ETV Bharat / bharat

ত্ৰিপুৰাত প্ৰথমটো চিন্থেটিক এথলেটিক ট্ৰেক উদ্বোধন মুখ্যমন্ত্ৰী মাণিক সাহাৰ - Synthetic athletic track

author img

By ANI

Published : Jul 3, 2024, 9:18 AM IST

Tripura CM Manik Saha: ৩৮.৫৫ কোটি টকা ব্যয়সাপেক্ষে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড সম্পন্ন ক্ৰীড়া প্ৰকল্প স্থাপনৰ বাবে ড’নাৰ মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ ত্ৰিপুৰা চৰকাৰৰ ৷ ৰাজ্য়খনত ক্ৰীড়াৰ বিকাশৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য় মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাৰ ।

Sports complex in Tripura
মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা (ANI)

নিউজ ডেস্ক, ৩ জুলাই: ত্ৰিপুৰা চৰকাৰে ৰাজ্য়খনত ক্ৰীড়াৰ আন্তঃগাঁথনি বিকাশৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । ৰাজ্য়খনত এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডসম্পন্ন ক্ৰীড়া প্ৰকল্প স্থাপনৰ বাবে উত্তৰ-পূব অঞ্চল উন্নয়ন মন্ত্ৰালয় (ড’নাৰ) লৈ ৩৮.৫৫ কোটি টকাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে । মঙলবাৰে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঃ মাণিক সাহাই ।

'খেলো ইণ্ডিয়া আঁচনি'ৰ অধীনত পানীসাগৰৰ আঞ্চলিক শাৰীৰিক শিক্ষা মহাবিদ্যালয়ত (আৰচিপিই) অৰুণাভ ৰয় চিন্থেটিক এথলেটিক ট্ৰেক উদ্বোধনৰ পিছত মুখ্যমন্ত্ৰী সাহাই এই ঘোষণা কৰে । মুখ্য়মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ লগতে ক্ৰীড়াখণ্ডৰ উন্নয়নৰ প্ৰতি বিশেষ মনোযোগ দিছে । তেওঁ কয়, "আমাৰ চৰকাৰে আৰম্ভণিৰ পৰাই ৰাজ্যজুৰি কেইবাটাও চিন্থেটিক টাৰ্ফ ফুটবল খেলপথাৰ, চুইমিং পুল, ক্ৰীড়া প্ৰকল্প আৰু অন্যান্য ক্ৰীড়া আন্তঃগাঁথনিৰ সুবিধা কৰিছে" ৷

মুখ্য়মন্ত্ৰীগৰাকীয়ে চৰকাৰে আগৰতলাৰ ভোলাগিৰিত এটা আন্তৰ্জাতিক মানসম্পন্ন ক্ৰীড়া প্ৰকল্প স্থাপন কৰাৰ পৰিকল্পনা কৰা বুলি উল্লেখ কৰি কয়, "আমি এখন প্ৰাকৃতিক ফুটবল খেলপথাৰ, এটা চুইমিং পুল আৰু বহুমুখী ক্ৰীড়াহলৰে গঠিত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া প্ৰকল্প স্থাপন কৰাৰ পৰিকল্পনা কৰিছো । আমি ড’নাৰলৈ ৩৮.৫৫ কোটি টকাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছো । আমি গেলেৰীকে ধৰি ছয়খন খেলপথাৰৰ বিকাশৰ কাম কৰি আছো । খেলো ইণ্ডিয়া আঁচনিৰ অধীনত আমি ধৰ্মনগৰ, খোৱাই, আম্বাচা, চেপাহিজালা আৰু বেলোনিয়াত বহুমুখী ক্ৰীড়াগৃহ স্থাপন কৰিম" ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী ক্ৰীড়া উন্নয়ন আঁচনিৰ অধীনত ক্ৰীড়াৰ বিকাশৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে । আগৰতলাৰ এনএছআৰচিচিত এখন বাস্কেটবল আৰু ভলীবল ক’ৰ্ট, এটা ইনড'ৰ হল স্থাপন কৰিব বুলিও তেওঁ কয় । তদুপৰি খৱাই জিলাৰ অন্তৰ্গত তেলিয়ামুৰাত ক্ৰীড়া বিভাগৰ কাৰ্যালয় স্থাপন কৰা হ'ব বুলিও উল্লেখ কৰি মুখ্য়মন্ত্ৰীগৰাকীয়ে ক্ৰীড়া মন্ত্ৰী টিংকু ৰয় আৰু ক্ৰীড়া বিভাগৰ বিষয়াসকলক খেলুৱৈসকলৰ পুষ্টি ৰক্ষা কৰিবলৈও অনুৰোধ জনায় ।

লগতে পঢ়ক: পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে ‘ইণ্ডিয়া হাউছ’ ঘোষণা ভাৰতীয় অলিম্পিক সন্থাৰ - Paris Olympics 2024

অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "ক্ৰীড়াৰ ৰজা হৈছে এথলেটিকছ । এথলেটিকছত বিভিন্ন প্ৰকাৰৰ ক্ৰীড়া থাকে । এই এথলেটিক ট্ৰেকটোৱে ভৱিষ্যতে খেলুৱৈসকলক লাভান্বিত কৰিব । ৰাজ্যখনত এতিয়া বিভিন্ন সুবিধা আছে । সমগ্ৰ ত্ৰিপুৰা ক্ৰীড়া, স্বাস্থ্য, কৃষি আদি ক্ষেত্ৰত আগবাঢ়িছে । এই চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত উন্নয়নৰ দিশত কাম কৰি আছে" ৷ তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে ক্ৰীড়াক সাধাৰণ লোকৰ মাজত অধিক জনপ্ৰিয় কৰি তুলিবলৈ বিভিন্ন আধুনিক ব্যৱস্থাপনা কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । পৰ্যাপ্ত আন্তঃগাঁথনিৰ বিকাশৰ বাবে, এতিয়া খেলুৱৈসকলৰ বহুতো লাভালাভ আছে আৰু তেওঁলোকে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ।

অনুষ্ঠানটোত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী টিংকু ৰয়, বিধায়ক বিনয় ভূষণ দাস, বিধায়ক যাদব লাল নাথ, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ সচিব পি কে চক্ৰৱৰ্তী আৰু অন্যান্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক: পুনৰ ইতিহাস ৰচাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকলৈ লাভলীনা বৰগোহাঁই - LOVLINA BORGOHAIN

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.