নেশ্যনেল ডেস্ক, ১২ জুন: ৰামোজী গ্ৰুপৰ মুৰব্বী প্ৰয়াত ৰামোজী ৰাওক তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ে মঙলবাৰে সন্ধিয়া মন্ত্ৰী তুম্মালা নাগেশ্বৰ ৰাও আৰু সাংসদ চামালা কিৰণ কুমাৰ ৰেড্ডীৰ সৈতে ৰামোজী ফিল্ম চিটীস্থিত ৰামোজী ৰাওৰ বাসগৃহত উপস্থিত হয় ৷ তেওঁলোকে ৰামোজী ৰাওৰ বাসগৃহত তেওঁৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জনায় ।
ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাচত তেওঁলোকে ঈনাডুৰ পৰিচালন সঞ্চালক কিৰণ, মাৰ্গদৰ্শীৰ পৰিচালন সঞ্চালক শৈলাজা কিৰণ, ৰামোজী ফিল্ম চিটীৰ পৰিচালন সঞ্চালক বিজয়েশ্বৰীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যৰ সৈতে বিশেষ বৈঠকত মিলিত হয় ।
ৰেৱন্ত ৰেড্ডীয়ে কয় যে, ৰামোজী ৰাওৰ ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে ৷ তেওঁ ৰামোজী গ্ৰুপৰ প্ৰয়াত মুৰব্বীগৰাকীৰ পৰিয়ালৰ লোকক এনে পৰিস্থিতিত অধিক সাহস গোটাই হৃদয় সবল কৰি ৰাখিবলৈ কামনা কৰে ।
ইফালে ত্ৰিপুৰাৰ ৰাজ্যপাল নল্লু ইন্দ্ৰসেনা ৰেড্ডীয়েও প্ৰয়াত ৰামোজী ৰাওক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ ৰামোজী ফিল্ম চিটীত থকা ৰামোজী ৰাওৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে । তেওঁ ৰামোজী ৰাওৰ লগত অতিবাহিত কৰা সময়ৰ কথা স্মৰণ কৰি আৱেগিক হৈ পৰে ৷
উল্লেখ্য যে, ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ৰামোজী ৰাওৰ শনিবাৰৰ পুৱা দেহাৱসান ঘটে । দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৰাওক ৫ জুনত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসাধীন অৱস্থাতে শনিবাৰৰ পুৱা প্ৰায় 4.50 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷
লগতে পঢ়ক: ৰামোজী ফিল্ম চিটী: য'ত সপোন বাস্তৱত পৰিণত হয় - RAMOJI RAO PASSES AWAY IN HYDERABAD
ৰামোজী ৰাও আছিল ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক মুৰব্বী ৷ যাৰ নেতৃত্বত গঢ় লৈ উঠিছিল ৰামোজী ফিল্ম চিটী, যি বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী । মিডিয়া বেৰনগৰাকী ঈনাডু বাতৰি কাকত, ইটিভি নেটৱৰ্ক, চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী উষা কিৰণ মুভিজৰ দৰে বহু উল্লেখযোগ্য সংস্থাসমূহৰো কৰ্ণধাৰ আছিল ।