ETV Bharat / bharat

নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থক মুকলিৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - SC Orders to Prabir Purkayastha - SC ORDERS TO PRABIR PURKAYASTHA

SC on Prabir Purkayastha Cae : এজাহাৰ অনুসৰি, নিউজক্লিকে চীনৰ পৰা 'ভাৰতৰ সাৰ্বভৌমত্ব ব্যাহত' কৰিবলৈ আৰু দেশখনৰ বিৰুদ্ধে অসন্তুষ্টি সৃষ্টি কৰিবলৈ বৃহৎ পুঁজি লাভ কৰিছিল বুলি অভিযোগ কৰা হৈছে । তাত আৰু কোৱা হৈছে যে পুৰকায়স্থই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰক্ৰিয়াক ধ্বংস কৰিবলৈ পিপ'লছ এলায়েন্স ফৰ ডেমক্ৰেচী এণ্ড ছেকুলাৰিজিম (পিএডিএছ) নামৰ এটা গোটৰ সৈতে ষড়যন্ত্ৰ কৰিছিল ।

SC on Prabir Purkayastha Cae
প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 15, 2024, 1:50 PM IST

নিউজ ডেস্ক, ১৫ মে' : নিউজক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থৰ মুক্তিৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে । বুধবাৰে উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ দি কয় যে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, ১৯৬৭ ৰ অধীনত এটা গোচৰত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাটো 'অবৈধ' ।

ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত এখন বিচাৰপীঠে কয় যে এই সিদ্ধান্তত উপনীত হ'বলৈ কোনো দ্বিধা নাই যে ৪ অক্টোবৰ, ২০২৩ তাৰিখৰ জিম্মা আদেশ গৃহীত হোৱাৰ পূৰ্বে অভিযুক্ত-আপীলকাৰী বা তেওঁৰ অধিবক্তাক জিম্মা আবেদনৰ এটা প্ৰতিলিপি বা লিখিতভাৱে গ্ৰেপ্তাৰৰ ভিত্তিৰ কোনো কাৰণ জনোৱা নাছিল ।

শীৰ্ষ ন্যায়ালয়ৰ সন্মুখত প্ৰবীৰক প্ৰতিনিধিত্ব কৰে জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে । বিচাৰপীঠে জোৰ দিয়ে যে এইটোৱে আপীলকাৰীৰ গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী জিম্মাক প্ৰভাৱিত কৰিব ।

বিচাৰপীঠে কয়, "পংকজ বানচালৰ এই আদালতে প্ৰদান কৰা ৰায়ৰ যুক্তিকতা প্ৰয়োগ কৰি আপীলকাৰীজন জিম্মাৰ পৰা মুক্তিৰ নিৰ্দেশনা প্ৰদানৰ অধিকাৰী ।"

উল্লেখ্য যে দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰেপ্তাৰ আৰু পৰৱৰ্তী গোচৰটোত আৰক্ষীৰ জিম্মাৰ বিৰুদ্ধে তেওঁলোকৰ আবেদন খাৰিজ কৰিছিল । তেওঁক ৩ অক্টোবৰত দিল্লী আৰক্ষীৰ বিশেষ কোষে গ্ৰেপ্তাৰ কৰিছিল । এজাহাৰ অনুসৰি, নিউজ পৰ্টেললৈ বৃহৎ পুঁজি চীনৰ পৰা "ভাৰতৰ সাৰ্বভৌমত্ব ব্যাহত" কৰিবলৈ আৰু দেশখনৰ বিৰুদ্ধে অসন্তুষ্টি সৃষ্টিৰ বাবে আহিছিল বুলি অভিযোগ কৰা হৈছে ।

লগতে এইটোও অভিযোগ কৰা হৈছিল যে পুৰকায়স্থই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰক্ৰিয়াটো তছনছ কৰিবলৈ পিপ'লছ এলায়েন্স ফৰ ডেমোক্ৰেচী এণ্ড ছেকুলাৰিজিম (পিএডিএছ) নামৰ এটা গোটৰ সৈতে ষড়যন্ত্ৰ কৰিছিল ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচনৰ মাজতে নিৰ্বাচনী আচৰণ বিধি উলংঘা সম্বন্ধীয় 90% গোচৰ নিষ্পত্তি: নিৰ্বাচন আয়োগ - Lok Sabha Election 2024

লগতে পঢ়ক :দলত্যাগৰ ৰাজনীতি আৰু ভাৰতৰ দলত্যাগ-বিৰোধী আইন; বাস্তৱত কিহৰ প্ৰতিফলন ? - Anti Defection Law

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.