ETV Bharat / bharat

কান্দি কান্দি ক’লৈ গ’ল তাছমীত - Assamese Girl Missing from Kerala

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 6:13 PM IST

Assamese girl missing: দক্ষিণ ভাৰতত নিৰুদ্দেশ এগৰাকী অসমীয়া কিশোৰী ৷ কন্যাকুমাৰীলৈ যোৱা ৰে’লত শেষবাৰ দেখা হৈছিল অসমৰ কিশোৰীগৰাকীক ৷ কিশোৰীগৰাকীক বিচাৰি তামিলনাডুত অভিযান অব্যাহত ৰাখিছে কেৰালা আৰক্ষীয়ে ৷

Assamese Girl Missing
কেৰালাৰ পৰা নিৰুদ্দেশ অসমীয়া কিশোৰী (ETV Bharat)

নিউজ ডেস্ক, ২১ আগষ্ট: দক্ষিণ ভাৰতত নিৰুদ্দেশ হৈছে এগৰাকী ১৩ বছৰীয়া অসমীয়া কিশোৰী ৷ নাম তছমীত তামছাম ৷ কিশোৰীগৰাকীৰ সন্ধানত সম্প্ৰতি কেৰালা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । কন্যাকুমাৰীৰ অ‘টো চালকৰ পৰা পোৱা তথ্যৰ ভিত্তিত কন্যাকুমাৰী ৰে’লৱে ষ্টেচন আৰু সাগৰৰ সমীপত কিশোৰীগৰাকীক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান ।

বুধবাৰে পুৱা ৫.৩০ বজাত স্থানীয় অ’টো চালকসকলে প্ৰথমে সাগৰৰ পাৰত কিশোৰীগৰাকীক প্ৰত্যক্ষ কৰে । ইয়াৰ পাছতেই চিচি টিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীৰ দলটোৱে সাগৰৰ পাৰত আৰু ৰে’ল ষ্টেচনৰ সমীপত কিশোৰীগৰাকীক বিচাৰি অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে আজি তামিলনাডুলৈ তেওঁলোকৰ তদন্ত অভিযান সম্প্ৰসাৰণ কৰিছে ৷

তামিলনাডুত বেংগালুৰু-কন্যাকুমাৰী এক্সপ্ৰেছত যাত্ৰা কৰি থকা অৱস্থাত কিশোৰীগৰাকীৰ ফটো লাভ কৰাৰ পাছতে আৰক্ষীৰ তদন্তই অগ্ৰগতি লাভ কৰে ৷ এই ৰে’লখনত যাত্ৰা কৰা এগৰাকী ছাত্ৰীয়ে কিশোৰীগৰাকীৰ ফটো তুলি কেৰালা আৰক্ষীলৈ প্ৰেৰণ কৰিছিল । ছাত্ৰীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, তেওঁ মঙলবাৰে ৰে’লত তাছমীতৰ বৰ্ণনাৰ লগত মিল থকা এগৰাকী কিশোৰীক প্ৰত্যক্ষ কৰে ৷

লগতে পঢ়ক: জামুগুৰিহাটত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ: একেদিনাই তিনি কিশোৰী সন্ধানহীন - Teenage girl missing in Jamugurihat

কিশোৰীগৰাকীক কান্দি থকা দেখি তেওঁ ফটো তুলি আৰক্ষীলৈ প্ৰেৰণ কৰে ৷ তাছমীতৰ পিতৃয়ে ইতিমধ্যে নিশ্চিত কৰিছে যে, ফটোখন থকা কিশোৰীগৰাকী তেওঁৰ কন্যাই হয় । ইয়াৰ পিছত কেৰালা আৰক্ষী তদন্তৰ বাবে কন্যাকুমাৰীলৈ ৰাওনা হয় । তাছমীত মঙলবাৰৰ নিশা ঘৰৰ পৰা ওলাই আহিছিল । মঙলবাৰে পুৱা প্ৰায় ১০ বজাত মাতৃৰ সৈতে কাজিয়া হৈছিল তাছমীতৰ । ইয়াৰ পিছত তাছমীতৰ পিতৃ-মাতৃ নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ যায় ৷

বিয়লি তেওঁলোক ঘৰলৈ উভতি অহাৰ পাছত তাছমীত নিৰুদ্দেশ হোৱাৰ কথা জানিব পাৰে । তেওঁলোকে লগে লগে স্থানীয় আৰক্ষী চকীত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত কাঝাকোট্টাম আৰক্ষীয়ে লগে লগে ঘটনাৰ তদন্ত আৰম্ভ কৰি চিচি টিভিৰ ফুটেজ পৰীক্ষণ কৰে ৷ চিচি টিভিৰ ফুটেজৰ পৰা স্পষ্ট হৈ পৰিছিল যে কিশোৰীগৰাকী কাঝাকোট্টাম জংচনত উপস্থিত হৈছিল ৷ কিন্তু কাঝাকোট্টাম জংচনৰ পৰা তাছমীত ক’লৈ গ’ল সেই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য লাভ কৰাত ব্যৰ্থ হয় ৷

লগতে পঢ়ক: চাকৰি বিচাৰি ওলাই যোৱা ছোৱালীজনী 5 মাহে ঘূৰি নাহিল; সহায় বিচাৰি পৰিয়ালৰ হাহাকাৰ - human trafficking in assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.