ETV Bharat / bharat

পিতৃ-মাতৃৰ সমাধিৰ কাষতেই কবৰস্থ কৰা হ'ব মুখতাৰ আনছাৰীক - Mukhtar Ansari last rites

Mukhtar Ansari: মুখতাৰ আনছাৰীৰ মৃতদেহ লৈ নিশা ১.৩০ বজাত গাজীপুৰত উপস্থিত হয় এম্বুলেন্সখন । এই সময়ছোৱাত তেওঁৰ ঘৰত বিপুল জনসমাগম ঘটে । আজি ঘৰৰ সমীপত অৱস্থিত কবৰস্থানত শেষকৃত্য সম্পন্ন কৰা হ'ব মুখতাৰৰ ।

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 10:05 AM IST

Mukhtar Ansari
Mukhtar Ansari last rites

নিউজ ডেস্ক, ৩০ মাৰ্চ: শুকুৰবাৰে বান্দাৰ পৰা মুখতাৰ আনছাৰীৰ মৃতদেহ কঢ়িয়াই ৰাওনা হোৱা এম্বুলেন্সখন দিনৰ প্ৰায় ১.৩০ বজাত গাজীপুৰত উপস্থিত হয় । পুত্ৰ উমৰ আৰু বোৱাৰী নিখাতায়ো এম্বুলেন্সৰ সৈতে যাত্ৰা কৰিছিল । গাজীপুৰৰ বাসগৃহত এক বিশাল জনসমাগম দেখা গৈছিল মুখতাৰৰ । এই সময়ছোৱাত বৃহৎ সংখ্যক আৰক্ষী বাহিনীও নিয়োগ কৰা হৈছিল । শনিবাৰে মুখতাৰৰ ঘৰৰ সমীপত অৱস্থিত কবৰস্থানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।

উল্লেখ্য যে, বান্দা জেলত থকা মাফিয়া মুখতাৰ আনছাৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া হৃদযন্ত্ৰৰ সমস্যাত ভুগিছিল । ইয়াৰ পিছত তেওঁক বাণ্ডা চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্তি কৰা হয় । নিশা প্ৰায় ১০.৩০ বজাত চিকিৎসকে মুখতাৰক মৃত ঘোষণা কৰে । ইয়াৰ সমান্তৰালকৈ মৌৰ গাজীপুৰকে ধৰি উত্তৰ প্ৰদেশৰ বহু জিলাত ডিজিপি প্ৰশান্ত কুমাৰে সতৰ্কতা জাৰী কৰে ।

কাৰাগাৰৰ ডিজি এছ এন সাবাতৰ মতে, মাফিয়া মুখতাৰ আনছাৰীয়ে আগতে ৰোজা ৰাখিছিল আৰু বৃহস্পতিবাৰে ৰোজা ৰখাৰ পিছত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে । ইফালে শুকুৰবাৰে বান্দাৰ চিকিৎসা মহাবিদ্যালয়ত মুখতাৰৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় । ইয়াৰ পিছতে মৃতদেহটো কঢ়িয়াই অনা এম্বুলেন্সখন সন্ধিয়া প্ৰায় ৫ বজাত গাজীপুৰ অভিমুখে ৰাওনা হয় ।

নিশা প্ৰায় ১.৩০ বজাত এম্বুলেন্সখনে মৃতদেহসহ গাজীপুৰৰ মুখতাৰৰ বাসগৃহত উপস্থিত হয় । এই সময়ছোৱাত তেওঁৰ বাসগৃহত বিপুল জনসমাগম উপস্থিত আছিল । জ্যেষ্ঠ ভাতৃ ছিবগাতুল্লাহ আৰু আফজল আনছাৰীও উপস্থিত থাকে ।

জানিব পৰা মতে, মুখতাৰৰ মৃতদেহ ঘৰৰ সমীপত অৱস্থিত কবৰস্থানত সমাধিস্থ কৰা হ’ব । মুখতাৰৰ মৃতদেহ পিতৃ-মাতৃৰ কবৰৰ সমীপত সমাধিস্থ কৰা হ’ব । শ্মশানৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে । একে সময়তে মুখতাৰৰ ঘৰত বিপুল জনসমাগম হোৱাৰ বাবে অধিক নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় । সেই স্থানত আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে ।

একে সময়তে ২০২৩ চনৰ ১৪ ফেব্ৰুৱাৰীৰ পৰা কাছগঞ্জ কাৰাগাৰত বন্দী হৈ থকা মুখতাৰ আনছাৰীৰ জ্যেষ্ঠ পুত্ৰ আব্বাছ আনছাৰীয়ে পিতৃৰ মৃত্যুৰ খবৰ পাই শোকত কান্দিছিল । পিতৃৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিবলৈ তেওঁৰ পেৰ’লৰ আবেদন আদালতত দাখিল কৰিব পৰা নগ’ল ।

লগতে পঢ়ক: মাফিয়াৰ পৰা নেতালৈ মুখতাৰ আনছাৰীৰ জীৱন বৃত্তান্ত - Mafia Mukhtar Ansari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.