ETV Bharat / bharat

নাছাৰাল্লাৰ মৃত্যুত শোকস্তব্ধ মেহবুবা মুফতি; এদিনৰ বাবে বন্ধ ৰাখিলে প্ৰচাৰ অভিযান - MEHBOOBA MUFTI CANCELS CAMPAIGN

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Mehbooba Mufti: হিজবুল্লাৰ নেতা হাছান নাছৰাল্লাৰ মৃত্যুক লৈ জম্মু-কাশ্মীৰত প্ৰতিবাদ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে দেওবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৷

Mehbooba Mufti Calls Off Sunday Campaign
নাছাৰাল্লাৰ মৃত্যুত শোকস্তব্ধ মেহবুবা মুফতি (ANI)

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ: পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ মুৰব্বী তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে দেওবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৷ এই সন্দৰ্ভত নেত্ৰীগৰাকীয়ে কয় যে তেওঁ “এই অপৰিসীম দুখৰ সময়ত পেলেষ্টাইন আৰু লেবাননৰ জনসাধাৰণৰ সৈতে” থিয় দিছে । জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই কথা ঘোষণা কৰি দাবী কৰে যে তেওঁ “লেবানন আৰু পেলেষ্টাইনৰ নাগৰিকৰ সৈতে সংহতি”ত থিয় দিছে ।

এদিনৰ বাবে প্ৰচাৰ বাতিলৰ সিদ্ধান্ত ঘোষণা কৰি মুফতিয়ে এক্সত পোষ্ট কৰে, "লেবানন আৰু গাজাৰ শ্বহীদ বিশেষকৈ হাছান নাছৰাল্লাৰ প্ৰতি শ্ৰদ্ধা জনাই কৰি কাইলৈ ​​মোৰ প্ৰচাৰ বাতিল কৰিছোঁ । আমি এই অপৰিসীম শোকৰ সময়ত পেলেষ্টাইন আৰু লেবাননৰ জনসাধাৰণৰ সৈতে থিয় দিছো ।"

ইয়াৰ পূৰ্বে শনিবাৰে ইজৰাইলৰ বিমান আক্ৰমণত হিজবুল্লাৰ মুৰব্বীক হত্যা কৰা ঘটনাক গৰিহণা দি জম্মু-কাশ্মীৰৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

বুডগামত অনুষ্ঠিত হোৱা এক প্ৰতিবাদী সমদলত মহিলা আৰু শিশুকে ধৰি বহু সংখ্যক লোকে হিজবুল্লাৰ মুৰব্বীৰ প্ৰতিকৃতি হাতত লৈছিল । ইজৰাইলে সন্ত্ৰাসবাদী গোটটোৰ ৬৪ বছৰীয়া নেতাগৰাকীক হত্যা কৰাৰ কথা ঘোষণা কৰাৰ পিছত শ্ৰীনগৰৰ পুৰণি চহৰখন, আৰু ৰাজ্যখনৰ অন্যান্য অঞ্চলতো একেধৰণৰ প্ৰতিবাদ হয় । নাছৰাল্লাৰ মৃত্যুৰ কথা পিছত সন্ত্ৰাসবাদী গোটটোৱেও নিশ্চিত কৰে ৷

ইজৰাইল আৰু হিজবুল্লা দুয়ো পক্ষই নাছৰাল্লাৰ মৃত্যু নিশ্চিত কৰে, যিয়ে ইজৰাইলৰ সৈতে সশস্ত্ৰ সংঘাতত লিপ্ত সন্ত্ৰাসবাদী সংগঠনটোৰ ওপৰত এক উল্লেখযোগ্য আঘাত হানে । ইয়াৰ পূৰ্বে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে বেইৰুটত ইজৰাইলৰ সেনাই চলোৱা বিমান আক্ৰমণত হাছান নাছৰাল্লাক হত্যা কৰা বুলি নিশ্চিত কৰে । আইডিএফে এক বিবৃতিত কয় যে হাছান নাছৰল্লাই আৰু বিশ্বক আতংকিত কৰিব নোৱাৰিব ।

আইডিএফে জনোৱা মতে, হিজবুল্লাৰ তথাকথিত দক্ষিণ ফ্ৰণ্টৰ অধিনায়ক নাছৰাল্লাৰ সমান্তৰালভাৱে আন আন সেনাধ্যক্ষৰ লগতে আলী কাৰাকীকো হত্যা কৰা হৈছে ৷ দ্য ইজৰাইল টাইমছত প্ৰকাশ পাইছে এই কথা ।

শুকুৰবাৰে ডাহিয়া নামেৰে পৰিচিত হিজবুল্লাৰ দুৰ্গ বেইৰুটৰ দক্ষিণ উপকণ্ঠ অঞ্চলত হিজবুল্লাৰ মূল মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি লোৱা হয় ৷ আইডিএফৰ মতে, মুখ্য কাৰ্যালয়টো মাটিৰ তলত, ডাহিয়াৰ আৱাসিক অট্টালিকাৰ তলত আছিল ।

ইজৰাইলৰ সেনাই কয় যে হিজবুল্লাৰ শীৰ্ষ দলটোৱে নিজৰ মুখ্য কাৰ্যালয়ত থকাৰ সময়তে এই আক্ৰমণ চলাইছিল আৰু ইজৰাইল ৰাষ্ট্ৰৰ নাগৰিকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰত্যুত্তৰ দিছিল । আইডিএফে লগতে কয় যে লেবাননৰ ৰাজধানী বেইৰুটত হিজবুল্লাহৰ দ্বাৰা অট্টালিকাৰ তলত জমা কৰি ৰখা কেইবা ডজন জাহাজ বিৰোধী ক্ষেপণাস্ত্ৰও ইজৰাইলৰ বিমান আক্ৰমণত নিশাৰ ভিতৰতে ধ্বংস কৰা হৈছে ।

দ্য ইজৰাইল টাইমছত প্ৰকাশ পোৱা অনুসৰি হিজবুল্লাৰ হাতত চীনৰ চি-৭০৪ আৰু চি ৮০২ ক্ষেপণাস্ত্ৰৰ লগতে ইৰাণৰ গাদৰ আছিল, যাৰ ৰেঞ্জ প্ৰায় ২০০ কিলোমিটাৰ পৰ্যন্ত বুলি আইডিএফে জনাইছিল ।

লগতে পঢ়ক: ইজৰাইলৰ আক্ৰমণত নিহত হিজবুল্লাহৰ নেতা হাছান নাছৰাল্লাহ ! - Hezbollah Leader killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.