ETV Bharat / bharat

পৰৱৰ্তী অৰুণাচলৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি - Arunachal next CM

author img

By PTI

Published : Jun 11, 2024, 9:54 PM IST

Arunachal next CM: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘক অৰুণাচলৰ কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি । পৰৱৰ্তী অৰুণাচলৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে নিযুক্তি দিয়া হৈছে নেতাদ্বয়ক ৷ ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় ব’ৰ্ডে নিযুক্তি দিয়ে দুয়োগৰাকীকে ৷

Arunachal next CM
পৰৱৰ্তী অৰুণাচলৰ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি (ETV BHARAT ASSAM)

নিউজ ডেস্ক, ১১ জুন: অৰুণাচল প্ৰদেশৰ দলীয় বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় ব’ৰ্ডে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তৰুণ চুঘক কেন্দ্ৰীয় পৰ্যবেক্ষকৰূপে নিযুক্তি দিয়ে । দলটোৱে এক বিবৃতিত এই কথা ঘোষণা কৰে ৷ বিবৃতিত উল্লেখ কৰা অনুসৰি, নেতা দুগৰাকীয়ে এই বৈঠকত তদাৰক কৰিব য’ত বিধায়কসকলে নিজৰ নেতা তথা নতুন মুখ্যমন্ত্ৰীক নিৰ্বাচন কৰিব ।

লগতে পঢ়ক: ৪৬ খন আসন লাভেৰে অৰুণাচলত পুনৰ মচনদ দখল বিজেপিৰ; কংগ্ৰেছে পালে মাত্ৰ ১ খন আসন - Arunachal Assembly Election results

নেতাদ্বয় বুধবাৰে ইটানগৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে আৰু উক্ত দিনাই বিধায়িনী দলৰ বৈঠক হোৱাৰ সম্ভাৱনা আছে ৷ ইফালে ১৩ জুনত নতুন চৰকাৰৰ শপতগ্ৰহণৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, ১৯ এপ্ৰিলত অনুষ্ঠিত অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ ৬০ জনীয়া বিধানসভাত বিজেপি দলে ৪৬খন আসন লাভ কৰে । দলটোৱে ১০খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰাৰ বিপৰীতে বাকী ৫০খন আসনৰ বাবে হোৱা নিৰ্বাচনত ৩৬খন আসন লাভ কৰে ।

লগতে পঢ়ক: পুনৰ বিজেপিৰ দখলত অৰুণাচলৰ ৰাজপাট, ছিকিমত চলিব ক্ৰান্তিকাৰি মৰ্চাৰ শাসন - Assembly Election Results 2024

ইফালে নেচনেল পিপলছ পাৰ্টি চমুকৈ এন পি এ আৰু পিপলছ পাৰ্টী অৱ অৰুণাচল চমুকৈ পি পি এ বিজেপিৰ লগত মিত্ৰতাত আছে । এন পি পিৰ বিজেপিৰ লগত পোনপটীয়াকৈ মিত্ৰতা থকাৰ বিপৰীতে পি পি এৰ নেডাৰ লগত মিত্ৰতা আছে । বিধানসভা নিৰ্বাচনত এন পি পিয়ে ৫ খন আসন লাভ কৰাৰ বিপৰীতে পি পি এই ২ খন আসন লাভ কৰে ৷ এই দিশৰ পৰা বিজেপিৰ লগত মিত্ৰদলৰ পৰা আৰু ৭ খন আসন থাকিব ।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশৰ চৰকাৰ গঠনত বিলম্ব হোৱাৰ আঁৰত আছে নেকি ৰহস্য ? - Arunachal CM Pema Khandu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.