ETV Bharat / bharat

স্বাতী মালিৱাল গোচৰ; দিল্লী উচ্চ ন্যায়ালয়ত বিভৱ কুমাৰৰ জামিনৰ শুনানি - SWATI MALIWAL ASSAULT CASE

SWATI MALIWAL ASSAULT CASE : দিল্লীৰ মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ত শুনানি আছে । উল্লেখ্য যে ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক শাৰীৰিকভাৱে আক্ৰমণ চলোৱাৰ অভিযোগত বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে, বিভৱ কুমাৰে কৈছে যে তেওঁক অবৈধভাৱে গ্ৰেপ্তাৰ কৰা হৈছে ।

SWATI MALIWAL ASSAULT CASE
দিল্লী উচ্চ ন্যায়ালয়ত বিভৱ কুমাৰৰ জামিনৰ শুনানি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 1:47 PM IST

নেশ্যনেল ডেস্ক, ৩১ মে' : শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক আক্ৰমণ গোচৰৰ অভিযুক্ত বিভৱ কুমাৰক গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বান জনোৱা এখন আবেদনৰ শুনানিৰ কথা আছে । বিভৱ কুমাৰে তেওঁৰ গ্ৰেপ্তাৰক অবৈধ বুলি অভিহিত কৰিছে আৰু ইয়াৰ বাবে ক্ষতিপূৰণ বিচাৰিছে । বিভৱ কুমাৰে কৈছে যে তেওঁক গ্ৰেপ্তাৰ কৰাৰ সময়ত ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ ধাৰা ৪১ এ অনুসৰণ কৰা হোৱা নাছিল । বিভৱ কুমাৰ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে ।

উল্লেখ্য যে, ২৮ মে'ত তিছ হাজাৰী আদালতে বিভৱ কুমাৰক তিনিদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছিল । 27 মে'ত আদালতে বিভৱ কুমাৰৰ জামিন আবেদন নাকচ কৰে । জামিন আবেদনৰ শুনানিৰ সময়ত স্বাতী মালিৱালে আদালতত কৈছিল যে পূৰ্বৰ আদমী পাৰ্টিৰ এজন স্বেচ্ছাসেৱক তথা বৰ্তমানৰ ইউটিউবাৰে এটা একপক্ষীয় ভিডিঅ' প্ৰস্তুত কৰিছিল । তাৰ পিচত তেওঁ নিৰন্তৰ মৃত্যুৰ ভাবুকি পাবলৈ আৰম্ভ কৰা বুলি উল্লেখ কৰে ।

আনহাতে, দিল্লী আৰক্ষীৰ হৈ উপস্থিত থকা অধিবক্তা অতুল শ্ৰীবাস্তৱে কয় যে ভুক্তভোগী মহিলাগৰাকীৰ সামাজিক ছবি অতি ভাল । সেইগৰাকী অকলশৰীয়া মহিলাক অভিযুক্তই মাৰধৰ কৰিছে । তেওঁৰ বুকু আৰু ডিঙিত আঘাত কৰা হৈছিল, তেওঁক চোঁচৰাই নিয়া হৈছিল আৰু তেওঁৰ মূৰটোৱে মজিয়াত থকা টেবুলত খুন্দা মাৰিছিল ।

কথা হ'ল, ইয়াৰ দ্বাৰা তেওঁৰ মৃত্যু হোৱাৰ সম্ভাৱনা নাছিল নেকি ? ইফালে বিভৱৰ হৈ উপস্থিত থকা অধিবক্তা হৰিহৰণে উল্লেখ কৰিছিল যে চি চি টি ভি ৰ ডি ভি আৰ আৰক্ষীয়ে লৈছে । সেয়ে তাত প্ৰমাণৰ সৈতে কোনো ধৰণৰ খেলিমেলি হোৱা নাই ।

উল্লেখ্য যে, বিভৱ কুমাৰক দিল্লী আৰক্ষীয়ে ১৮ মে'ত গ্ৰেপ্তাৰ কৰে । শুনানিৰ সময়ত দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা অধিবক্তা অতুল শ্ৰীবাস্তৱে কৈছিল যে এজাহাৰখনত স্বাতীয়ে নিজেই স্পষ্ট কৰি দিছিল যে, তেওঁ কিয় আৰক্ষীৰ ওচৰলৈ যোৱাত পলম কৰিছিল ।

বিভৱৰ অধিবক্তাই কৈছিল যে চি চি টি ভি ফুটেজত ক'তো স্বাতী মালিৱালক মাৰপিট কৰাটো নিশ্চিত হোৱা নাই । তেওঁ কৈছিল যে যদি আৰক্ষীৰ ওচৰত অভিযোগ দিবলৈও তেওঁৰ তিনি দিন লাগিছে, তেন্তে এয়া স্পষ্ট যে এই সময়চোৱাত স্বাতীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছিল ।

স্বাতী মালিৱালে ১৭ মে'ত আদালতত তেওঁৰ বক্তব্য লিপিবদ্ধ কৰিছিল । ঘটনাটো সংঘটিত হৈছিল ১৩ মে'ত । দিল্লী আৰক্ষীয়ে স্বাতী মালিৱালৰ বিবৃতি লিপিবদ্ধ কৰাৰ পিচত ১৬ মে'ত এখন এজাহাৰ পঞ্জীয়ন কৰিছিল ।

লগতে পঢ়ক : SIT এ উদঘাটন কৰিব স্বাতী মালিৱাল গোচৰৰ প্ৰকৃত সত্য - SWATI MALIWAL ASSAULT CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.