ETV Bharat / bharat

স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ সময়ত থানাৰ দায়িত্ব ল'লে বজৰংবলীয়ে - 78th Independence Day

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 8:25 PM IST

78th Independence Day: আজি দেশত ধুমধামেৰে উদয়াপন কৰা হয় ৭৮ সংখ্যক স্বাধীনতা দিৱস । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শ্ৰীৰাম জন্মভূমিতো উদযাপন কৰে স্বাধীনতা দিৱস । পিচে স্বাধীনতা দিৱসৰ দিনা অযোধ্যাত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য । ৰামজন্মভূমি থানাত এছ এইচ অ'ৰ চকীত বহি থকা এটা বান্দৰক অভিবাদন জনালে আৰক্ষী বিষয়াই ।

78th Independence Day
থানাৰ দায়িত্ব ল'লে বজৰংবলীয়ে (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, ১৫ আগষ্ট: দেশে উদযাপন কৰিলে ৭৮ সংখ্যক স্বাধীনতা দিৱস । সমগ্ৰ দেশতে এক উখল-মাখল পৰিৱেশ স্বাধীনতা দিৱসক কেন্দ্ৰ কৰি । দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে উদযাপন কৰা স্বাধীনতা দিৱসৰ ছবিয়ে লাভ কৰিছে বিশেষ চৰ্চা । এনে এখন বিশেষ ছবি দেখা গ'ল শ্ৰীৰামৰ জন্মভূমি অযোধ্যাত । অযোধ্যাত এখন আৰক্ষী থানাত সকলোৱে পতাকা উত্তোলন কৰাৰ সময়ত থানাৰ দায়িত্বত থাকিল এটা বান্দৰ ।

ৰামনগৰীৰ ৰাম জন্মভূমি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আৰক্ষী জোৱানসকলে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পাছতে উভতি আহি দেখে থানাখনৰ এছ এইচ অ' দেৱেন্দ্ৰ পাণ্ডেৰ কেবিনত তেওঁৰ চকীত বজৰংবলীৰ ৰূপত এটা বান্দৰ বিৰাজমান হৈ আছে । লগে লগে আৰক্ষী বিষয়াগৰাকীয়ে বান্দৰটোক অভিবাদন জনাই ক'লে "জয় হিন্দ ছাৰ" । এই আশ্চৰ্যজনক দৃশ্যটো দেখাৰ পাচত হতবাক হৈ পৰে উপস্থিত সকলো লোক ।

বান্দৰটো প্ৰতিদিনে পুৱা ৯ বজাত আহে আৰক্ষী থানাখনলৈ:

আৰক্ষী থানাৰ এছ এইচ অ' দেৱেন্দ্ৰ পাণ্ডেই কয়,"যেতিয়াৰে পৰা অযোধ্যাৰ ৰাম মন্দিৰ ৰখাৰ কাৰ্যসূচী সম্পূৰ্ণ হৈছে, তেতিয়াৰ পৰা, এই বান্দৰটো প্ৰতিদিনে ৰাম জন্মভূমি আৰক্ষী থানাত উপস্থিত হয় । বান্দৰটোৱে প্ৰতিদিনে ফল আৰু বিস্কুট খায় । থানাখনক তেওঁ নিজৰ ঘৰৰ দৰে অনুভৱ কৰে । যাৰ বাবে তেওঁ প্ৰতিদিনে পুৱা ৯ বজাত উপস্থিত হয় আৰু প্ৰায় ২ ঘণ্টা সময় আৰক্ষী থানাত অতিবাহিত কৰে । কিন্তু এই সময়ছোৱাত বান্দৰটোৱে কাৰো ক্ষতি নকৰে ।"

বান্দৰৰ ৰূপত দেখা দিছিল হনুমানজীয়ে:

আৰক্ষী থানাৰ এছ এইচ অ'গৰাকীয়ে লগতে কয়,"যেতিয়া থানাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হৈছিল আৰু সকলো আৰক্ষীয়ে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি আছিল, এই সময়ছোৱাত, বান্দৰটোৱে আৰক্ষী থানাত প্ৰৱেশ কৰি আসনত বিৰাজমান হৈছিল ।" পতাকা উত্তোলন কৰাৰ পিছত, যেতিয়া তেওঁ তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল, বান্দৰটোক সাক্ষাৎ হনুমানৰ ৰূপত দেখা গৈছিল । লগে লগে তেওঁ থিয় হৈ অভিবাদন জনাই বিস্কুট দিয়াত খাই বান্দৰটো গুচি গৈছিল ।

কাশীৰ সিন্ধিয়া ঘাটত ত্ৰিৰংগ উত্তোলন, বটুকসকলে জনালে অভিবাদন:

78th Independence Day
বটুকসকলে জনালে অভিবাদন (ETV Bharat Assam)

ইফালে ধৰ্মনগৰী কাশীৰ সিন্ধিয়া ঘাটতো আজি ত্ৰিৰংগা উত্তোলন কৰা হয় । নমামি গংগাৰ লগতে মহৰ্ষি যোগী বেদ বিজ্ঞান বিদ্যাপীঠৰ বটুকসকলে ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনায় । ত্ৰিৰংগ পতাকাক অভিবাদন জনাই উপস্থিত লোকসকলে 'জহা ডাল-ডাল পৰ সৌণে কী চিৰিয়া কৰটী হে বসেৰা','মৰ্যাদা হে ইচ দেশ কী পহচান হে গংগা' আদি দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি আনন্দ-উল্লাস কৰে ।

লগতে পঢ়ক: ৰামোজী ফিল্ম চিটীত স্বাধীনতা দিৱস উদযাপন - 78th Independence Day

প্ৰধানমন্ত্ৰী মোদী আৰু স্বাধীনতা দিৱসৰ বিশেষ পাগুৰি - PM Modi Special Turban

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.