ৰাজস্থান (বনস্বৰা): সাৱধান ! যিকোনো বস্তু গ্ৰহণ কৰাৰ পূৰ্বে দহবাৰ চিন্তা কৰক ৷ আপুনি নিশ্চয় জানে, সুস্বাদু খাদ্যও হ’ব পাৰে আপোনাৰ বাবে কাল ৷ পিছে আপুনি বাৰু কেতিয়াবা কল্পনা কৰিব পাৰেনে সাধাৰণ চাহ একাপো আপোনাৰ মৃত্যুৰ কাৰণ হ’ব পাৰে বুলি ৷
লাভ কৰা তথ্য অনুসৰি, সাধাৰণ চাহ একাপ খোৱাৰ ফলতে একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হয় ৷ এই তিনিজনৰ ভিতৰত আছিল এটি কিশোৰ ৷ বাতৰি লিখা পৰলৈকে লাভ কৰা খবৰ মতে, তিনিওজনৰে মৰণোত্তৰ পৰীক্ষা চলি আছে । এই ঘটনাৰ পিছতে স্থানীয় জনপ্ৰতিনিধি আৰু অন্যান্য লোক ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈছে । আমি উল্লেখ কৰা এই ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ আম্বাপুৰা থানা এলেকাৰ নলদা গাঁৱত ৷
আম্বাপুৰা আৰক্ষী থানাৰ বিষয়া ৰামৰূপ মীনাই জনোৱা মতে, দেওবাৰে সন্ধিয়া গাঁওখনৰ শম্ভু লালৰ ঘৰত চাহ খাই ৬ জন লোকৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁলোকে বমি কৰিবলৈ ধৰে । তাৰ পাচতে ১০৮ এম্বুলেন্স সেৱাত ফোন কৰি স্থানীয় ৰাইজে আটাইকে এম জি হাস্পতাললৈ প্ৰেৰণ কৰে ।
কিন্তু সোমবাৰে আগবেলা লালু ৰামৰ পত্নী ৫৫ বছৰীয়া দাৰিয়াৰ বিয়লি মহাত্মা গান্ধী চিকিৎসালয়ত মৃত্যু হয় । ইফালে ক্ৰমাৎ স্বাস্থ্য অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে সকলোকে উদয়পুৰলৈ ৰেফাৰ কৰা হয় । কিন্তু ২৬ বছৰীয়া চন্দাৰ পত্নী শম্ভু লালৰো বাটতে মৃত্যু হোৱা বুলি ৰামৰূপ মীনাই কয় ৷
তেওঁ উল্লেখ কৰা যে সোমবাৰে পুৱা লাভ কৰা তথ্য মতে উদয়পুৰৰ আৰ এন টি মেডিকেল কলেজ হাস্পতালত শম্ভু লালৰ পুত্ৰ ১৪ বছৰীয়া অক্ষৰাজ আৰু তেওঁৰ মাকৰো মৃত্যু হয় । শম্ভু লালৰ পত্নী, পুত্ৰ আৰু মাকৰ মৃত্যুত হোৱাত অকলশৰীয়া হৈ শোকত ভাগি পৰিছে তেওঁ ৷
এতিয়াও উদয়পুৰত চিকিৎসাধীন হৈ আছে মোগাজীৰ বিশ বছৰীয়া পুত্ৰ মনীষ, লালু ৰামৰ পুত্ৰ শম্ভু আৰু চুবুৰীয়া ৬০ বছৰীয়া লালু ।
- চাহপাতৰ পৰিৱৰ্তে চাহত দিয়া হৈছিল উঁইপোক মৰা ঔষধ:
আম্বাপুৰা আৰক্ষী থানাৰ বিষয়া ৰাম ৰূপ মীনাই কয় যে প্ৰাথমিক তদন্তত এই চাহ উঁইপোক মৰা বিষাক্ত ঔষধ পোৱা গৈছে । পৰিয়ালৰ লোকক সোধ-পোছ কৰাৰ সময়ত জানিব পৰা গৈছে যে পাকঘৰতে উঁইপোক মৰা বিষাক্ত ঔষধ ৰখা হৈছিল । সেই ঔষধ ক’লা ৰঙৰ এটা বেগত ৰখা হৈছিল । দেখাত চাহপাত যেন লাগিছিল । সম্ভৱতঃ কোনোবাই চাহপাতৰ ঠাইত এই বিষাক্ত ঔষধ চাহত দি দিলে ৷
- তিনিটা পৃথকে পৃথকে গোচৰ দাখিল কৰা হয় :
আৰক্ষী বিষয়া মীনাই কয় যে এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে গাঁওখনৰ লগতে চিকিৎসালয়ত আৰক্ষীৰ দল মোতায়েন কৰা হয় । এতিয়া এটা দলক মৰণোত্তৰ পৰীক্ষাৰ বাবে উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছে । তিনিওজনৰে মৰণোত্তৰ প্ৰতিবেদন পৃথকে পৃথকে দাখিল কৰা হৈছে । প্ৰাথমিক তদন্তত বিষাক্ত চাহ খোৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি পোহৰলৈ আহিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে অধিক তথ্য জানিব পৰা যাব ।
- বিধায়ক তথা উপ-জিলা মুৰব্বীয়ে সান্ত্বনা :
বনস্বৰাৰ বিধায়ক অৰ্জুন সিং বামনিয়া আৰু উপ-জিলা প্ৰধান ডাঃ বিকাশ বামনিয়াই ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰে । বনস্বৰাৰ এম জি হাস্পতালতো উপস্থিত হয় । লগতে পৰিয়ালটোক সান্ত্বনা দিয়ে যে চৰকাৰৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব ।
লগতে পঢ়ক : বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিৰবিদায় মাগিলে জয়াই |