ETV Bharat / bharat

সন্ত্ৰাসবাদী আক্ৰমণৰ মোকাবিলা : জম্মু অঞ্চলত নতুন ৰূপত ভাৰতীয় সেনা - Indian Army

author img

By ANI

Published : Jul 20, 2024, 1:03 PM IST

Indian Army Special Troop Deployed in JK : ভাৰতীয় সেনাই সন্ত্ৰাসবাদী কাৰ্যকলাপ পুনৰ সক্ৰিয় কৰিবলৈ পাকিস্তানৰ পৰা অঞ্চলটোত প্ৰৱেশ কৰা ৫০-৫৫ জনীয়া সন্ত্ৰাসবাদী দলটোক বধ কৰিবলৈ অঞ্চলটোত প্ৰায় ৫০০ পেৰা স্পেচিয়েল ফ'ৰ্চ কমাণ্ডো মোতায়েন কৰিছে ।

Indian Army Special Troop Deployed in JK
জম্মু অঞ্চলত নতুন ৰূপত ভাৰতীয় সেনা (ANI Photo)

নিউজ ডেস্ক, ২০ জুলাই : জম্মু অঞ্চলত নিয়োজিত সেনাবাহিনীত নতুন সংযোজন ঘটাইছে ভাৰতীয় সেনাই । উচ্চ প্ৰশিক্ষিত পাকিস্তানী সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ পৰিপ্ৰেক্ষিতত এই সালসলনি ঘটাইছে । চোৰাংচোৱা তথ্য আৰু নিৰাপত্তাৰ প্ৰয়োজনীয়তা অনুসৰি অঞ্চলটোত ভাৰতীয় সেনাই এই সালসলি ঘটাইছে ।

প্ৰতিৰক্ষা সূত্ৰই এ এন আইক জনোৱা মতে, ভাৰতীয় সেনাই সন্ত্ৰাসবাদী কাৰ্যকলাপ পুনৰ সক্ৰিয় কৰিবলৈ পাকিস্তানৰ পৰা অঞ্চলটোত প্ৰৱেশ কৰা ৫০-৫৫ জনীয়া সন্ত্ৰাসবাদী দলটোক বধ কৰিবলৈ অঞ্চলটোত প্ৰায় ৫০০ পেৰা স্পেচিয়েল ফ'ৰ্চ কমাণ্ডো মোতায়েন কৰিছে ।

আনহাতে, চোৰাংচোৱা সংস্থাসমূহেও অঞ্চলটোত তেওঁলোকৰ সঁজুলিক শক্তিশালী কৰিছে । লগতে সন্ত্ৰাসবাদীক সমৰ্থন কৰি অহা অভাৰগ্ৰাউণ্ড কৰ্মীসহ তাত সন্ত্ৰাসবাদী সমৰ্থনৰ আন্তঃগাঁথনি বিচাৰি উলিয়াবলৈ তীব্ৰ গতিত কাম কৰি আছে বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ । ইয়াৰ উপৰি সেনাই ইতিমধ্যে অঞ্চলটোলৈ ব্যাপক মাত্ৰাত সেনা প্ৰেৰণ কৰিছে ।

ইয়াৰ ভিতৰত আছে প্ৰায় ৩,৫০০-৪০০০ জোৱানৰ এটা শক্তিশালী ব্ৰিগেড । অঞ্চলটোত পাকিস্তানৰ অপ্ৰৰোচিত আক্ৰমণৰ মোকাবিলা কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা বুলি সেনা সূত্ৰত প্ৰকাশ ।

ভাৰতীয় সেনাৰ এক বিবৃতিত কোৱা হৈছে যে তেওঁলোকে শেহতীয়া অস্ত্ৰ-শস্ত্ৰ আৰু যোগাযোগৰ সঁজুলিৰে সুসজ্জিত সন্ত্ৰাসবাদীৰ অনুসন্ধান কৰিবলৈ আৰু সিহঁতক ধ্বংস কৰাৰ ৰণনীতি গ্ৰহণ কৰি সেনাবাহিনীৰ বিষয়াসকলে তৃণমূল পৰ্যায়ৰ পৰা কাম কৰি আছে । অঞ্চলটোত ইতিমধ্যে ভাৰতীয় সেনাৰ সন্ত্ৰাসবাদী-বিৰোধী আন্তঃগাঁথনি আছে । এই আন্তঃগাঁথনিত ৰোমিঅ' আৰু ডেল্টা বাহিনীকে ধৰি ৰাষ্ট্ৰীয় ৰাইফলছৰ দুটা বাহিনীৰ লগতে অঞ্চলটোৰ অন্যান্য নিয়মীয়া পদাতিক বিভাগো আছে বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে, শেহতীয়াভাৱে উপত্যকাটোত সন্ত্ৰাসবাদীৰ গতিবিধি ব্যাপক মাত্ৰাত বৃদ্ধি পাইছে । আনহাতে, সন্ত্ৰাসবাদীৰ আক্ৰমণত কেইবাগৰাকীও নিৰাপত্তাৰক্ষী নিহত হোৱাৰ উপৰি বহুকেইগৰাকী আহত হৈছে । যাৰ বাবে গৃহ মন্ত্ৰণালয়ে অঞ্চলটোত সুৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত নতুনকৈ চিন্তা কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক :ডোডাত সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত দুজন সেনা জোৱান; ৰাজৌৰীত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাৰ গুলীচালনা - Operation against militants
লগতে পঢ়ক :ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত ছহিদ ২ জোৱান - STF jawans martyred in Chhattisgarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.