ETV Bharat / bharat

তেজস্বী যাদৱৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; ১ জন আৰক্ষী নিহত, কেইবাজনো আহত

Tejashwi Yadav convoy car accident : বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ জন বিশ্বাস যাত্ৰাত অঘটন ৷ পূৰ্ণিয়াত এক শোকাৱহ পথ দুৰ্ঘটনাত পতিত হয় যাদৱৰ কনভয়ৰ বাহন ৷ এই দুৰ্ঘটনাত এজন আৰক্ষীৰ মৃত্যু হোৱাৰ বিপৰীতে কেইবাজনো আৰক্ষী আহত হৈছে।

author img

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 8:08 AM IST

Tejashwi Yadav convoy car accident
তেজস্বী যাদৱৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; ১ জন আৰক্ষী নিহত

নেশ্যনেল ডেস্ক, 27 ফেব্ৰুৱাৰী : বিহাৰত অব্যাহত আছে জন বিশ্বাস যাত্ৰা ৷ ইয়াৰ মাজতে শনিবাৰে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ জন বিশ্বাস যাত্ৰাৰ সময়তে এক শোকাৱহ ঘটনা সংঘটিত হয় ৷ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীৰ কনভয়ৰ এখন নিৰাপত্তাৰক্ষীৰ বাহন দুৰ্ঘটনাত পতিত হয় ৷ এই শোকাৱহ পথ দুৰ্ঘটনাত এজন আৰক্ষী নিহত হয় বুলি জানিব পৰা গৈছে ৷ এই দুৰ্ঘটনাৰ ঘটনা পূৰ্ণিয়াৰ মুফাচিল আৰক্ষী থানা অঞ্চলৰ বেলাউৰী চকৰ সমীপত সংঘটিত হয় ৷

এই দুৰ্ঘটনাত, এছক'ৰ্ট বাহনখনৰ চালকজন ঘটনাস্থলীত মৃত্যুবৰণ কৰে, আনহাতে কেইবাগৰাকীও কৰ্তব্যৰত আৰক্ষী গুৰুতৰভাৱে আহত হয় ৷ এই ঘটনাৰ পিচতে আৰক্ষী বিষয়াসহ এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে আহত কনিষ্টবলসকলক চিকিৎসাৰ বাবে পূৰ্ণিয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰিজাৰ্ভৰ উপ-অধীক্ষক পুষ্কৰ কুমাৰে কয় যে, বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ কনভয়ৰ কাটিহাৰ সীমান্তলৈ গৈ থকাৰ সময়তে বেলাউৰী চকৰ সমীপত দিবলৈ পূৰ্ণিয়া অভিমুখে আহি থকা এখন বাহনৰ লগত এছক’ৰ্টৰ বাহনখন দুৰ্ঘটনাত পতিত হয় ৷ এছক'ৰ্ট বাহনখনৰ চালকজন ঘটনাস্থলীতে মৃত্যুবৰণ কৰিছে, আনহাতে প্ৰায় 6 গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হৈছে ৷ তেওঁলোকক সম্প্ৰতি পূৰ্ণিয়াৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি থকা হৈছে ৷

অৱশ্যে, এই ঘটনাটোৰ পাচতে তেজস্বী যাদৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিচতে কাটিহাৰলৈ ৰাওনা হয় । জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰৈ কাটিহাৰৰ পৰা পূৰ্ণিয়া হৈ ফৰ্বচগঞ্জলৈ গৈ থকা বাহনখনত 5 গৰাকী লোক আছিল ।

লগতে পঢ়ক: কেজৰিৱালে স্বীকাৰ কৰিলে ভুল, ভিডিঅ' ৰিটুইট কৰি মানহানিৰ মুখামুখি দিল্লীৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.