গুৱাহাটী : বিজেপি নেতৃত্বাধীন মণিপুৰ চৰকাৰে সোমবাৰে ৰাজ্যখনত ইণ্টাৰনেট আৰু ডাটা সেৱাৰ ওপৰত দিয়া সকলো ধৰণৰ অস্থায়ী স্থগিতাদেশ প্ৰত্যাহাৰ কৰিছে ।
সোমবাৰে ৰাজ্যিক গৃহ আয়ুক্তই জাৰি কৰা এক জাননীত কোৱা হৈছে যে বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিচত মণিপুৰৰ ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, থৌবাল, কাকচিং, কাংপোকপি, চুৰাচান্দপুৰ, জিৰিবাম আৰু ফেৰজল জিলাৰ পৰা ইণ্টাৰনেট আৰু ডাটা সেৱা অস্থায়ীভাৱে স্থগিত ৰখাৰ নিৰ্দেশ উঠাই লোৱা হৈছে ।
চৰকাৰে অৱশ্যে জনসাধাৰণ বা ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলক ৰাজ্যখনৰ সাধাৰণ আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা যিকোনো কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে । নহ'লে ভৱিষ্যতে ইণ্টাৰনেট সেৱা পুনৰ অস্থায়ীভাৱে স্থগিত ৰাখিব লাগিব পাৰে ।
মণিপুৰ চৰকাৰে ১৬ নৱেম্বৰত সংঘটিত হিংসাত্মক ঘটনাৰ পিচত বিশেষকৈ নখন জিলাত ইণ্টাৰনেট আৰু ডাটা সেৱা সাময়িকভাৱে স্থগিত ৰখাৰ দৰে সিদ্ধান্তৰ আশ্ৰয় লৈছিল । আনহাতে, পৰৱৰ্তী সময়ত ইয়াক সময়ে সময়ে পৰ্যালোচনা আৰু সম্প্ৰসাৰিত কৰা হৈছিল । বিগত মাহৰ আৰম্ভণিতে মণিপুৰত নতুনকৈ সংঘটিত হিংসাত্মক কাৰ্যৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক কেইখনমান জিলাত কাৰ্ফিউ জাৰি কৰিবলৈ বাধ্য কৰিছিল ।
শনিবাৰে (৭ ডিচেম্বৰ) চৰকাৰে আইন-শৃংখলা পৰিস্থিতিৰ উন্নতিৰ পিচত পুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ ইম্ফল পূব, ইম্ফল পশ্চিম, থৌবাল আৰু বিষ্ণুপুৰ জিলাৰ পৰা কাৰ্ফিউ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় ।
উল্লেখ্য যে চলিত বছৰৰ নৱেম্বৰৰ আৰম্ভণিতে মণিপুৰৰ জিৰিবাম জিলাত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাত কমেও ১৮ জন লোক নিহত হয় । জিৰিবামৰ জাইৰৱান গাঁৱত সশস্ত্ৰ দুৰ্বৃত্তই এজন লোকক হত্যা কৰাৰ পিচত এই হিংসা আৰম্ভ হোৱাৰ সময়ত ১১ নৱেম্বৰত চি আৰ পি এফ বাহিনীয়ে এক সংঘৰ্ষত দহজন যুৱকক হত্যা কৰে ।
আনহাতে, একেদিনাই জাকুৰদৰ অঞ্চলৰ পৰা আন দুটা মৃতদেহ উদ্ধাৰ হয় আৰু তিনিটা শিশুসহ আন ছয়জন লোক সন্ধানহীন হয় । পৰৱৰ্তী সময়ত সন্ধানহীন ছয়জনৰ মৃতদেহ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হয় । যাৰ ফলত ইম্ফল উপত্যকাত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হোৱাত চৰকাৰে ইণ্টাৰনেট সেৱা স্থগিত ৰাখিবলৈ বাধ্য হয় । '