ETV Bharat / bharat

ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় ৰামোজী ৰাওক; অতীত সুঁৱৰি নষ্টালজিক টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু - Last journey of Ramoji Rao

author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 3:10 PM IST

Last journey of Ramoji Rao : ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰামোজী ৰাওৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু ৷ অতীত সুঁৱৰি নষ্টালজিক হৈ পৰিল জ্যেষ্ঠ ৰাজনৈতিক নেতাগৰাকী ৷

Last journey of Ramoji Rao
ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় ৰামোজী ৰাওক; অতীত সুঁৱৰি নষ্টালজিক টিডিপি চন্দ্ৰবাবু নাইডু (ETV Bharat Assam)

নেশ্যনেল ডেস্ক, 9 জুন : আজি সম্পন্ন হ’ল সফল উদ্যোগী তথা মিডিয়া বেৰন ৰামোজী ৰাওৰ শেষকৃত্য ৷ এই অনুষ্ঠানত উপস্থিত হয় ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ প্ৰয়াত ৰামোজী ৰাওৰ সৈতে ঘনিষ্ঠ পাৰিবাৰিক সম্পৰ্ক থকা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু ৷

উল্লেখ কৰা প্ৰয়োজন যে প্ৰয়াত ৰামোজী ৰাওৱে জ্যেষ্ঠ ৰাজনৈতিক নেতা চন্দ্ৰবাবু নাইডুৰ জীৱনৰ কঠিন সময়ত তেওঁৰ দলৰ কাষত থিয় দিছিল আৰু এই যুটিয়ে চাৰি দশকজুৰি একেলগে থকা পৰিলক্ষিত হৈছিল ।

12 জুনত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত হ’বলগীয়া নাইডুৱে দেওবাৰে পুৱা 10 বজাত হায়দৰাবাদত অৱতৰণ কৰাৰ পিচত ৰামোজী ৰাওৰ বাসগৃহলৈ ৰাওনা হয় । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় দিয়া হয় ৰামোজী গ্ৰুপৰ প্ৰতিষ্ঠাপকগৰাকীক । দিল্লীত থকা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে মুখ্য সচিবক ৰাজ্যিক মৰ্যদাৰে চূড়ান্ত অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে ।

ৰামোজী গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষগৰাকীৰ মৃত্যুত শোকপ্ৰকাশ কৰি চন্দ্ৰবাবু নাইডুৱে কয়, "বহুত দুখৰ কথা । তেওঁ এজন যুগপুৰুষ । মই বিশ্বাস কৰিব পৰা নাই যে তেওঁৰ মৃত্যু ঘটিছে । মই ৰামোজী ৰাওক 40 বছৰ ধৰি জানো । ৰামোজী ৰাওৱে সদায় সমাজৰ মংগলৰ বাবে কাম কৰিছিল । গাঁৱৰ এটা সাধাৰণ তেলুগু পৰিয়ালত জন্মগ্ৰহণ কৰি নিজকে অসাধাৰণ হিচাপে প্ৰতিষ্ঠা কৰিলে ৷ তেওঁৰ উদ্যোগত আৰম্ভ হোৱা আঞ্চলিক ভাষাৰ দৈনিক কাকত ঈনাডু আজি প্ৰত্যেকজন লোকেই ৰাতিপুৱা পঢ়ে ।"

নাইডুৱে পুনৰ কয়, "তেওঁৰ একমাত্ৰ ইচ্ছা আছিল যে তেওঁ কাম কৰি থাকিব পৰা অৱস্থাতে মৰিবলৈ বিচাৰিছিল । তেওঁ লগতে উল্লেখ কৰিছিল যে তেওঁৰ শেষ উশাহ পৰ্যন্ত সদায় ৰাইজৰ বাবে কাম কৰিব । আজি তেওঁ যিবোৰ ব্যৱস্থা গঢ়ি তুলিছে সেইবোৰ স্থায়ী । ঈনাডু আৰু ইটিভি স্থায়ী । আজি ৰামোজী ফিল্ম চিটী দেশৰ ভিতৰতে সৰ্বোচ্চ মানদণ্ডসম্পন্ন চলচ্চিত্ৰ দৃশ্যগ্ৰহণস্থলী ৷’’

‘‘এনে এজন ব্যক্তিক হেৰুৱাই পেলোৱাটো দুখৰ বিষয় ৷ তেওঁ সদায় তেলুগুবাসীৰ হৃদয়ত জীয়াই থাকিব ৷ তেখেতৰ মতাদৰ্শসমূহ অমৰ ৷ তেওঁ এতিয়াও জীয়াই আছে তেলুগু জনসাধাৰণৰ বাবে ৷ ৰামোজী ৰাওৰ উত্তৰাধিকাৰ হ’বলৈ সকলোকে নেদেখাজনে শক্তি প্ৰদান কৰক ।"

উল্লেখ্য যে, শনিবাৰৰ পুৱা হায়দৰাবাদৰ ষ্টাৰ হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে ৰাওৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ । 2016 চনত মিডিয়া বেৰন ৰামোজী ৰাওৱে তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ লাভ কৰে ।

লগতে পঢ়ক: উভতি নহাৰ বাটেৰে গ’ললৈ ৰামোজী ফিল্ম চিটীৰ জন্মদাতা, শোকসন্তপ্ত দাক্ষিণাত্য - life history of Ramoji Rao

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.