গুৱাহাটী, 21 জানুৱাৰী : সাজু হওক মহানগৰবাসী ৷ অহা 27 আৰু 28 জানুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ বহু প্ৰত্যাশিত ফেশ্বন শ্ব’ নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক (এনইআইএফডব্লিউ)– 2024 ৰ অষ্টম সংস্কৰণ । গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত ছাউথ পইণ্ট স্কুলৰ চৌহদত অনুষ্ঠিত হ’ব এই অনুষ্ঠান ।
উল্লেখ্য যে, নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক ধাৰাবাহিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে বিবেচিত হৈ অহাৰ লগতে ভাৰত তথা সমগ্ৰ বিশ্বৰ উচ্চাকাংক্ষী আৰু প্ৰখ্যাত ফেশ্বন ডিজাইনাৰসকলক আকৰ্ষণ কৰি আহিছে । এই ফেশ্বন উইকতে এক উদাৰ লক্ষ্যৰে অংশগ্ৰহণকাৰীসকলে একত্ৰিত হৈ নিজৰ অনন্য ডিজাইন প্ৰদৰ্শন কৰি আহিছে ।
এন ই আই এফ ডব্লিউৰ প্ৰাৰম্ভিক বিষয়বস্তু হৈছে "সকলোৰে বাবে ফেশ্বন", যাৰ অৰ্থ হৈছে ডিজাইনাৰৰ বাহিৰেও ফেশ্বনৰ প্ৰতি আগ্ৰহী শিশু, কিশোৰ আৰু মহিলাসকলৰ বাবে এক অনন্য মঞ্চ প্ৰদান কৰা । ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ফেশ্বন অনুৰাগীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । এনইআইএফডব্লিউ কেৱল এটা ফেশ্বন অনুষ্ঠানেই নহয়, বৰং সামাজিক উদ্দেশ্যৰ বাবেও এয়া এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হৈ আহিছে । অনুষ্ঠানটোৰ সামাজিক বিষয়বস্তু পূৰ্বে আছিল বৃদ্ধাশ্ৰমৰ বাবে, চকু আৰু অংগ দান, বৃক্ষ ৰোপণ আৰু পৰিৱেশ সুৰক্ষা, আন্তৰ্জাতিক বেচৰকাৰী সংস্থা পি ই টি এ তথা অন্য একাধিক পশু কল্যাণ সংগঠনৰ সহযোগত জীৱ-জন্তুক আশ্ৰয় আৰু সুৰক্ষা প্ৰদান কৰা ।
আনহাতে, এইবাৰ অনুষ্ঠিত হ’বলগীয়া অষ্টম সংস্কৰণটিৰ সামাজিক উদ্দেশ্য হৈছে পশুক আশ্ৰয় প্ৰদান, জীৱ-জন্তুৰ বৃদ্ধাৱস্থাত নিৰাপত্তা প্ৰদান কৰা আৰু জীৱ-জন্তুক তুলি লোৱাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰা । এই বছৰৰ নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইক (এনইআইএফডব্লিউ) অধিক ৰোমাঞ্চকৰ আৰু আকৰ্ষণীয় কৰি তোলাৰ প্ৰয়াস কৰা হৈছে । উত্তৰ-পূবৰ চহকী হস্ততাঁত শিল্পৰ ঐতিহ্যক বিশ্বৰ আগত তুলি ধৰাৰ ক্ষেত্ৰত আগভাগ লৈ অহা প্ৰশান্ত ঘোষে অভিনৱ উপায়েৰে সামাজিক সজাগতা বিয়পোৱাৰ লক্ষ্যৰে ফেশ্বনক এক অনন্য মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈ সাজু হৈছে ।
2024 চনত অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট ইণ্টাৰনেশ্যনেল ফেশ্বন উইকৰ অষ্টম সংস্কৰণত উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ পৰা অহা উচ্চাকাংক্ষী ফেশ্বন ডিজাইনাৰসকলৰ বৈচিত্ৰ্যপূৰ্ণ পৰিসৰ প্ৰদৰ্শন কৰা হ’ব । ইয়াৰ উপৰিও সমগ্ৰ ভাৰতৰ উল্লেখযোগ্য ডিজাইনাৰসকলৰ লগতে নেপাল, বাংলাদেশ আৰু ভূটানৰ দৰে চুবুৰীয়া দেশৰ প্ৰতিভাসম্পন্ন আগন্তুকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উত্তৰ-পূব ভাৰতৰ অন্যতম শীৰ্ষ ফেশ্বন ডিজাইনাৰ আৰু কৰিঅ’গ্ৰাফাৰ হিচাপে খ্যাত প্ৰশান্ত ঘোষৰ নেতৃত্বত এই দৰ্শনীয় অনুষ্ঠানটোৰ আয়োজন আৰু পৰিচালনা কৰিছে ক্ৰিয়েটিভ পিপল্-ৰ দলে ।
লগতে পঢ়ক: 12th Fail : নোচোৱাকৈ আছে যদি মিছ কৰিছে এখন প্ৰকৃত চিনেমাৰ সোৱাদ!