ETV Bharat / bharat

বিৰোধীৰ হাতত নাই গুৰুত্বপূৰ্ণ ইচ্ছ্যু : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা - Lok Sabha elections 2024

author img

By ANI

Published : Apr 12, 2024, 6:58 AM IST

Lok Sabha elections 2024 : ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) ক আক্ৰমণ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ ৷ গণতন্ত্ৰক ভেঙুচালি কৰাৰ অভিযোগ সাহাৰ ৷

Tripura CM Manik Saha blames CPIM-Congress for "eroding democracy
বিৰোধীৰ হাতত নাই গুৰুত্বপূৰ্ণ ইচ্ছ্যু : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা

নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) আৰু কংগ্ৰেছক বিগত 35 বছৰে ৰাজ্যখনৰ গণতন্ত্ৰক ভেঙুচালি কৰি গ্ৰহণ কৰি অহা ভূমিকাৰ বাবে গৰিহণা দিয়ে । বৃহস্পতিবাৰে আগৰতলাত হোৱা এখন নিৰ্বাচনী সভাত ভাষণ দি সাহাই সমাগত নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ইচ্ছ্যু শেষ হোৱাৰ অভিযোগ উত্থাপন কৰে ।

ভাষণৰ সময়ত সাহাই বৰ্তমান বিৰোধী ঢৌৰ অভাৱৰ কথা আঙুলিয়াই দি বিৰোধীয়ে কাৰ্যক্ষম বিকল্প বা গুৰুত্বপূৰ্ণ বিষয়সমূহ দাঙি ধৰাত ব্যৰ্থ হোৱাৰ ইংগিত দিয়ে । "বিৰোধীয়ে গণতন্ত্ৰ আৰু সাংবিধানিক সংৰক্ষণৰ অলংকাৰত আৱদ্ধ হৈ আছে, একে সময়তে তেওঁলোকৰ পূৰ্বৰ শাসন ব্যৱস্থাত সুবিধাজনকভাৱে নিজৰ হিংসা আৰু দমনৰ ইতিহাসক আওকাণ কৰিছে ।"

মুখ্যমন্ত্ৰীয়ে চিপিআইএমৰ ভয়ৰ ৰাজনীতি আৰু গণতন্ত্ৰৰ সংকীৰ্ণ সংজ্ঞাক সমালোচনা কৰে ৷ চিপিআইএমে কেৱল দলৰ লোককহে ‘ভাল’ নাগৰিক বুলি গণ্য কৰে । ইয়াৰ বিপৰীতে ড৹ সাহাই ভাৰতীয় সংবিধান ৰক্ষাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টা আৰু ত্ৰিপুৰা আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উন্নয়নৰ দিশত মোদীৰ অৱদানক প্ৰশংসা কৰি বিশেষকৈ ৰাম মন্দিৰ প্ৰতিষ্ঠাক এক উল্লেখযোগ্য কৃতিত্ব হিচাপে উল্লেখ কৰে ।

2014 চনৰ পৰা দেশত উন্নয়নৰ ঢৌ আৰম্ভ হৈছে বুলি উল্লেখ কৰি ড৹ সাহাই বিৰোধীয়ে মিছা আৰু নাট্যকলাৰ জৰিয়তে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে । সাহাই কয়, "তেওঁলোকে কেৱল মিছাৰ ওপৰত নিৰ্ভৰ কৰি জনসাধাৰণক বিভ্ৰান্ত কৰে । তেওঁলোক নাট্যকাৰ ।" ত্ৰিপুৰাত নিৰ্বাচনী গৰম বতাহ বলাৰ লগে লগে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই ৰাজ্যৰ ৰাজনীতিত লাভ কৰিছে বিশেষ চৰ্চা ৷

উল্লেখযোগ্য যে, ৰাজ্যখনত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা । 19 এপ্ৰিলত পশ্চিম ত্ৰিপুৰা আৰু 26 এপ্ৰিলত পূব ত্ৰিপুৰাত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । 4 জুনত ভোটগণনা অনুষ্ঠিত হ’ব ।

  • " class="align-text-top noRightClick twitterSection" data="">

543 খন আসনৰ বাবে হ’বলগীয়া লোকসভা নিৰ্বাচন 19 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 1 জুনত সমাপ্ত হ’ব ৷ সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব । সাধাৰণ নিৰ্বাচনত প্ৰায় 97 কোটি ভোটাৰে ভোটদান কৰিব ।

লগতে পঢ়ক: ত্ৰিপুৰাত ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাব হিমন্ত-সৰ্বাই - Tripura star campaigners list

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.