ETV Bharat / bharat

পুৰীৰ ঐতিহাসিক ৰথযাত্ৰাৰ সাক্ষী হৈ ৰ’ল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু - RATH YATRA 2024

Rath Yatra programme in Puri : পুৰীত দুদিনীয়াকৈ অনুষ্ঠিত জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাত অংশগ্ৰহণ ৰাষ্ট্ৰপতিৰ ৷ হিন্দু বৰ্ষপঞ্জী অনুসৰি উৎসৱটো আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিত পালন কৰা হয় । যাৰ বাবে ওড়িশাৰ পুৰীত চলিত বছৰৰ জগন্নাথৰ ৰথযাত্ৰা দেওবাৰৰ পৰা আৰম্ভ হৈছে ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 7:12 PM IST

RATH YATRA 2024
দুদিনীয়া ৰথযাত্ৰাৰ আৰম্ভণিৰ দৃশ্য (ETV Bharat)

নেশ্যনেল ডেস্ক, 7 জুলাই: ওড়িশাৰ পুৰীত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা ৷ এই ৰথযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যখনত উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ৷ ৰাষ্ট্ৰপতিগৰাকীক এই কাৰ্যসূচীত সংগ প্ৰদান কৰিছে ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস, প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে ৷ ইয়াৰোপৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে ৰথযাত্ৰাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

সামাজিক মাধ্যম এক্সৰ জৰিয়তে দেশবাসীক ৰথযাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ ৰাষ্ট্ৰপতিগৰাকীৰ পোষ্টটো আছিল এনেধৰণৰ- "ভগৱান জগন্নাথৰ বিশ্ববিখ্যাত ৰথযাত্ৰা উপলক্ষে মই সকলো দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো । আজি সমগ্ৰ দেশ আৰু বিশ্বৰ অগণন জগন্নাথ-প্ৰেমীয়ে ৰথত বহি থকা ভাগৱতৰ তিনিটা ৰূপ চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে । এই মহান উৎসৱ উপলক্ষে মই মহাপ্ৰভু শ্ৰীজগন্নাথৰ ওচৰত সকলোৰে সুখ, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো" ৷

"পবিত্ৰ ৰথযাত্ৰা উপলক্ষে মই সকলোকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো । ভগৱান জগন্নাথৰ সীমাহীন সহানুভূতিয়ে আমাৰ ৰাজ্যৰ প্ৰতিটো অঞ্চললৈ সমৃদ্ধি আনি এক নতুন আৰু সমৃদ্ধ ওড়িশাক উৎসাহিত কৰিব । এয়া মোৰ প্ৰাৰ্থনা,"- ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে সামাজিক মাধ্যম এক্সৰ জৰিয়তে ৰথযাত্ৰা সম্পৰ্কত এনেধৰণে পোষ্ট শ্বেয়াৰ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক ৰথযাত্ৰাৰ শুভেচ্ছা প্ৰদান কৰে ৷ তদুপৰি ভগৱান জগন্নাথৰ আশীৰ্বাদ লাভৰ বাবে প্ৰাৰ্থনা কৰে । "পবিত্ৰ ৰথযাত্ৰাৰ আৰম্ভণিৰ শুভেচ্ছা । আমি মহাপ্ৰভু জগন্নাথৰ ওচৰত নমস্কাৰ জনাইছো আৰু প্ৰাৰ্থনা কৰিছো যাতে তেওঁৰ আশীৰ্বাদ নিৰন্তৰ আমাৰ ওপৰত থাকে," দেওবাৰে এক্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে এই পোষ্ট কৰে ।

উল্লেখ্য যে, ৰথযাত্ৰা উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে আহমেদাবাদৰ এটা মন্দিৰত পত্নী সোনলৰ সৈতে 'মংলা আৰতি' পৰিৱেশন কৰে ।

দুদিনীয়াকৈ অনুষ্ঠিত পুৰীৰ ৰথযাত্ৰাত দেশৰ সমগ্ৰ প্ৰান্তৰ পৰা ভক্তসকল আহি জগন্নাথ মন্দিৰৰ বাকৰিত সমবেত হৈছে ৷ ৰথযাত্ৰা, যাক জনপ্ৰিয়ভাৱে ৰথ উৎসৱ বুলিও জনা যায়, পুৰীৰ জগন্নাথ মন্দিৰৰ দৰেই পুৰণি বুলি বিশ্বাস কৰা হয় ।

হিন্দু বৰ্ষপঞ্জী অনুসৰি উৎসৱটো আহাৰ মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিত পালন কৰা হয় । যাৰ বাবে ওড়িশাৰ পুৰীত চলিত বছৰৰ জগন্নাথৰ ৰথযাত্ৰা দেওবাৰৰ পৰা আৰম্ভ হৈছে ।

এই উৎসৱ ভগৱান বিষ্ণুৰ অৱতাৰ ভগৱান জগন্নাথ আৰু তেওঁৰ ভাতৃ-ভগ্নী ক্ৰমে বলদেৱ আৰু সুভদ্ৰাৰ সৈতে সম্পৰ্কিত । এই যাত্ৰাৰ সময়ত জগন্নাথ মহাপ্ৰভুক বলভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে জগন্নাথ মন্দিৰৰ পৰা ঘূনুচাবাৰীলৈ কাঠৰ ৰথত নি পৰিভ্ৰমণ কৰোৱা হয় ৷

লগতে পঢ়ক: ৰথ যাত্ৰাৰ সময়ত জগন্নাথ মহাপ্ৰভুক কিদৰে পূজা কৰিলে ঘৰত বহিয়েই পাব শুভফল ? - Rath Yatra 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.