম পাই চাহাট ফাতেহ আলী খানৰ খং উঠিছে এতিয়া ছ'চিয়েল মিডিয়াত কিছুমান ছবি পোহৰলৈ আহিছে, য'ত চাহাট ফতেহ আলী খানক কান্দি থকা দেখা গৈছে ।

এই ভাইৰেল ফটোসমূহত ইউজাৰে গায়কজনক বহুত ঠাট্টা-মস্কৰা কৰিছে ৷ ইউটিউবৰ পৰা এই গানটো আঁতৰাই দিয়া বুলি জানি এজন ইউজাৰে লিখিছে, ‘ইউটিউব কো 100 টোপো কি ছালামী ৷’ আন এজনে লিখিছে, ‘আখ লড়ী কদী-কদী, দিল টুট গয়া অভী অভী, আয়ে হায়ে অয়ে হোয়ে ৷’ আৰু এজনে লিখিছে, ‘আয়ে হায়ে অয়ে হোয়ে, বাই বাই ৷’ আৰু এটা কমেণ্ট দেখিবলৈ পোৱা গ’ল এইদৰে, ‘চহী হুৱা, কাণ ছে খুন আ ৰহা থা য়ে চুন-চুনকে ৷’

লগতে পঢ়ক : 13 বছৰৰ পাচত সংসদত পুনৰ মুখামুখি : ক’ত হৈছিল চিৰাগ-কংগনাৰ সাক্ষাৎ ? - Kangana Chirag Paswan movie together

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.