ETV Bharat / bharat

দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ - CJI SANJIV KHANNA

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক শপত বাক্য পাঠ কৰোৱাই ।

Justice Sanjiv Khanna
দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ (PTI)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 1:14 PM IST

নতুন দিল্লী : ন্যায়াধীশ সঞ্জীৱ খান্নাই সোমবাৰে ভাৰতৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে । ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা হয় এই শপতগ্ৰহণ অনুষ্ঠান । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ন্যায়াধীশ খান্নাক শপত বাক্য পাঠ কৰোৱাই ।

অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, জ্যেষ্ঠ বিজেপি নেতা, প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু উচ্চতম ন্যায়ালয়ৰ অন্যান্য ন্যায়াধীশসকল উপস্থিত থাকে । ন্যায়াধীশ খান্নাৰ কাৰ্যকাল ২০২৫ চনৰ ১৩ মে' অৰ্থাৎ প্ৰায় ৭ মাহৰ হ'ব ।

দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপতগ্ৰহণ সঞ্জীৱ খান্নাৰ (DD)

গুৰুত্বপূৰ্ণ ৰায়ৰ অংশ আছিল ন্যায়াধীশ সঞ্জীৱ খান্না

ন্যায়াধীশ খান্না উচ্চতম ন্যায়ালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ৰ অংশ আছিল । তাৰ ভিতৰত নিৰ্বাচনী বণ্ড আঁচনি বাতিল আৰু অনুচ্ছেদ ৩৭০ বাতিল অন্যতম । কেন্দ্ৰীয় ভিষ্টা প্ৰকল্প সম্পৰ্কীয় ৰায়ত তেওঁ এক বিচাৰপীঠ অংশ আছিল । ন্যায়াধীশ খান্নাৰ নেতৃত্বত এখন বিচাৰপীঠে দিল্লীৰ আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত ইডিৰ গোচৰত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল ।

১৯৬০ চনৰ ১৪ মে'ত জন্মগ্ৰহণ কৰা ন্যায়াধীশ খান্নাই দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ আইন কেন্দ্ৰত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল । তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ দেৱ ৰাজ খান্নাৰ পুত্ৰ আৰু উচ্চতম ন্যায়ালয়ৰ বিশিষ্ট প্ৰাক্তন ন্যায়াধীশ এইছ আৰ খান্নাৰ ভতিজা ।

আইনী সেৱাত যোগদান

তেওঁ ১৯৮৩ চনত দিল্লীৰ বাৰ কাউন্সিলত অধিবক্তা হিচাপে অংশগ্ৰহণ কৰিছিল । তেওঁ প্ৰথমতে দিল্লীৰ তিছ হাজাৰী কমপ্লেক্সৰ জিলা আদালতত আৰু পিছত দিল্লী উচ্চ ন্যায়ালয়ত আৰু সাংবিধানিক আইন, প্ৰত্যক্ষ কৰ, মধ্যস্থতা, বাণিজ্যিক আইন, কোম্পানী আইন, ভূমি আইন, পাৰিপাৰ্শ্বিক আইন আৰু চিকিৎসাৰ অৱহেলাৰ দৰে বিভিন্ন ক্ষেত্ৰত ন্যায়াধীকৰণৰ অনুশীলন কৰিছিল ।

ন্যায়াধীশ খান্নাই আয়কৰ বিভাগৰ জ্যেষ্ঠ স্থায়ী পৰামৰ্শদাতা হিচাপেও দীঘলীয়া সময় ধৰি কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৪ চনত তেওঁক দিল্লীৰ বাবে স্থায়ী পৰামৰ্শদাতা (অসামৰিক) হিচাপে নিযুক্ত কৰা হৈছিল । ন্যায়াধীশ খান্নাক ২০০৫ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে উন্নীত কৰা হৈছিল আৰু ২০০৬ চনত স্থায়ী ন্যায়াধীশ হিচাপে দায়িত্ব দিয়া হৈছিল ।

যোৱা ১৬ অক্টোবৰত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ পৰামৰ্শ অনুসৰি কেন্দ্ৰই ২৪ অক্টোবৰত ন্যায়াধীশ খান্নাৰ নিযুক্তিৰ বিষয়ে আনুষ্ঠানিকভাৱে জাননী জাৰী কৰিছিল । শুকুৰবাৰে মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ চন্দ্ৰচূড়ৰ অন্তিম কৰ্মদিন আছিল আৰু শীৰ্ষ ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, অধিবক্তা আৰু কৰ্মচাৰীসকলে তেওঁক বিদায় সম্ভাষণ জনাইছিল ।

লগতে পঢ়ক :তেওঁৰ অনুপস্থিতি অনুভৱ হৈ থাকিব : ৰতন টাটাৰ স্মৰণত প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.