ETV Bharat / bharat

চিকিৎসকৰ ধৰ্ষণ-হত্যা: মাজনিশা ন্যায় বিচাৰি ৰাজপথলৈ ওলাল প্ৰতিবাদী জনতা - KOLKATA DOCTOR RAPE MURDER CASE

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 10:49 AM IST

Reclaim the night: বিগত সপ্তাহত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ দ্ৰুত তদন্তৰ লগতে মৃত চিকিৎসকগৰাকীক ন্যায় প্ৰদানৰ দাবীত পশ্চিমবংগত মহিলা, ৰাজনৈতিক নেতা আৰু কেইবাজনো খ্যাতিমান ব্যক্তি ৰাজপথলৈ ওলাই আহে ৷ বৃহস্পতিবাৰৰ মাজনিশা আৰম্ভ হোৱা অনুষ্ঠানটোক "মেয়াৰা ৰাত এৰ ডখোল নাও" বুলি অভিহিত কৰা হৈছে ৷

KOLKATA DOCTOR RAPE MURDER CASE
মাজনিশা কলকাতাত হোৱা গণ প্ৰতিবাদৰ এক দৃশ্য (X account)

নেশ্যনেল ডেস্ক, 15 আগষ্ট: যোৱা সপ্তাহত কলকাতাৰ আৰ জি কৰ মেডিকেল চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ৩১ বছৰীয়া চিকিৎসকক ধৰ্ষণ-হত্যাৰ প্ৰতিবাদত বৃহস্পতিবাৰে মাজনিশা কলকাতাৰ ৰাজপথত একত্ৰিত হয় সহস্ৰাধিক মহিলা ৷ পশ্চিমবংগৰ কেইবাটাও অঞ্চলত এই প্ৰতিবাদী ঢৌ পৰিলক্ষিত হয় ৷

আনহাতে, ৰাজধানী চহৰ নতুন দিল্লীতো প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় ৷ নতুন দিল্লীৰ এইমছ আৰু চিত্তৰঞ্জন উদ্যানকে ধৰি একাংশ অঞ্চলত নিশা প্ৰায় ১১.৫৫ বজাত প্ৰতিবাদ আৰম্ভ হৈছিল ৷ প্ৰতিবাদকাৰীসকলে ভিন্ন শ্লোগানাৰে উত্তাল কৰি তোলে ৰাজপথ । ভুক্তভোগীৰ বাবে ন্যায় আৰু সাধাৰণতে মহিলাৰ সুৰক্ষাৰ দাবীত কেইবাহাজাৰ লোকে বাহিৰ কৰা এই প্ৰতিবাদৰ মাজতে শংখৰ শব্দও শুনিব পোৱা গৈছিল ৷

লগতে পঢ়ক: মহিলা চিকিৎসকক ধৰ্ষণ-হত্যা: অনিৰ্দিষ্টকাললৈ দেশজুৰি বন্ধ বহিৰ্বিভাগীয় স্বাস্থ্য সেৱা - RG Kar Medical College rape case

আৰম্ভণিতে চহৰখনৰ তিনিটা মুখ্য স্থান- কলেজ ষ্ট্ৰীট, একাডেমী অৱ ফাইন আৰ্টছ আৰু কলকাতাৰ যাদৱপুৰ 8 বি বাছষ্টেণ্ডত এই প্ৰতিবাদ হোৱা দেখা যায় ৷ সমান্তলাৰকৈ মাজনিশা গৰিয়া ক্ৰছিং, পাৰ্ক চাৰ্কাছ ময়দান, নকতলা নাবাপল্লী, বেহালা চাখেৰ বজাৰ, শ্যামবজাৰ ফাইভ পইণ্ট ক্ৰছিং আদিতো বৃহৎসংখ্যক লোক সমবেত হৈছিল ।

অৱশ্যে, এই জঘন্য অপৰাধৰ বিৰুদ্ধে এই গণ প্ৰতিবাদৰ মাজতে কেইবাটাও অঞ্চলত হোৱা হিংসাত্মক ঘটনাৰ বাতৰি পোহৰলৈ আহে । ছ'চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰচাৰিত ভাইৰেল ভিডিঅ'সমূহত দেখা গৈছিল যে, একাংশ দুৰ্বৃত্তই নিশা প্ৰায় ১২.৪০ বজাত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰৱেশ কৰি চিকিৎসালয়খনৰ সম্পত্তিসমূহৰ ব্যাপক ক্ষতিসাধন কৰে ৷

লগতে পঢ়ক: মহিলা চিকিৎসকক হত্যা: তীব্ৰ প্ৰতিবাদৰ মাজতে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত নতুন অধীক্ষক নিযুক্তি - KOLKATA PGT DOCTOR RAPE

প্ৰতিবাদৰ সময়ত কেইবাজনো আৰক্ষী বিষয়াৰ গালৈ নিক্ষেপ কৰা হৈছিল ইটা ৷ যাৰ দ্বাৰা তেওঁলোক আঘাতপ্ৰাপ্ত হয় ৷ নিশা প্ৰায় ২ বজাত ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত কলকাতাৰ আৰক্ষী আয়ুক্ত বিনীত গোৱেলে তাৎক্ষণিকভাৱে হোৱা হিংসাৰ বাবে ছ'চিয়েল মিডিয়াত প্ৰচাৰিত উৰাবাতৰি আৰু পোষ্টক দোষাৰোপ কৰে ।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰায় ৪০ গৰাকী ব্যক্তিয়ে চিকিৎসালয়ত প্ৰৱেশ কৰি এই আক্ৰমণ চলায় ৷ প্ৰত্যুত্তৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয় । দুৰ্বৃত্তৰ দলটোৱে সেই স্থানত থকা কেইখনমান দুচকীয়া বাহন আৰু এখন আৰক্ষীৰ বাহনৰো ক্ষতিসাধন কৰে ৷ আন্দোলনৰ গুৰি ধৰোতা ৰিমঝিম সিনহাই এই গণ আন্দোলনক মহিলাসকলৰ স্বাধীনতাৰ ক্ষেত্ৰত এক নতুন ঢৌ বুলি বৰ্ণনা কৰে ৷

অভিনেতা ৰিতুপৰ্ণা সেনগুপ্তাই আন্দোলনটোৰ সমৰ্থনত ওলাই আহিছিল আৰু বিশেষকৈ মহিলা আৰু চিকিৎসকসকলৰ বিৰুদ্ধে এনেধৰণৰ হিংসাত্মক কাৰ্যক গৰিহণা দিছিল । "এয়া আচৰিত যে আমি এতিয়াও এই সমস্যাবোৰৰ সন্মুখীন হৈ আছো । এনেধৰণৰ হিংসা পুনৰ ঘটিব নোৱাৰে বুলি আমাক নিশ্চিতি দিব লাগে," সেনগুপ্তাই কৈছিল ।

লগতে পঢ়ক: চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক ধৰ্ষণ: দেশজুৰি প্ৰতিবাদ - Kolkata PGT Doctor rape

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.