ETV Bharat / bharat

ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত ছহিদ ২ জোৱান - STF jawans martyred in Chhattisgarh

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 11:59 AM IST

IED Blast in Tarrem of Bijapur : বিজাপুৰৰ টাৰেম আৰক্ষী থানা এলেকাত মাওবাদীয়ে স্থাপন কৰা এটা আই ই ডিৰ বিস্ফোৰণত ২ গৰাকী সেনা জোৱান নিহত হয় । আনহাতে, চাৰিগৰাকী সেনা জোৱান গুৰুতৰভাৱে আহত হয় । আহত জোৱানসকলক হেলিকপ্টাৰৰ সহায়ত ৰায়পুৰলৈ স্থানান্তৰ কৰা হৈছে ।

IED Blast in Tarrem of Bijapur
ছত্তীশগড়ৰ বিজাপুৰত আই ই ডি বিস্ফোৰণত ছহিদ ২ জোৱান (ETV Bharat)

নিউজ ডেস্ক, ১৮ জুলাই : ছত্তীশগড়ত পুনৰ মাওবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা । মাওবাদীয়ে স্থাপন কৰা এটা শক্তিশালী বোমাৰ আঘাতত দুগৰাকী সেনা জোৱান নিহত হয় । আনহাতে, ঘটনাটোত আন চাৰিজন জোৱানো গুৰুতৰভাৱে আহত হয় । আহত জোৱানসকলক চিকিৎসাৰ বাবে প্ৰথমতে জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু তেওঁলোকৰ আঘাত গুৰুতৰ হোৱাৰ বাবে তৎক্ষণাৎ সেনা হেলিকপ্টাৰেৰে ৰায়পুৰলৈ স্থানান্তৰ কৰা হয় । আৰক্ষী অধীক্ষক জীতেন্দ্ৰ যাদৱে এই ঘটনাটো নিশ্চিত কৰিছে ।

ঘটনাৰ বিৱৰণী মতে, জোৱানসকলে নিয়মীয়া অনুসন্ধান অভিযানত ওলাই গৈছিল । অনুসন্ধানৰ সময়ত বাহিনীটো টাৰেম অঞ্চলত উপস্থিত হোৱাৰ লগে লগে এটা প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হয় । জোৱানসকলে কিবা বুজি পোৱাৰ পূৰ্বেই বোমাৰ আঘাতত দুগৰাকী জোৱান ছহিদ হয় । আনহাতে, সেনাৰ দলটোৱে ততাতৈয়াকৈ আহত চাৰিগৰাকী সহকৰ্মীক তাৰ পৰা উদ্ধাৰ কৰি জিলা চিকিৎসালয়লৈ লৈ যায় । আহত জোৱানসকলৰ শাৰীৰিক অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । মাওবাদীৰ এই আক্ৰমণত ছহিদবৰণ কৰা জোৱান দুগৰাকী এছ টি এফৰ ।

"বিজাপুৰ জিলাৰ দন্তেৱাৰা আৰু সুকমা সীমান্তৱৰ্তী এলেকাত পশ্চিম বস্তাৰ বিভাগৰ ২ নং সামৰিক কোম্পানীৰ মাওবাদীৰ উপস্থিতিৰ তথ্য পোৱা গৈছিল । তথ্য পোৱাৰ লগে লগে 16 জুলাইত এছ টি এফ, ডি আৰ জি, কোব্ৰা, চি আৰ পি এফৰ এটা যুটীয়া দল প্ৰেৰণ কৰা হয় । তেওঁলোক এক বিশেষ অভিযানত জড়িত আছিল । আনহাতে, ১৭ জুলাইত অভিযানৰ পৰা উভতি অহাৰ সময়ত টাৰেম অঞ্চলত এটা আই ই ডি বিস্ফোৰণ সংঘটিত হয় । এই দুৰ্ঘটনাটোত দুগৰাকী জোৱান নিহত হয় । আনহাতে, 4 গৰাকী জোৱান আহত হয় । আহত জোৱানসকলক চিকিৎসাৰ বাবে ৰায়পুৰলৈ লৈ যোৱা হয় । ঘটনাস্থলীত অনুসন্ধান কৰিবলৈ অতিৰিক্ত সেনাৰ দল প্ৰেৰণ কৰা হৈছে । ছহিদ কনিষ্টবল ভাৰত চাহু ৰায়পুৰৰ বাসিন্দা । আনহাতে, ছহিদ কনিষ্টবল চেতৰ সিং নাৰায়ণপুৰৰ বাসিন্দা ।" বস্তাৰৰ আই জি সুন্দৰৰাজ পিয়ে ঘটনা সন্দৰ্ভত কয় ।

উল্লেখ্য যে বাহিনীটোৱে এই তথ্য লাভ কৰিছিল যে বিজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত মাওবাদীয়ে এখন ডাঙৰ বৈঠক অনুষ্ঠিত কৰি আছে । তাত বৃহৎ সংখ্যাত মাওবাদীৰ সমাবেশৰ খবৰ লাভ পিচত বাহিনীটো ঘটনাস্থলীলৈ ৰাওনা হয় । সেনাৰ দলটো টাৰেম অঞ্চলত উপস্থিত হোৱাৰ সময়তে ইতিমধ্যে তাত পুতি থোৱা আই ই ডিটো বিস্ফোৰণ হয় । মাওবাদীক ধৰিবলৈ অঞ্চলটোত এক বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক :ৰঙা সন্ত্ৰাসৰ বিৰুদ্ধে অভিযান; গাডচিৰোলিত আৰক্ষীৰ গুলীত নিহত ১২ মাওবাদী - Maoists Neutralised
লগতে পঢ়ক :লক্ষ্য প্ৰতিশোধ: চাৰি সেনা জোৱানৰ মৃত্যুৰ পিচত ডোডাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান নিৰাপত্তা বাহিনীৰ - Doda Encounter

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.