ETV Bharat / business

অতিথি আপ্য়ায়নৰ বাবে আৰু চিন্তা নাই: মাত্ৰ ১০ টকা কেজিত কিনক মাছ - fish in Telugu states - FISH IN TELUGU STATES

Wholesale fish market : এখন বিশেষ বজাৰত উজান উঠিছে মাছৰ ৷ মাত্ৰ ১০ টকা কেজিত ক্ৰয় কৰিব পাৰে মাছ ৷ পিছে ক’ত আছে এই বজাৰখন ? যদিহে মাছ খাই ভাল পায়, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে...

Wholesale fish market
অতিথি আপ্য়ায়নৰ বাবে আৰু চিন্তা নাই; মাত্ৰ ১০ টকা কেজিত কিনক মাছ (Getty Images)
author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 4:55 PM IST

Updated : May 27, 2024, 10:29 PM IST

নেশ্যনেল ডেস্ক, ২৭ মে’ : মাছ বাৰু আপোনাৰ প্ৰিয় নেকি ? মাছৰ টেঙা, খৰিচাৰ সৈতে মাছ আদি ব্যঞ্জনৰ কথা শুনিলে আপোনাৰো নিশ্চয় জিভাৰ পানী পৰিব ৷ কিন্তু সদায় মাছ ক্ৰয় কৰাটো জানো সম্ভৱ !

এতিয়া আৰু চিন্তা নাই ৷ ১০ টকা কেজিত মাছ কিনি আপুনি প্ৰতিদিনে ল’ব পাৰিব জিভাৰ জুতি ৷ এতিয়া হয়তো আপোনাৰ মনলৈ বিভিন্ন প্ৰশ্নৰ উদয় হৈছে- সঁচাই জানো ১০ টকা কেজিত মাছ কিনিব পাৰি ? ১০ টকা কেজিত পোৱা মাছ কিমান স্বাস্থ্যৰ বাবে উপকাৰী অথবা এয়া এক অযুক্তিকৰ কথা ৷

কিন্তু আপোনাক যদি কওঁ এয়া কোনো ভ্ৰম বা মিছা কথা নহয় ৷ তেন্তে আপুনিও জানি আচৰিত হ’ব যে বৰ্তমানৰ মূল্যবৃদ্ধিৰ সময়তো বহু টকীয়া মূল্যৰ মাছ পোৱা যায় মাত্ৰ ১০ টকা কেজিত ৷ আমি উল্লেখ কৰা এই ১০ টকা কেজিত মাছ পোৱা ঠাইখন হৈছে অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলা ৷

জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তনে কঢ়িয়াই অনা এক উল্লেখযোগ্য প্ৰত্যাহ্বান ৷ এই প্ৰত্যাহ্বানৰ সৈতে বৰ্তমান পশ্চিম গোদাৱৰী জিলাৰ একুৱা কৃষক (aqua farmers) তথা মাছুৱৈসকলে যুঁজ দিব লগাত পৰিছে ৷ বতৰৰ এই হঠাৎ পৰিৱৰ্তনৰ ফলত একুৱাৰ পুখুৰীবোৰত অক্সিজেনৰ অভাৱৰ দৰে এক জটিল সমস্যাৰ সৃষ্টি হৈছে ৷ যাৰ ফলত মাছৰ জীৱন চক্ৰত আহি পৰিছে ভয়ংকৰ বিপদ ৷

যোৱা সপ্তাহৰ শেষৰ ফালে পশ্চিম গোদাবৰী আৰু এলুৰু জিলাৰ (Eluru district)ৰ উপকূলীয় বহু পুখুৰীত বহু মাছ মৰি উপঙি থকা দেখিবলৈ পোৱা গৈছিল ৷ যাৰ ফলত মাছুৱৈসকল যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হ’ব লগা হৈছিল ।

ফলত আকিভিডুৰ পাইকাৰী বজাৰলৈ (Akividu wholesale market) মাছ কঢ়িয়াই নিয়াৰ বাবে ১৫০খনতকৈও অধিক ল’ৰী (lorries) আৰু ভান ব্যৱহাৰ কৰা হৈছে, যি সাধাৰণ দৈনিক পৰিবহণৰ পৰিমাণৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে । ইয়াৰ ফলতো মাছৰ দাম তীব্ৰভাৱে হ্ৰাস পাইছে ৷

আনকি ব্যৱসায়ীসকলেও কম মূল্যতে মাছ বিক্ৰী কৰিব লগাত পৰিছে । একেদৰে হঠাতে বজাৰত মাছৰ যোগান বৃদ্ধি হোৱাত খুচুৰা ব্যৱসায়ীসকলেও কম মৃল্যত ক্ৰয় কৰি, কম মূল্যতে বিক্ৰী কৰিব লগাত পৰিছে ৷ সেয়ে আকাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি কেজিত ১০ টকাৰ পৰা ২৫ টকাকৈ ক্ৰয় কৰিছে ব্যৱসায়ীসকলে । ভীমৱৰাম আৰু এলুৰুৰ (Bhimavaram and Eluru) বজাৰসমূহ সংযুক্ত জিলাখনৰ শ শ টন মাছেৰে অতি ভৰি পৰিছে ।

লগতে পঢ়ক : কুকুৰা মাংস ভালপালে বুলিলেই নাখাব এইকেইটা অংশ, ইয়াৰ আছে পাৰ্শ্বক্ৰিয়া - Unhealthy Part Of Chicken

Last Updated : May 27, 2024, 10:29 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.